গুৱাহাটী : "ইছলাম ধৰ্মৰ ক'তো এনেকুৱা কথা নাই যে কোনো মুছলমান ব্যক্তিয়ে গো-মাংস বা অন্য মাংস খাবই লাগিব । ইছলাম ধৰ্মত কিছুমান খাদ্য হালাল কৰিছে আৰু কিছুমান খাদ্য হাৰাম কৰিছে । গাহৰি মুছলমানৰ কাৰণে হাৰাম আৰু হালাল কৰা মাংসৰ ভিতৰত গো-মাংস অন্যতম । আৰবকে ধৰি বহু দেশৰ মুছলমানে সাধাৰণতে গো-মাংস নাখায় । ভাৰতত পৰ্যাপ্ত পৰিমাণে পোৱা যায় বাবে ভাৰতৰ বেছিভাগ মুছলমানে গো-মাংস ভোজন কৰে ।" এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ ।
ৰাজ্যিক কেবিনেটে ৰাজ্যত গো-মাংস নিষিদ্ধ কৰাক লৈ গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৃহস্পতিবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আব্দুল খালেকে ।
মুছলমানে হালাল মাংস খায়
গুৱাহাটীৰ নিজা বাসভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, "বাবৰে নিজৰ পুত্র হুমায়ুনক উপদেশ দিছিল যে হিন্দু প্ৰজাৰ সন্তুষ্টিৰ কাৰণে গো-মাংস নাখালে ভাল । সেইদৰে ঔৰংজেৱেও বহুক্ষেত্রত হিন্দু বসতিপূৰ্ণ এলেকাত গো-মাংস খোৱাটো পচন্দ কৰা নাছিল । ভূপালত স্বাধীনতাৰ আগৰে পৰা তাৰ নবাবসকলে গো-মাংস নিষিদ্ধ কৰি থৈছে । কিন্তু বিজেপিয়ে এই ৰাজনীতি কৰে । এনেকুৱা নহয় যে গো-মাংস একেবাৰে নিষিদ্ধ হৈ গ'লে বিজেপিৰ ৰাজনীতি শেষ হৈ যাব । হয়, মুছলমানে হালাল মাংস খায় । কিন্তু মুছলমানে কেতিয়াও নকয় যে সকলোৱে হালাল মাংস খাব লাগিব । কোনে কি খাব বা নাখাব তাৰ বাবে প্ৰত্যেক মানুহৰে স্বাধীনতা থাকে । কিন্তু বিজেপিয়ে ইয়াক লৈ ৰাজনীতি কৰে । বিজেপিয়ে কেতিয়াবা হিজাবক লৈ ৰাজনীতি কৰে।"
মুখ্যমন্ত্রীয়ে উলংঘা কৰিছে আইন
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰচলিত আইন নামানে বুলি উল্লেখ কৰি তেওঁ কয়, "কেবিনেটত সিদ্ধান্ত লৈ মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ লগে লগে কেনেকৈ আইনত পৰিণত হয় । কেবিনেটৰ সিদ্ধান্ত কেনেকৈ লগে লগে কাৰ্যকৰী হয় । মুখ্যমন্ত্রীয়ে কৈছে যে হোটেল-ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত কোনেও গো-মাংস খাব নোৱাৰিব আৰু সিদিনাৰ পৰাই কাৰ্যকৰী হ'ব । ইয়াৰ বাবে বিধানসভাত আইন আনিব লাগিব আৰু আইন গৃহীত হ'ব লাগিব ।
আনহাতে, অ'ৰ্ডিনেন্সো অনা নাই । অ'ৰ্ডিনেন্স আনিলে হ'ব পাৰে । অ'ডিনেন্স আনিলেহে কাৰ্যকৰী কৰিব পাৰিব । মুখ্যমন্ত্রীয়ে স্বেচ্ছাচাৰিতা ত্যাগ কৰক । তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে । আনহাতে, নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে । সংবিধানে আমাক অধিকাৰ দিছে আমি কি খাম, কি পিন্ধিম । কোনো চৰকাৰে আমাক এইক্ষেত্রত শ্ৰুতলিপি দিব নোৱাৰে । ইয়াৰ আমি বিৰোধিতা কৰো । চৰকাৰে সংবিধান প্ৰদত্ত নাগৰিকৰ অধিকাৰ উলংঘা কৰিছে । যাৰ বাবে মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ ।"
মুখ্যমন্ত্রীয়ে সাহায্য দিয়াৰ ব্যৱস্থা কৰিব নেকি
তেওঁ লগতে কয়, "হোটেল-ৰেষ্টুৰেণ্টত গো-মাংস যি মূল্যত পোৱা যায় সেই মূল্যত অন্য মাংস পোৱা নাযায় । তাৰ কাৰণে মুখ্যমন্ত্রীয়ে ৰাজসাহায্য দিব নেকি । তথাপিও মই সমৰ্থন কৰিলোঁহেঁতেন যদি গো-মাংস নিষিদ্ধ কৰিলে আলু-পিঁয়াজ, গেছৰ চিলিণ্ডাৰ আদিৰ দাম কমিব । মুখ্যমন্ত্রীয়ে ধৰ্মীয় অনুষ্ঠান, সভা-সমিতি আদি যিকোনো অনুষ্ঠানত গো-মাংস নিষিদ্ধ কৰাৰ কথা কৈছে । মুখ্যমন্ত্রীক মোৰ প্ৰশ্ন যে ওম্ফা পূজাত বিভিন্ন জন্তুৰ লগতে গৰু বলি দিয়া হয় । তেন্তে ওম্ফা পূজাতো গো-মাংস নিষিদ্ধ হ'ব নেকি । চাওলুং চুকাফাৰ দিনৰ পৰা চলি অহা পৰম্পৰাগত ওম্ফা পূজাৰ প্ৰসাদত ব্যৱহাৰ হোৱা গো-মাংস নিষিদ্ধ হ'ব নে নাই সেই কথা মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিব লাগে ।"
আব্দুল খালেকে লগতে কয়, "মুছলমানৰ ধৰ্মীয় সভাৰ বেছিভাগতে গো-মাংস ব্যৱহাৰ হয় । কাৰণ গো-মাংসৰ দাম কম । তেনেস্থলত এই আয়োজকসকল সমস্যাত পৰিব । মুখ্যমন্ত্রীয়ে সাহায্য দিয়াৰ ব্যৱস্থা কৰিব নেকি । ২০২১ চনত ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গো-মাংস নিষিদ্ধ কৰাত গো-মাংসৰ দাম বৃদ্ধি হৈছে । একাংশ দুষ্ট আৰক্ষীৰ লোকে গৰু কটাসকলৰ পৰা সপ্তাহ সংগ্ৰহ কৰি আহিছে । তাতো এটা ছিণ্ডিকেট গঢ় লৈ উঠিছে । গৰুৰ ছিণ্ডিকেট এতিয়াও চলি আছে । গো-মাংস ৰপ্তানি কৰা কোম্পানীসমূহৰ বেছিসংখ্যক বোৰ্ড অব ডাইৰেক্টৰ্ছত হিন্দু সদস্য আছে । সেই ৰপ্তানি বন্ধ হ'ব নেকি । গৰু ছিণ্ডিকেটৰ পৰা একাংশ দুষ্ট আৰক্ষী বিষয়াই সংগ্ৰহ কৰা ধনৰ অংশ চৰকাৰৰ শিতানলৈ গৈ আছে ।"