মৰাণ, ১৯ ফেব্ৰুৱাৰী : ৰাজ্যত কোনেও যাতে চৰকাৰী আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছিল খোদ মুখ্যমন্ত্ৰীয়ে । লগতে কৈছিল যে আঁচনি ৰূপায়ণৰ ধন আত্মসাৎ কৰা ঠিকাদাৰ বা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
- " class="align-text-top noRightClick twitterSection" data="">
কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশলৈ যেন কোনো গুৰুত্ব নাই একাংশ ঠিকাদাৰৰ । ফলত খোদ কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টিতেই চলিছে ঠিকাদাৰৰ লুণ্ঠনৰাজ । যাৰ বাবে চৰকাৰৰ এক বৃহৎ আঁচনি জল জীৱন মিছন এতিয়া ঠিকাদাৰৰ বাবে হৈ পৰিছে ধন ঘটাৰ অস্ত্ৰ । কোটিটকীয়া এই আঁচনিখনত ঠিকাদাৰৰ কামৰ নমুনা দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে ।
উল্লেখ্য যে ঠিকাদাৰৰ দুৰ্নীতিয়ে চূড়ান্ত সীমা অতিক্ৰম কৰিছে টিংখাঙৰ কোটিটকীয়া জল জীৱন মিছন আঁচনিৰ নিৰ্মাণকাৰ্যত । টিংখাঙৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ নিৰ্মাণ কৰা হৈছে জল জীৱন মিছনৰ এই আঁচনিখন । কিন্তু গুৱাহাটীৰ জে পি ইনফ্ৰা (JP INFRA) নামৰ কোম্পানীটোৰ দ্বাৰা টিংখাঙৰ বাঘমৰা গ্ৰেজিঙত নিৰ্মাণ কৰা এই অভিলাষী আঁচনিখনত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰাত এতিয়া ভাগি পৰিছে পকী খুঁটাসমূহ ।
হাতেৰে লৰাই দিলেই ভাগি পৰে খুঁটাৰ সন্মুখৰ লোহা, বখলা-বখলকৈ এৰি পৰে শিল-বালি । এনেকুৱা নিৰ্মাণকাৰ্য প্ৰত্যক্ষ কৰি এতিয়া হতবাক হৈ পৰিছে স্থানীয় ৰাইজ । ফলত ঠিকাদাৰৰ এনে লুণ্ঠনৰাজৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে এনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিমুক্ত অসমৰ কথা কোৱাৰ সময়তে প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিত এতিয়া দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ধন ঘটাৰ বাবে শেনচকু পৰাত ঠিকাদাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ।