ETV Bharat / state

নাৰী নিৰ্যাতন ৰোধত চৰকাৰ ব্যৰ্থতাকলৈ বিধানসভা চৌহদত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 12:01 PM IST

Assam Legislative Assembly: নাৰী নিৰ্যাতনক লৈ উত্তাল অসম বিধানসভাৰ চৌহদ ৷ নাৰী নিৰ্যাতনৰ ঘটনা ৰোধত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ কৰি হাতে হাতে প্লেকাৰ্ড লৈ বিধানসভা চৌহদত সমদল কংগ্ৰেছ বিধায়কৰ ৷

Assam Legislative Assembly
বিধানসভা চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৭ আগষ্ট: ৰাজ্যখনত নাৰী নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পোৱা আৰু চৰকাৰখনৰ ব্যৰ্থতাকলৈ আজি উত্তাল হৈ পৰে বিধানসভা চৌহদ । অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা কংগ্ৰেছ দলে বিধানসভা চৌহদত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ নাৰী নিৰ্যাতনৰ প্ৰসংগত বিধানসভা চৌহদত সমদল কৰি প্ৰতিবাদ কৰে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

কংগ্ৰেছৰ বিধায়কসকলে মুছলমানসকলৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰো দাবী উত্থাপন কৰে । লগতে নিৰীহ নাগৰিকক হাৰাশান্তিৰ পৰা ৰক্ষা কৰাৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে আইন-শৃংখলা ৰক্ষা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বিধানসভা চৌহদ উত্তাল কৰি তোলে ।

সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । আমাৰ দাবী নাৰীক সুৰক্ষা দিয়ক চৰকাৰে । ৰাজ্যত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব বিচাৰিছে । আনহাতে বাল্যবিবাহৰ ক্ষেত্ৰতো এটা বিশেষ শ্ৰেণীক টাৰ্গেট কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ ধৰ্ম পালন কৰক । চৰকাৰে সকলো নাগৰিকক সমমৰ্যদা দিয়া উচিত ।"

শইকীয়াই লগতে কয়, "যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে তথ্য দিছে, ইয়াৰ পূৰ্বৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দিনত অধিক হত্যা-ধৰ্ষণ আদি হৈছে ৷ কিন্তু আমি এই তথ্য চালি জাৰি চাই দেখিছো কংগ্ৰেছৰ দিনত যিমান ঘটনা হৈছে, বিজেপি চৰকাৰৰ দিনত তাতকৈও অধিক ঘটনা, প্ৰতিবছৰে ৫০০ কৈ অধিক ধৰ্ষণৰ কাণ্ড হৈছে ৷ অৰ্থাৎ ২০১৬ চনত বিজেপি চৰকাৰ অহাৰ পাছত প্ৰতিবছৰে ২০০০ টাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৷ এনেদৰে চালে প্ৰতিদিনে ৪-৫ টাকৈ ধৰ্ষণৰ ঘটনা অসমত হৈছে ৷ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷"

লগতে পঢ়ক: প্ৰসংগ নাৰী নিৰ্যাতন : মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.