ETV Bharat / state

শিশুৰ বাবে উপযোগী ভীমশক্তিক লৈ বিভ্ৰান্তি - Bhim Shakti powder controversy

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:06 PM IST

Bhim Shakti powder controversy: বজাৰত উপলব্ধ কোনটো ভীমশক্তি আচল আৰু কোনটো নকল ? শোণিতপুৰত এই বিষয়ক লৈ বিভ্ৰান্তি আৰম্ভ হৈছে । পপুলাৰ ভীমশক্তি আৰু স্বস্তিক ভীমশক্তি নামৰ দুটা কোম্পানীৰ মাজত ইয়াক লৈ সংঘাত আৰম্ভ হৈছে । আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে ।

Bhim Shakti powder controversy
শিশুৰ বাবে উপযোগী ভীমশক্তিক লৈ বিভ্ৰান্তি (ETV Bharat)

তেজপুৰ,২৪ জুন : প্ৰটিনযুক্ত ভীমশক্তিৰ নামত নকল ! শিশুৰ বাবে উপযোগী খাদ্য হিচাপে বিবেচিত এই শক্তিদায়ক খাদ্যৰ ভেজালৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ভীমকলৰ পৰা প্ৰস্তুত কৰা শক্তিদায়ক খাদ্য সামগ্ৰী ভীমশক্তিৰ ভুৱা আৰু প্ৰকৃতক লৈ সংঘাত আৰম্ভ হৈছে । মহাভৈৰৱ আৰক্ষী চকী পাইছে এই সংঘাতে ।

দীৰ্ঘসময় ধৰি বজাৰত প্ৰচলিত ভীমশক্তিৰ একে নামেৰে তেজপুৰ পৰোৱাত ভীমশক্তি প্ৰটিন পাউদাৰ বিক্ৰীৰ অভিযোগত সত্যভূষণ দে' নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে । মাজুলীৰ পপুলাৰ ভীমশক্তি কোম্পানীৰ আধাৰত তেজপুৰত এই ব্যৱসায়ীজনে একে নামেৰে অৰ্থাৎ স্বস্তিক ভীমশক্তি নাম দি হাৰিয়ানাত প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবিধ বজাৰত মুকলি কৰি দিছিল ।

কিন্তু গ্ৰাহকৰ অভিযোগৰ ভিত্তিত মাজুলীৰ এই ঘৰুৱাকৈ নিৰ্মাণ কৰা পপুলাৰ ভীমশক্তি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰদীপ বৰাই তেজপুৰ সদৰ আৰক্ষীত এক গোচৰ ৰুজু কৰে । তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু দে' উপাধিৰ লোকজনক আটক কৰে । ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা স্বস্তিক ভীমশক্তি পাউদাৰ আৰু অন্যান্য সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে ।

উল্লেখ্য যে মাজুলীৰ পপুলাৰ ভীমশক্তি থলুৱাভাৱে ভীমকলৰ পৰা প্ৰস্তুত কৰা হয় আৰু ভীমকলৰ ফটো এই পাউদাৰৰ কণ্টেইনাৰত লগোৱা আছে । একেদৰেই তেজপুৰৰ ভীমশক্তি খাদ্য সামগ্ৰীৰ কণ্টেইনাৰটোত স্বস্তিক নামটো ব্যৱহাৰ কৰা হৈছে আৰু একেধৰণৰ ভীমকলৰ ফটো লগোৱা আছে । স্বস্তিক ভীমশক্তিৰ ব্যৱসায়ী সত্যভূষণ দে'ই কয় যে তেওঁলোকে প্ৰস্তুত কৰা এই ভীমশক্তি পাউদাৰ ভীমকলৰ পৰা প্ৰস্তুত কৰা নহয় বৰঞ্চ অন্যান্য প্ৰটিন সামগ্ৰীৰে তৈয়াৰ কৰা হয় ।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল কোম্পানীটোৱে কণ্টেইনাৰত ভীমকলৰ ফটো স্পষ্টভাৱে ব্যৱহাৰ কৰিছে । যাক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে । দুয়োটা কোম্পানীক প্ৰতিনিধিত্ব কৰা লোককেইজনে নিজৰ সপক্ষে যুক্তি দিছে । কিন্তু কোন সঁচা, কোন মিছা ? আৰক্ষীয়ে বিষয়টোত তদন্ত আৰম্ভ কৰিছে । তদন্তৰ পিচতহে সকলো তথ্য স্পষ্ট হ'ব ।

লগতে পঢ়ক:ভয়ংকৰ ঘটনা : গেছ পৰিবাহী পাইপৰ পৰা য'তে ত'তে ওলাইছে গেছ - Leak in a Gas Line

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.