ETV Bharat / state

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ: কাজিৰঙাত ৰ'জলীনা তিৰ্কীৰ মূল ইছ্যু

Roselina Tirky Reached Golaghat : কংগ্ৰেছ দলৰ পৰা কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰি সোমবাৰে নিশা গোলাঘাটৰ বাসগৃহত উপস্থিত হয় ৰ'জলীনা তিৰ্কী । লগতে তেওঁ আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কাজিৰঙাত ৰ'জলীনা তিৰ্কীৰ মূল ইছ্যু কি হ'ব

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 3:08 PM IST

গোলাঘাটত ৰ'জলীনা তিৰ্কীৰ সংবাদমেল

গোলাঘাট, ১৩ মাৰ্চ : ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ লগতে সৰ্বসাধাৰণ জনতাৰ বাক স্বাধীনতা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে খৰ্ব কৰিছে । এই সকলো বিষয়ক মূল ইছ্যু হিচাপে লৈ প্ৰচাৰ অভিযানত আগবাঢ়িব কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে ।

উল্লেখ্য যে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ নেত্ৰীগৰাকীক । আনহাতে, প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে গোলাঘাটৰ বাসগৃহত সোমবাৰে নিশা উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী । তাতেই তেওঁ সাংবাদিকৰ আগত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰস্তুতি সন্দৰ্ভত বক্তব্য ৰাখে ।

তেওঁ কয়, বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা ভাৰতীয় সংবিধানত উল্লেখ থকা সকলো ধৰ্মৰ লোকক সমমৰ্যাদা দিয়া এই সংবিধান ৰক্ষা কৰিবলৈ তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । আনহাতে, পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টি আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰু বিৰোধী দলৰ এজনো জনপ্ৰতিনিধি নথকা এই সমষ্টিত কেনেকৈ আগবাঢ়িব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে বহু কাম কৰিছে ।

বৰ্তমান কেন্দ্ৰত বিজেপি চৰকাৰ আছে যদিও এই চৰকাৰখনে যেনেদৰে কাম-কাজ কৰিব লাগিছিল, ঠিক তেনেদৰে কাম-কাজ কৰা আমাৰ চকুত পৰা নাই । আনকি ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাতো ব্যৰ্থ হোৱা বুলি তেওঁ কয় । ইয়াৰ উপৰি অসমৰ ৰাইজক কেৱল প্ৰতাৰণা কৰি আহিছে বুলি তেওঁৰ মন্তব্য । লগতে গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত যেনেধৰণে অসম আৰু ভাৰতবৰ্ষৰ বাবে মাত মাতি আহিছে, তেনেদৰে কিন্তু বিজেপিৰ সাংসদসকলে কোনোধৰণৰ মাত মতা নাই বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমক যি মৰ্যাদা দিয়াৰ কথা চিন্তা-চৰ্চা কৰিছিল, সেয়া বিজেপি চৰকাৰে কাঢ়ি নিয়া বুলি তেওঁ অভিযোগ কৰে । নিৰ্বাচনত প্ৰত্যাহ্বান থাকিব আৰু কংগ্ৰেছ দলৰ এক ইতিহাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সৰ্বসাধাৰণ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈছে । কাৰণ জাতি-জনগোষ্ঠীৰ লোকৰ মাজত ভাগ ভাগ কৰাৰ লগতে জনজাতিকৰণ, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণা কৰি আহিছে ।

লগতে পঢ়ক :প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.