ETV Bharat / state

তেজপুৰত আৰম্ভ ভোটগণনা: শোণিতপুৰ (পূৰ্বৰ তেজপুৰ) সমষ্টিৰ ইতিবৃত্ত - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:20 AM IST

ASSAM LOK SABHA ELECTION RESULTS : শোণিতপুৰত খুলিল ষ্ট্ৰং ৰুমৰ তলা ৷ হেভীৱেট প্ৰাৰ্থী প্ৰেমলাল গঞ্জু নে ৰঞ্জিত দত্ত, কোনো মাৰিব শেষ হাঁহি ?

ASSAM LOK SABHA ELECTION RESULTS
তেজপুৰত আৰম্ভ লোকসভা নিৰ্বাচনৰ ভোটগণনা (Etv Bharat assam)

তেজপুৰ, 4 জুন : আজি তথা 4 জুনত দেশজুৰি লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ কৰা হ’ব ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি পুৱা আঠ বজাৰ পৰা শোণিতপুৰ লোকসভাৰ ভোটগণনা আৰম্ভ হৈছে ৷ ইতিমধ্যে পুৱা 6 বজাৰ পৰা 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ ভোটগণনাৰ বাবে সাজু কৰা হৈছে 620 গৰাকী বিষয়া-কৰ্মচাৰীক ৷

শোণিতপুৰ লোকসভা সমষ্টিৰ দৰং মহাবিদ্যালয়ত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিক ধৰি মুঠ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ আনহাতে বিশ্বনাথত দুটা বিহালী আৰু বিশ্বনাথৰ, গহপুৰত গহপুৰ, লখিমপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভ কৰা হ’ব ৷

তেজপুৰত জিলা নিৰ্বাচনী বিষয়া দেৱকুমাৰ মিশ্ৰ, জেনেৰল অৱজাৰভাৰ এম আৰ ৰবিকুমাৰ, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে ৰাজনৈতিক দলৰ নিৰ্বাচনী এজেন্টৰ উপস্থিতিত ষ্ট্ৰং ৰুমৰ তলা খোলা হয় ৷ উল্লেখ্যে যে, শোণিতপুৰ লোকসভা সমষ্টিত ভোটৰ হাৰ আছিল 78.46% অৰ্থাৎ মুঠ 12 লাখ 81 হাজাৰ 959 জন ভোটাৰে ভোটদান কৰিছে ৷

লগতে পঢ়ক: কাৰ ভাগ্য উদয়ত সহায় কৰিব মঙলে ? ৰাজ্যৰ 52 টা কেন্দ্ৰত নিৰ্ণয় হ’ব 143 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ - LOK SABHA ELECTION RESULTS 2024

ভোটগণনাৰ বাবে তেজপুৰত পাঁচটা বিধানসভা সমষ্টিৰ বাবে পাঁচটা কক্ষত 14 খনকৈ টেবুল, বিশ্বনাথত দুটা কক্ষত 12 খনকৈ টেবুল, গহপুৰ আৰু লখিমপুৰত 14 খনকৈ টেবুলত ভোটগণনা চলিব ৷ উল্লেখ্য যে, পোষ্টেল ভোটাৰ 6,400 আৰু ই টি পি বি এম এছৰ 3,100 ভোটৰ গণনা প্ৰথমতে আৰম্ভ হ’ব ৷ ইয়াৰ বাবে দুটা কক্ষত ক্ৰমে 13 খন টেবুল আৰু 20 খন টেবুলত গণনা আৰম্ভ কৰা হৈছে ৷ ভেটগণনা কেন্দ্ৰত তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ গঢ়ি তোলা হৈছে । সৰ্বমুঠ 19 টা ৰাউণ্ডত ভোটগণনা সমাপ্ত হ’ব বুলি জানিব পৰা গৈছে ৷

শোণিতপুৰ (পূৰ্বৰ তেজপুৰ) সমষ্টিৰ ইতিবৃত্ত -

11 নং শোণিতপুৰ লোকসভা সমষ্টি পূৰ্বতে 9 নং তেজপুৰ লোকসভা সমষ্টি আছিল । 1957 চনত মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছিল সমষ্টিটো ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

সাংসদ তালিকা:

1957 চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল স্বৰ্গীয় বিজয় চন্দ্ৰ ভাগৱতী ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তেওঁ 1957, 1962 আৰু 1967 চনলৈ 3 বাৰকৈ সাংসদ হৈছিল ৷ 1971 চনত কমলা প্ৰসাদ আগৰৱালা কংগ্ৰেছৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় । 1977 চনত ড৹ পূৰ্ণ নাৰায়ণ সিংহ জনতা পাৰ্টীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ।

1984 চনত বিপিন পাল দাস, 1991 চনত স্বৰূপ উপাধ্যায় আৰু 1996 চনত ঈশ্বৰ প্ৰসন্ন হাজৰিকা কংগ্ৰেছৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ পিচত 1998 চনৰ পৰা মণি কুমাৰ চুব্বা একাদিক্ৰমে কংগ্ৰেছৰ পৰা সাংসদ হৈ আছিল । 2009 চনত এই সংসদীয় সমষ্টিত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ পৰা যোচেফ তপ্প সাংসদ হিচাপে নিৰ্বাচিত হয় । 2014 চনত বিজেপি দলৰ পৰা ৰাম প্ৰসাদ শৰ্মা , 2019 ত পুনৰ বিজেপিৰ পৰা পল্লৱ লোচন দাসে সাংসদ হিচাপে নিৰ্বাচিত ৷

লগতে পঢ়ক: কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024

2019 ত কোনে কিমান ভোট লাভ কৰিছিল -

2019 চনৰ নিৰ্বাচনত বিজেপিৰ পল্লৱ লোচন দাসে মুঠ 6,84,166 টা ভোট লাভ কৰি কংগ্ৰেছৰ এম জি ভি কে ভানুক পৰাস্ত কৰিছিল । ভানুয়ে 4,41,325 টা ভোট লাভ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.