নতুন দিল্লী: ২০২৬ৰ বিধানসভা নিৰ্বাচনত অসমত বিজেপিক প্ৰতিহত কৰিবৰ বাবে পুনৰ বিৰোধীৰ মিত্ৰতাৰ পোষকতা কৰিছে ৰাহুল গান্ধীয়ে । দিল্লীত শুকুৰবাৰে এই কথা সদৰী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ।
শুকুৰবাৰে নতুন দিল্লীত ১০ জনপথত লোকসভাৰ বিৰোধীৰ দলপতি তথা এআইচিচিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ অসমৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে নিজৰ পৰিকল্পনা ৰাহুল গান্ধীক অৱগত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছত অসমত বিৰোধীৰ মিত্ৰতা প্ৰসংগত ভূপেন বৰাই কয়, ‘‘উপ-নিৰ্বাচনৰ পূৰ্বে কৰা ভুল কংগ্ৰেছে আৰু নকৰে ৷’’ এক কথাত অসমত ২০২৬ৰ বাবে মিত্ৰতা শক্তিশালী কৰাৰ সেউজ সংকেত ৰাহুল গান্ধীয়ে দিয়া বুলি উল্লেখ কৰি কয়," মিত্ৰতা সম্পৰ্কত আমি কথা পাতিছো । মই তেওঁক জনাইছো যে অসমত বিজেপি বিৰোধী যিখিনি দল-সংগঠন, ব্যক্তি আছে সকলোকে লগত লৈ চলিব বিচাৰো ৷ তেওঁ সন্মতি দিছে ৷”
ৰাজীৱ ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ ঘড়ী :
ৰাহুল গান্ধীক দিল্লীত সাক্ষাতৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পতনৰ কাউণ্ট ডাউন আৰম্ভ হোৱা বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ক্ষমতাৰ বলত যি অতপালি দেখুৱাই আছে, মই আপোনালোকক কেইদিনমানৰ পিছত দিন গণনা কৰি দিম ৷ ৫০০ দিনকৈ কম দিন আছে ৷ আমি হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছো ।”
উপ-নিৰ্বাচনৰ কৌশলগত ভুল আকৌ নকৰে বুলি অংগীকাৰ কৰি ভূপেন বৰাই কয়, “কৌশলগত কিছু ভুলৰ বাবে আমি উপ-নিৰ্বাচনত আমি পৰাজিত হ’ব লগা হ’ল । ২০২৬ ত আমি কোনো ভুল নকৰো । শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ’ব ৷ শক্তিশালীভাৱে ৰাজনৈতিক সিদ্ধান্ত লোৱা হ’ব । অসমৰ ৰাইজৰ মৌলিক সমস্যাবোৰ-চাহ জনগোষ্ঠীৰ মজুৰিৰ সমস্যাৰ কথা, নিৱনুৱা সমস্যাৰ কথা আদি আমি কম ৷”
হিমন্ত বিশ্বৰ শৰ্মাৰ বিৰুদ্ধে গঠন হ’ব এছআইটি:
কেৱল সেয়ে নহয় ৰাহুল গান্ধীক সাক্ষাৎ কৰি অত্যুৎসাহী ভূপেন বৰাৰ ঘোষণা অসমলৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ আই টি গঠনৰ কথা ঘোষণা কৰিব ৰাহুল গান্ধীয়ে । ভূপেন বৰাই কয়, “দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী-মহৰী কেইজনমানক মাজে মাজে গ্ৰেপ্তাৰ কৰি নিজে যে এখন লুটপাতৰ স্বৰ্গ বনাই আছে, এই লুটপাতৰ বিৰুদ্ধে এখন এছ আই টি বনাই ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মাক ঠিয় কৰোৱা হ’ব । আজি মই ৰাহুল গান্ধীৰ লগত এছ আই টি গঠন কৰা প্ৰসংগতো কথা পাতিছো । ২০২৫ত অসমলৈ ৰাহুল গান্ধী আহিব, আমি আমন্ত্ৰণ জনাইছো । এইবাৰ ৰাহুল গান্ধীয়ে অসমলৈ আহি অসমৰ ৰাইজৰ আগত ঘোষণা কৰিব আমাৰ চৰকাৰ গঠন হোৱাৰ এশ দিনৰ ভিতৰত এছ আই টি গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি দুৰ্নীতি-ভ্ৰষ্টাচাৰ ছিণ্ডিকেট গঠন কৰিছে তাৰ তদন্ত কৰা হ’ব ৷”
আনহাতে, অসমত বিজেপিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰিছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয়, “মিত্ৰতাৰ পক্ষত আৰম্ভণিৰ পৰাই আছো । উপ-নিৰ্বাচনৰ সময়ত হোৱা অসুবিধাৰ সময়ত মই কৈছিলো এয়া সাময়িক । বিজেপি বিৰোধী শক্তি একত্ৰিত কৰাৰ ক্ষেত্ৰত আমি আপোচ কৰিব নোখোজো ৷ আপোনালোকে জানি ভাল পাব যে আজি আমি মিত্ৰতাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ পৰামৰ্শ বিচাৰিছিলো । তেওঁ আগৰে পৰা অসমত বিজেপি বিৰোধী শক্তি সমূহ একত্ৰিত হোৱাটো বিচাৰি আহিছে ৷’’
চুকাফাই মানুহৰ খাদ্যত হাত দিয়া নাছিল :
ৰাজ্যত ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধকৰণক লৈ কঠোৰ সমালোচনা কৰি তেওঁ কয়, ‘‘অসম চ্য়ুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ-দৰ্শন অনুসৰি চলিব ৷ অসম হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে নচলে ৷ অসমৰ সৰ্বকালৰ শক্তিশালী নেতাজন চাওলুং চুকাফাই কেতিয়াও মানুহৰ খাদ্যত হাত দিয়া নাছিল । মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও কোৱা নাই যে আনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰত কেতিয়াবা হাত দিব লাগে ৷ অসম আৰু অসমীয়াই চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথেৰে চলিব ।”