ETV Bharat / state

চাহ শ্ৰমিকৰ সমস্যা বলিষ্ঠভাবে সদনত উত্থাপন কৰাৰ অংগীকাৰ গৌৰৱ গগৈৰ - Lok Sabha Elections - LOK SABHA ELECTIONS

Lok Sabha Elections 2024: যোৰহাটত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷ চাহ বাগিচাৰ শ্ৰমিকৰ লগত ঝুমুইৰ নাচি মচগুল গৌৰৱ গগৈ । শ্ৰমিক নেতা বিদ্যা তাছাৰ সৈতে পিতৃৰ ফটো দেখি আৱেগিক পুত্ৰ গৌৰৱ গগৈ ৷

Lok Sabha Elections 2024
যোৰহাটত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 8:20 PM IST

যোৰহাটত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ

যোৰহাট, ২৫ মাৰ্চ: যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ চুকে-কোনে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱ গগৈয়ে ৷ আজি জিলাখনৰ হাবিচুক, ৰাইডাং কমাৰ গাঁও, চিনামৰা মুৰমুৰীয়া আদিৰ লগতে বিভিন্ন প্ৰান্তত ৰাইজৰ লগত আলোচনাত মিলিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকৰ সমস্যাৰ বুজ লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে মুৰমুৰীয়া চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰিয়েই গৌৰৱ গগৈয়ে চাহ শ্ৰমিকৰ সৈতে ঝুমুইৰ নাচে । ইয়াৰ পিচত গৌৰৱ গগৈয়ে চাহ শ্ৰমিকৰ ৰাইজ ঘৰত প্ৰৱেশ কৰি তেওঁলোকৰ পৰিয়াল মুৰব্বী লগতে অন্যান্য সদস্যসকলৰ সৈতে আলাপ আলোচনা কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷ চাহ শ্ৰমিক ৰাইজৰ সমস্যাৰ বুজ লৈ গৌৰৱ গগৈয়ে কয় যে, আজিৰ তাৰিখত বিভিন্ন সমস্যাত জুৰুলা চাহ শ্ৰমিক ৰাইজ । বিশেষকৈ খোৱাপানী, স্বাস্থ্যসেৱা আদি মূল সমস্যা হিচাপে লৈ মুখ্যত বলিষ্ঠভাবে সদনত উপস্থাপন কৰা হ’ব ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ পদত্যাগ সন্দৰ্ভত বিৰোধী ঐক্যৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দলৰ শীৰ্ষ নেতৃত্বক তেওঁৰ সৈতে আলাপ আলোচনা কৰি তেওঁক বুজাই-বঢ়াই পুনৰ দললৈ আনিবলৈ আহ্বান জনায় । আনহাতে আজি চাহ শ্ৰমিকৰ সমস্যা বুজ ল’বলৈ যাওতে প্ৰয়াত বিদ্যা তাছাৰ পৰিয়ালত সযতনে ৰাখি থোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে এখন আলোকচিত্ৰ দেখি আৱেগিক হৈ পৰে পুত্ৰ গৌৰৱ গগৈ ।

ইফালে ৰাইদঙীয়াত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এগৰাকী আইতাৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ জানিব পৰা মতে গৌৰৱ গগৈক এবাৰ স্বচ্ছক্ষে চোৱাৰ বহুদিনৰ ইচ্ছা আছিল আইতাগৰাকীৰ ।

লগতে পঢ়ক: এতিয়া কংগ্ৰেছ 'এ' আৰু কংগ্ৰেছ 'বি' চলি আছে : গৌৰৱ গগৈ - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.