ETV Bharat / state

ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ - Amendment Bill of Sixth Schedule

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:06 PM IST

Congress oppose Amendment Bill of Sixth Schedule : ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়ক সংসদত গৃহীত হ'লে ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস পোৱাৰ আশংকা কংগ্ৰেছৰ । অসমৰ কোনকেইখন জিলাৰ ৰাইজৰ ক্ষতি হ'ব ?

Dima Hasao District Congress
ডিমা হাছাও জিলা কংগ্ৰেছ (ETV BHARAT ASSAM)

হাফলং, ২৯ জুন: ২০২০ চনৰ ৫ মাৰ্চত অনিল শৰ্মা কমিটীয়ে লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে । এইবাৰ প্ৰস্তাৱিত বিধেয়কৰ বিৰোধিতাৰে সৰৱ হৈছে ডিমা হাছাও জিলা কংগ্ৰেছ । শনিবাৰে এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচাই ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস পালে পাহাৰীয়া জিলাখনৰ ৰাইজে নিজৰ অধিকাৰ হেৰুৱাব বুলি মন্তব্য কৰে ।

এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'লে ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস পোৱাৰ উপৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা হ্ৰাস পাব । যাৰ বাবে পাহাৰীয়া জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ অধিকাৰ খৰ্ব হ'ব বুলি মন্তব্য় কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছে । শনিবাৰে হাফলঙত ডিমা হাছাও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰস্তাৱিত ১২৫ সংখ্যক ষষ্ঠ অনুসূচী সংশোধনী বিধেয়কৰ ইছ্যু সন্দৰ্ভত টাউন ৰাজ্য়িক কমিউনিটি হলত কংগ্ৰেছৰ হলত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । ষষ্ঠ অনুসূচী ইছ্যুত পৰামৰ্শমূলক আলোচনাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি হাইজাৰেংবে জেমি, কংগ্ৰেছ নেতা কালীজয় চেংয়ুং, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ।

লগতে পঢ়ক:অসমৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ ৩ টাতে নতুন সাংসদৰ পত্নী-পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ! - Bye Election in Assam

আজিৰ এই বৈঠকৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচাই কয়, ২০২০ চনত লোকসভা আৰু ৰাজ্যসভাত এই বিধেয়ক দাখিল হোৱাৰ পিচতে এতিয়ালৈকে এই সন্দৰ্ভত ইমান আলোচনা হোৱা নাই । কিন্তু কংগ্ৰেছ দলৰ এই বিধেয়ক লৈ আপত্তি আছে । বিৰোধী দল হিচাবে এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত আলোচনা হ'লে বিৰোধী দল হিচাবে কংগ্ৰেছে আপত্তি কৰিব । "কাইলৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কংগ্ৰেছ নেতৃত্বৰ মাজত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰি নিৰ্মল লাংথাচাই কয়,"এই বিধেয়ককলৈ ক্ষমতাত থকা বিজেপি আৰু বিৰোধী দলৰ মাজতে ৰাজনীতি হোৱা উচিত নহয় । ভাৰতীয় সংবিধানৰ প্ৰস্তাৱিত ১২৫ সংখ্যক ষষ্ঠ অনুসূচী সংশোধনী বিধেয়কখন গৃহীত হ'লে ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস হ'ব আৰু পাহাৰীয়া জিলাখনৰ ৰাইজে নিজৰ অধিকাৰ হেৰুৱাব ।"

তেওঁ কয়," ষষ্ঠ অনুসূচীৰ ক্ষমতা কোনো অৱস্থাতে হ্ৰাস নহৈ যেনে আছে তেনে ধৰণে থাকিব লাগে ।" নিৰ্মল লাংথচাই কয় যে এই পাহাৰীয়া জিলাৰ উন্নয়ন অবশ্যেই হ'ব লাগে, কিন্তু ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰি নহয় । কংগ্ৰেছ দলে ইয়াৰ সৈতে কোনো ধৰণৰ আপোচ নকৰে বুলি তেওঁ মন্তব্য কৰি ষষ্ঠ অনুসূচী সুৰক্ষিত ৰখাৰ বাবে কংগ্ৰেছ সদায় ৰাইজৰ লগতে থাকিব বুলি কয় ।

লগতে পঢ়ক:লোসসভা নিৰ্বাচনত 400 পাৰ নোহোৱাত কামাখ্যাত সাধু-সন্তৰ ওপৰত প্ৰতিশোধ লৈছে বিজেপিয়ে: ভূপেন বৰা - Bhupen Borah slams BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.