ETV Bharat / state

ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা : কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 6:22 PM IST

Congress leaders on Dhing rape case : ধিংকাণ্ডই জোকাৰিছে ৰাজ্য ৷ এই কাণ্ডক লৈ সৰ্বত্রে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ধিঙৰ জঘন্য কাণ্ডক লৈ সকলোৱে একেমুখে দিছে ধিক্কাৰ আৰু গৰিহণা ৷ কংগ্ৰেছৰ নেতায়ো ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷

Congress leaders reacts over Dhing minor girl rape case
ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা: কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া (ETV Bharat)

গুৱাহাটী, ২৩ আগষ্ট : ভাষাৰে প্ৰকাশ কৰিব নোৱৰা এটা জঘন্য-বৰ্বৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । নগাঁৱৰ ধিঙত সংঘটিত জঘন্যকাণ্ডই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সকলোৱে এই ঘটনাক একমুখে ধিক্কাৰ দিছে আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ।

ইফালে নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাটোক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে ধিং । বৰ্তমান নগাঁও মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা ছাত্ৰীগৰাকী ।

উল্লেখ্য যে, টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল নাবালিকাগৰাকী । নিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকাগৰাকী । ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ।

লগতে পঢ়ক : ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

  • অপৰাধীৰ কোনো জাত আৰু ধৰ্ম নাই : সাংসদ প্ৰদ্যুৎ বৰদলৈ

ধিঙৰ বৰ্বৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সামাজিক মাধ্যমযোগে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘অপৰাধীৰ কোনো জাত আৰু ধৰ্ম নাই । কলিকতাৰ সেই যুৱতী ডাক্তৰগৰাকীৰ ক্ষেত্ৰতেই হওক অথবা মোৰ লোকসভা সমষ্টিৰ ধিঙৰ এগৰাকী স্কুলীয়া নাবালিকাৰ ক্ষেত্ৰতেই হওক, এনে দুষ্কাৰ্য কোনো ক্ষেত্ৰতে কোনো সমাজৰ বাবেই কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । কেৱল ভৰ্ৎসনাই নহয়, দোষী অপৰাধীক অবিলম্বে কৰায়ত্ত কৰি কঠোৰতম শাস্তি দিবলৈ মই দাবী জনাইছো ।’’

লগতে পঢ়ক : ধিঙৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য : ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ - Gang rape in Dhing

  • সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া :

ধিঙৰ জঘন্য ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়ে । নিজৰ প্ৰতিক্ৰিয়াত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘এইবাৰ ধিঙত নাবালিকাৰ ওপৰত আন এক দানৱীয় আক্ৰমণৰ ঘটনা সংঘটিত হ'ল । মই আশা কৰো ন্যায়ৰ বাবে অপৰাধীক উলিয়াই অনাৰ বাবে আৰক্ষী আৰু স্থানীয় লোক একেলগে কাম কৰিব । এটা বিস্তৃত গোচৰ প্ৰস্তুত হ'ব লাগিব । কৰ্তব্যত কোনো ধৰণৰ গাফিলতি ৰখা উচিত নহয় । মই দুখ-বেদনাৰ এই সময়ত নাবালিকাগৰাকীৰ পিতৃ-মাতৃৰ সৈতে আছো ।’’

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

  • খৰতকীয়া দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী ভূপেন বৰাৰ :

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা ধিংকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সামাজিক মাধ্যমযোগে ভূপেন বৰাই কয়, ‘‘ধিঙত সংঘটিত ধৰ্ষণৰ দৰে শিহৰণকাৰী জঘন্য ঘটনাৰ লগত জড়িত অপৰাধী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে সেয়া অসম পুলিচে দায়িত্ব ল'ব লাগিব আৰু ৰাইজেও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । এনে ঘটনা যাতে পুনৰাবৃত্তি কৰিবলৈ কোনেও সাহস কৰিব নোৱাৰে তাৰ বাবে খৰতকীয়া দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো বিচাৰো । ছাত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে এই সংকটকালীন সময়ছোৱাত পৰিয়ালবৰ্গৰ ধৈৰ্য আৰু সাহস বৃদ্ধি পাওক এয়ে কামনা কৰিছো ।’’

লগতে পঢ়ক : নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.