ETV Bharat / state

পৌৰসভাৰ অনুমতি নোলোৱাকৈয়ে ঠিকাদাৰে কৰিছে জল জীৱন আঁচনিৰ কাম - Poor Road Condition in Sarupathar

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 2:27 PM IST

Dilapidated road in Golaghat: সৰুপথাৰ পৌৰসভাই নাজানে কোনটো ৱাৰ্ডত অনুমতি অবিহনেই ঠিকাদাৰে কৰিছে কাম । জল জীৱন আঁচনিৰ কামৰ বাবে ৰাইজৰ দুৰ্ভোগ । বিধ্বস্ত পথৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ।

Dilapidated road in Golaghat
সৰুপথাৰ নগৰৰ ৯ নং ৱাৰ্ডৰ পথ (ETV BHARAT ASSAM)

সৰুপথাৰ, ২৩ জুন : ৰাজ্য়ৰ বিভিন্ন ঠাইত জল জীৱন আঁচনিয়ে ৰাইজক জলাকলা খুৱাই থকাৰ বাতৰি সঘনাই প্ৰচাৰিত হৈ আহিছে । ক’ৰ’বাত যদি পাইপ বহুওৱাৰ পিচতো ৰাইজে পানী পোৱা নাই, আন কোনো ঠাইত আকৌ ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাকৈয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ মাজতেই এইবাৰ গোলাঘাট জিলাৰ সৰুপথাৰ নগৰৰ ৯ নং ৱাৰ্ডত জল জীৱন আঁচনিৰ বাবে কৰি থকা কামেই অতিষ্ঠ কৰিছে জনসাধাৰণক । ঠিকাদাৰে পৌৰসভাৰ অনুমতি নোলোৱাকৈ ৯ নং ৱাৰ্ডৰ উপ-পথত কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

সৰুপথাৰ নগৰৰ ৯ নং ৱাৰ্ডৰ একাংশ বাসিন্দাই এই প্ৰসংগত আভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে ঘৰে ঘৰে পানী পাব বুলি কোৱালৈকে সকলোখিনি ঠিকেই আছিল । পিচে ঠিকাদাৰৰ মইমতালিৰ বাবেহে ৱাৰ্ডটোৰ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে । জনৈক মোস্তাফা নামৰ ঠিকাদাৰজনৰ নেতৃত্বত চলি থকা কামক লৈ ৰাইজৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে ।

এই ৱাৰ্ডটোৰ পথৰ অৱস্থা দেখিলেই অনুমান কৰিব পাৰি ক্ষোভৰ উৎস কি ! পৌৰসভাৰ অনুমতি নোলোৱাকৈ ৯ নং ৱাৰ্ডৰ উপ-পথত কাম কৰিছে ঠিকাদাৰজনে । এই ক্ষেত্ৰত পৌৰসভাকো অৱগত কৰা নাই ।

উল্লেখ্য যে, নাহৰণি গাঁৱৰ ৯ নং ৱাৰ্ডৰ এই পথত পূৰ্বতে এক্সাভেটৰ সোমাব পৰা নাছিল । কিন্তু এই পথটোত ঠিকাদাৰজনে বলপূৰ্বক এক্সাভেটৰ সোমাই পানীৰ পাইপ পোতাত পথটো যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে । ঠায়ে ঠায়ে মৰণফান্দ সদৃশ গাঁতৰ সৃষ্টি হৈছে । ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ কেতিয়া গাঁতত ভৰি সোমাই হাস্পতালৰ মুখ দেখে তাকেই যেন ৰং চাইছে ঠিকাদাৰে । এই মন্তব্য স্থানীয় লোকৰ ৷

সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই উক্ত স্থান পৰিদৰ্শন কৰি জনস্বাস্থ্য বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ত এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনোৱাত বিভাগৰ তৰফৰ পৰা ঠিকাদাৰসহ কৰ্মচাৰীক নিৰ্দেশ দিলে পথটো মেৰামতি কৰিবলৈ । কিন্তু বৰ্তমানলৈকে কাণসাৰ নাই কাৰোৰে । স্থানীয় ৰাইজে ঠিকাদাৰজনক ফোনযোগে অৱগত কৰিছে যদিও ঠিকাদাৰজনেও এই কথাত কোনো গুৰুত্ব দিয়া নাই । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:Poor Road Condition : কামপুৰ-বৈঠালাংছু পথত মৰণফান্দ; ৰাজপথত সৃষ্টি পুখুৰীসদৃশ গাঁত

Pathetic Road Condition : পথ নে পুখুৰী ! স্মাৰ্ট চিটিৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.