ETV Bharat / state

মুখ্যমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে নিশাতেই পথ মেৰামতি : প্ৰশ্ন সোধাৰ বাবে অটোচালকক প্ৰহাৰ ঠিকাদাৰৰ - Assam CM Barak Valley Visit

Assam CM Silchar visit : বৃহস্পতিবাৰে বৰাক উপত্যকালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে মুখ্যমন্ত্ৰীৰ আগমনৰ বাতৰি পাই নিশাতেই পথ মেৰামতিত নামিছে প্ৰশাসন । আনহাতে, ইমান দিনে পথ মেৰামতি নকৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত কিয় পথ মেৰামতি কৰিছে বুলি প্ৰশ্ন কৰাত অটোচালকক প্ৰহাৰ ঠিকাদাৰৰ ।

Assam CM Silchar Visit
প্ৰশ্ন সোধাৰ বাবে অটোচালকক প্ৰহাৰ ঠিকাদাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 3:05 PM IST

শিলচৰ, ২২ আগষ্ট : "ইমান দিনে পথ মেৰামতি নকৰি এতিয়া কিয় মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে ? ইমান দিনে ক'ত আছিল কাছাৰ জিলা প্ৰশাসন ?" ঠিকাদাৰক এই প্ৰশ্ন কৰাৰ অপৰাধতে ৰাজপথত এগৰাকী নিৰীহ অটোচালকক মাৰপিটৰ অভিযোগ উঠিছে ৷

প্ৰশ্ন সোধাৰ বাবে অটোচালকক প্ৰহাৰ ঠিকাদাৰৰ (ETV Bharat Assam)

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা শোচনীয় হৈ আছে শিলচৰ চহৰৰ প্ৰতিটো পথ । শোচনীয় পথৰ বাবে দীৰ্ঘদিনৰ পৰা নৰক যন্ত্ৰণা ভোগ কৰি আহিছে শিলচৰ চহৰবাসীয়ে । শোচনীয় পথসমূহৰ মেৰামতিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে চহৰখনৰ বাসিন্দাসকলে । তথাপিও তাত কোনো গুৰুত্ব দিয়া নাই প্ৰশাসনে ৷

কিন্তু মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ খবৰ পাই এতিয়া হঠাতে চহৰখনৰ ৰাজপথত থকা গাঁত বিচাৰি অভিযান আৰম্ভ কৰিছে কাছাৰ জিলা প্ৰশাসনে । উল্লেখ্য যে বৃহস্পতিবাৰে আবেলি তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত হ'ব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্রীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি বুধবাৰৰ পৰা দিনে-নিশাই ৰাজপথত গাঁত বিচাৰি কাছাৰ জিলা প্ৰশাসনে চলাইছে অভিযান ।

বুধবাৰে ওৰেনিশা শিলচৰ চহৰৰ ৰাজপথত থকা গাঁত এফালৰ পৰা পুতি গৈছে কাছাৰ জিলা প্ৰশাসনে ৷ নিশা প্ৰশাসনৰ এই পথ মেৰামতিৰ কাম চলি থকাৰ সময়ত শিলচৰ কেপিটেল পইণ্টত এগৰাকী নিৰীহ অটোচালকক মাৰপিট কৰে সায়ন ৰয় নামৰ এজন ঠিকাদৰে ৷

"ইমান দিনে প্ৰশাসন ক'ত আছিল । মুখ্যমন্ত্ৰী অহাৰ খবৰ পাই এতিয়া কিয় পথ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে ?" ঠিকাদাৰক এই প্ৰশ্ন কৰাৰ অপৰাধতে চালকজনক ৰাজপথত দলবদ্ধভাৱে আক্ৰমণ কৰে সায়ন ৰয়সহ তেওঁৰ গুণ্ডা বাহিনীয়ে ।

আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা শিলচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অটোচালকজনক উদ্ধাৰ কৰি লৈ যায় । ইপিনে শিলচৰ চহৰৰ যিকেইটা পথেৰে মুখ্যমন্ত্ৰীৰ কনভয় যাব সেই পথসমূহ ওৰেনিশা মেৰামতি কৰে প্ৰশাসনে । কেইবাখনো এক্সকেভেটৰ লগাই ওৰেনিশা চলাই পথ মেৰামতিৰ কাম ।

উল্লেখ্য যে শিলচৰ চহৰৰ একাংশ লোকে এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে । তেওঁলোকে অভিযোগ কৰে যে এই মেৰামতিৰ কাম সাধাৰণ জনগণৰ বাবে নহয়, মুখ্যমন্ত্ৰীৰ বাবেহে । মুখ্যমন্ত্ৰীৰ তিনিদিনীয়া বৰাক ভ্ৰমণৰ বাবেহে এই পথ সংস্কাৰৰ কাম কৰা হৈছে ।

লগতে পঢ়ক :মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত - DECISION OF CABINET MEETING
লগতে পঢ়ক :অসমৰ শিক্ষাৰ্থীক মাধমাৰ শোধোৱা সিদ্ধান্ত পৰিহাৰ কৰক: USTM বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক সকীয়নি আছুৰ - USTM controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.