ETV Bharat / state

যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ: নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ - Majuli Jorhat connecting bridge

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Bridge to Majuli:যোৰহাট-মাজুলী সংযোগী ৮.২৫ কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণকাৰ্য কেতিয়া শেষ হ'ব ? দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে হৈছে মাজুলীবাসীৰ অৱস্থা । অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে পদক্ষেপ ।

Assam CM X ০n Majuli bridge
যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ (ETV Bharat Assam)

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত চলা চৰম সংঘাতৰ পৰিণতিত বিগত ২১ দিনে বন্ধ হৈ আছে বহু প্রত্যাশিত যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্য । ৮.২৫ কিলোমিটাৰ দৈৰ্ঘৰ এই গুৰুত্বপূৰ্ণ দলংখনৰ কাম এনেদৰে হঠাতে বন্ধ হৈ পৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উদ্বিগ্ন হৈ পৰিছে । এই দলংখনৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শুক্ৰবাৰে 'এক্স'ত কয়," আমি জানিব পাৰিছো যে লুইতৰ ওপৰত যোৰহাট-মাজুলী দলঙৰ কাম ৫ ছেপ্টেম্বৰৰ পৰা স্থবিৰ হৈ আছে । বিষয়ৰ গুৰুত্বক অনুভৱ কৰি তথা ইতিমধ্যে নির্ধাৰণ কৰা সম্পূর্ণকৰণৰ সময়সীমা অর্থাৎ ডিচেম্বৰ ২০২৫ৰ লক্ষ্যৰ পৰা যাতে আমি বিচলিত হ’ব লগা নহয়, তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন পত্ৰ প্রেৰণ কৰিছো । এইক্ষেত্রত তাৎক্ষণিক হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছো । '

কি আছে মুখ্যমন্ত্ৰীৰ পত্ৰত:

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্ৰখনত উল্লেখ কৰে যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা নিৰ্মাণকাৰ্য স্থগিত হৈ আছে । এয়া অতি গুৰুতৰ চিন্তাৰ কাৰণ । খৰালি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো পলমৰ ফলত কামৰ দিন আৰু গুৰুত্বপূৰ্ণ সময়ৰ যথেষ্ট ক্ষতি হ'ব পাৰে, যাৰ ফলত যথেষ্ট ব্যয় আৰু সময় অধিক হ'ব পাৰে । ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচন লিমিটেডে স্থান ত্যাগ কৰিছে, যাৰ ফলত কাম বন্ধ হৈ পৰিছে । এইটো অত্যন্ত দুৰ্ভাগ্যজনক, কিয়নো অধিক বিলম্বৰ ফলত এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হোৱাটো বিপদাপন্ন হ'ব, যিটো মাজুলী আৰু সমগ্ৰ অঞ্চলটোৰ সংযোগ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে অত্যাৱশ্যকীয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ বাবে অনুৰোধ কৰি প্ৰয়োজন হ'লে আৰু অধিক পলম নকৰাকৈ প্ৰকল্পটোৰ পুনৰ নিবিদা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আৱেদন কৰে । ২০২৫ চনৰ ডিচেম্বৰৰ লক্ষ্য পূৰণৰ তাৰিখৰ সৈতে আপোচ নকৰাকৈ কাম পুনৰ আৰম্ভ কৰাটো নিশ্চিত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পত্ৰখনৰ জৰিয়তে অনুৰোধ জনায় ।

যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ:

উল্লেখ্য় যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰাই বন্ধ হৈ আছে দলংখনৰ নির্মাণকার্য । যোৰহাট-মাজুলী দলঙৰ ঠিকা লাভ কৰা ইউ পি ষ্টেট ব্রীজ কৰ্প'ৰেচন আৰু প্ৰতিষ্ঠানটোৰ পৰা উপ-ঠিকা লাভ কৰা দুলীয়াজানৰ বদ্ৰী ৰায় এণ্ড কোম্পানীৰ মাজত হোৱা সংঘাতৰ পৰিণতিতে বিগত প্রায় কুৰি দিনে নিৰ্মাণ বন্ধ হৈ আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনত মুকলি কৰা হ'ব বুলি ঘোষণা কৰা দলংখনৰ নিৰ্মাণকাৰ্যৰ প্ৰায় ৩০.৬২ শতাংশ অগ্ৰগতি হোৱাৰ পিছত এনেদৰে হঠাতে দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ পৰা বিষয়টোৱে ইতিমধ্যে যোৰহাট আৰু মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে এই ঠিকা দিয়া হৈছিল ইউ পি ষ্টেট ব্রীজ কৰ্প'ৰেচন নামৰ এটা প্রতিষ্ঠানক । ২০১৬ চনতে আধাৰশিলা স্থাপনৰ পাঁচ বছৰৰ পিছত ২০২১ নৱেম্বৰত প্ৰথমটো খুঁটা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মূল ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কিছুদিনৰ পিছতে ৰহস্যজনকভাৱে দলংখনৰ ঠিকাটো উপ-ঠিকা হিচাপে গতাই দিয়ে দুলীয়াজানৰ বদ্ৰী ৰায় এণ্ড কোম্পানীক।

ইতিমধ্যে দলংখনৰ মুঠ ৭১ টা খুঁটাৰ ২২-২৩ টামান খুঁটাৰ কাম প্ৰায় সম্পূর্ণ হৈছে । ইয়াৰ মাজতে ঠিকাদাৰী প্ৰতিষ্ঠান দুটাৰ মাজত টকা-পইচাৰ লেনদেনক লৈ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰে ।

আনহাতে, এনে পৰিস্থিতিত উপ-ঠিকা লাভ কৰা বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে শ্রমিক-কৰ্মচাৰীসকলক দৰমহা দিব নোৱৰা হয় । ইয়াৰ ফলত শ্রমিক-কৰ্মচাৰীসকলে টালি-টোপোলা লৈ দলঙৰ নিৰ্মাণস্থলী ত্যাগ কৰে । সেয়েহে যোৱা ৫ ছেপ্টেম্বৰৰ পৰাই বন্ধ হৈ আছে যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্য ।

লগতে পঢ়ক:মাজুলীয়ালৰ আশাত চেঁচাপানী: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.