গুৱাহাটী, 21 মাৰ্চ : অসম কংগ্ৰেছে বৃহস্পতিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই পত্ৰখনত উল্লেখ কৰিছে যে 2024 চনৰ 18 মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি দাবী কৰিছিল যে তেওঁ ইচ্ছা কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিব ।
![অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-03-2024/21042295_ghy.jpg)
ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কয় যে, "মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰিছিল যে নিৰ্বাচনত জয়ী হ’লেও কংগ্ৰেছৰ সকলো প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিব আৰু সেয়েহে কংগ্ৰেছৰ পক্ষত ভোটদান কৰাৰ কোনো অৰ্থ নাই । অসমৰ মুখ্যমন্ত্ৰীৰ উক্ত বিবৃতিয়ে ব্যাপক প্ৰচাৰ লাভ কৰিছে আৰু ই সাধাৰণতে ভোটাৰসকলৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰিছে । আমাৰ মতে এইটো আদৰ্শ আচৰণ বিধিৰ উলংঘন । বৰাই পত্ৰখনত যোগ কৰি কয়- শৰ্মাই এনে অপমানজনকভাৱে মিছা বিবৃতি দি আছে, যিবোৰ কোনো প্ৰমাণৰ দ্বাৰা সমৰ্থিত নহয় ।"
তেওঁ ভোটাৰৰ পছন্দক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে, যিটো আদৰ্শ আচৰণ বিধি অনুসৰি নহয় । ইয়াৰ উপৰিও, এই বিবৃতিবোৰ দি, তেওঁ কংগ্ৰেছ প্ৰাৰ্থীসকলক প্ৰলোভিত কৰাৰো চেষ্টা কৰিছে, যি মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সৈতে সামঞ্জস্যপূর্ণ নহয় । পত্ৰখনত ভূপেন বৰাই আৰু কয়, "মুখ্যমন্ত্ৰীৰ এই মন্তব্যই আচৰণ বিধি উলংঘন কৰা যেন লাগিছে । আমি আয়োগক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো । আমি আশা কৰোঁ যে ভাৰতৰ নিৰ্বাচন আয়োগে নিজৰ নিৰপেক্ষতা বজাই ৰাখি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ।"
- " class="align-text-top noRightClick twitterSection" data="">
লগতে পঢ়ক : বিৰোধীৰ মহাভিযোগৰ উচিত উত্তৰ ভোটাৰ ৰাইজে দিব: ৰঞ্জিত দত্ত - Lok Sabha Election Assam