ETV Bharat / state

মাজুলীয়ালৰ আশাত চেঁচাপানী: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম - Majuli Jorhat connecting bridge

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 5:06 PM IST

Bridge to Majuli: মাজুলীৰ প্ৰায় দুই লক্ষ জনসাধাৰণৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী দলংখন । কিয়নো মাজুলীৰ দক্ষিণপাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল আছিল ফেৰী কেইখন । বহু সময়ত ফেৰী দুৰ্ঘটনাই মানুহক জলা-কলা খুৱাইছিল ৷ যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰণে যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ দাবী কৰি আহিছিল । কিন্তু আধা নিৰ্মাণ হোৱা দলংখনৰ কাম এতিয়া বন্ধ হৈ পৰাত অনিশ্চয়তাত ভুগিছে মাজুলীয়ালে ৷

Majuli Jorhat connecting bridge
যোৰহাট-মাজুলী সংযোগী দলং (ETV Bharat Assam)

মাজুলী, 6 ছেপ্টেম্বৰ: মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল । এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেশ্যনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈৰ্ঘ আছিল ৮ কিলোমিটাৰ । দলংখনৰ মুঠ খুঁটাৰ সংখ্যা আছিল ৭১ টা ৷

ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেশ্যনৰ পৰা এই দলংখন নিৰ্মাণৰ বাবে উপ-ঠিকা লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । কিন্তু এতিয়া অনিশ্চয়তাৰ দিশে মাজুলীৰ দলংখন ৷ অভিযোগ মতে যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে আজিৰ পৰা অনিৰ্দিষ্ট কালিলৈ বন্ধ হৈ পৰিল মাজুলী যোৰহাট সংযোগী দলঙৰ কাম । যাৰ ফলশ্ৰুতিত টালি-টোপোলা বান্ধি ঘৰলৈ উভতিল শতাধিক । ঠিকাদাৰী প্ৰতিষ্ঠানৰ খাম-খেয়ালিত বন্ধ হৈ পৰিছে নিৰ্মাণকাৰ্য । দলং নিৰ্মাণস্থলীত এতিয়া নিমাওমাও পৰিবেশ ।

জানিব পৰা মতে ইউ পি ষ্ট্ৰেট ব্ৰীজ কৰ্পৰেশ্যন আৰু বি আৰ চি কোম্পানীৰ মাজত চলিছে অন্তঃকন্দল । আৰ্থিক বিষয়ক লৈ দুয়োটা কোম্পানীৰ মাজত চলিছে সংঘাত । মুখ্য কাৰ্যবাহী অভিযন্তাই হস্তক্ষেপ কৰি দুয়োটা কোম্পানীৰ মাজত বুজাবুজিৰ বাবে ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছে ।

ইতিমধ্যে, যন্ত্ৰাংশ, জেনেৰেটৰ আৰু নিৰ্মাণৰ সা-সামগ্ৰী লৈ উধাও হৈছে বি আৰ চি কোম্পানী । দুমাহে পাৰিতোষিক নাপাই একাংশ শ্ৰমিক ঘৰমুৱা হোৱাৰ লগতে আন একাংশ শ্ৰমিকৰ মাজত হাহাকাৰ লাগিছে । ৭১ টা খুঁটাৰ বিপৰীতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল ২২ খুঁটাৰ । আনহাতে সম্পূৰ্ণ ধন বিনিয়োগ কৰা বি আৰ চি কোম্পানীয়ে নিজৰ যন্ত্ৰাংশ, বয়-বস্তু আৰু শ্ৰমিক লৈ গৈছে নিৰ্মাণথলীৰ পৰা ।

বি আৰ চি কোম্পানীক চুক্তি অনুসৰি ধন প্ৰদান নকৰিলে ৰাষ্ট্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ কাষ চপাৰ হুংকাৰ দিছে । আনহাতে ইউ পি ষ্ট্ৰেট ব্ৰীজে কোনো কৰ্মচাৰী, অভিযন্তা নিয়োগ নকৰাকৈ মাত্ৰ এজন ব্যক্তিক যোৰহাটত ৰাখি নিজৰ দায়িত্ব সামৰিছে । দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে এতিয়া সপোনৰ দলংখনক লৈ অনিশ্চয়তাত ভুগিছে মাজুলীৰ ৰাইজে ।

দলং নিৰ্মাণৰ কাম বন্ধ হোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে মাজুলীৰ দল-সংগঠনৰ লগতে স্থানীয় লোক । দল-সংগঠনৰ লগতে ৰাইজৰ দাবী নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ হওক এই দলংখনৰ কাম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই ২০২৬ ত এই দলহৰ কাম শেষ হ’ব বুলি কৈছিল, গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী তুলিছে স্থানীয় লোক আৰু দল-সংগঠনে । দলং নিৰ্মাণকাৰী সংস্থাৰ মাজত কি হৈছে সেয়া মাজুলীবাসীৰ সমস্যা নহয় বুলি মন্তব্য দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ । এই ক্ষেত্ৰত তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক: 2026ৰ এপ্ৰিলত যোৰহাট-মাজুলী সংযোগী দলং উদ্বোধনৰ সম্ভাৱনা - Himanta Biswa Sarma in Majuli

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ মাজতে একাংশ লোকৰ মাজত সৃষ্টি আশংকাৰ - Jorhat Majuli connecting bridge

Majuli Jorhat connecting bridge: ৯২৫ কোটি টকাৰে নিৰ্মাণ সম্ভৱ নে মাজুলী যোৰহাট সংযোগী দলঙৰ ?

মাজুলীয়ালৰ সপোনৰ দলংখন বাস্তৱ হ’ব কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.