ETV Bharat / state

বিজেপিত যোগদান কৰা সংখ্যালঘুসকল দুই নম্বৰী: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Elections

Lok Sabha Elections: প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতেই ৰূপহীহাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ । বিজেপিত যোগদান কৰা সংখ্যালঘু সকলক দুই নম্বৰী আখ্যা প্ৰদ্যুৎ বৰদলৈৰ । সুৰেশ বৰাকো কটাক্ষ প্ৰদ্যুৎ বৰদলৈৰ ।

Lok Sabha Elections
বিজেপিত যোগদান কৰা সংখ্যালঘুসকল দুই নম্বৰী: প্ৰদ্যুৎ বৰদলৈ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:30 PM IST

বিজেপিত যোগদান কৰা সংখ্যালঘুসকল দুই নম্বৰী: প্ৰদ্যুৎ বৰদলৈ

নগাঁও, 22 মাৰ্চ : ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম বতাহ ৷ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ প্ৰায় দহ বাৰ দিনৰ পিচত ৰূপহীহাট বিধানসভা সমষ্টিত উপস্থিত হয় প্ৰদ্যুৎ বৰদলৈ। শুকুবাৰে বিয়লি সংখ্যালঘু অধ্যুষিত ৰূপহীহাট সমষ্টিত স্থানীয় বিধায়ক নুৰুল হুদাক লগত লৈ স্থানীয় ৰাইজক সাক্ষাৎ কৰে সাংসদ তথা প্ৰাৰ্থীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰূপহীহাটত উপস্থিত হৈ দলীয় কৰ্মীক সাক্ষাৎ কৰাৰ পিচত সন্ধিয়া সংবাদ মাধ্যমক সম্বোধন কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । সংবাদ মাধ্যমৰ সন্মুখত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

বৰদলৈয়ে কয় যে, বদৰুদ্দিন আজমলে সন্ত্ৰসবাদী সংগঠনৰ ধনেৰে এ আই ইউ ডি এফ দল চলাই আছে ৷ কিন্তু তাৰ পিচতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বিৰুদ্ধে আজি পৰ্যন্ত কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে বৰদলৈয়ে।

বিজেপিক ৱাশ্বিং মেচিনৰ সৈতে তুলনা কৰি সংখ্যালঘু লোকৰ বিজেপি যোগদান সন্দৰ্ভতো বিতৰ্কিত মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদান কৰা সংখ্যালঘু সকলক দুই নম্বৰী আখ্যা দিয়ে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । কেৱল এয়াই নহয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে বিধায়ক হিচাপে নিৰ্বাচিত হৈ এতিয়া বিজেপি দলক সমৰ্থন কৰা বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত হৈ বিজেপিক সমৰ্থন কৰা বিধায়কক নিলাজ বুলি ককৰ্থনা কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

ইপিনে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰাকো কটাক্ষ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । সুৰেশ বৰাৰ হাতত এতিয়াও তেজৰ চেঁকুৰা লাগি থকা বুলি মানুহৰ মুখত চর্চা হোৱা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

লগতে পঢ়ক: বাজপেয়ী ভৱনত কংগ্ৰেছ-আপৰ অৰ্ধশতাধিক নেতাই একেলগে যোগ দিলে বিজেপিত - Assam BJP Joining program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.