ETV Bharat / state

ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি : দিছপুৰত মুখ্যমন্ত্ৰীৰ বৈঠক - WORLD RECORD SET BY ASSAM

ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বৈঠক ৷

CM meeting in Dispur regarding preparations mega Jhumoor dance festival to showcase
ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 6:57 AM IST

গুৱাহাটী : বিহুৰ পাছত এইবাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ বাবে সাজু হৈছে অসম চৰকাৰ । অসম চৰকাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ লৈছে । এই সন্দৰ্ভত দিছপুৰৰ লোক সেৱা ভৱনত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ প্ৰশিক্ষক আৰু নৃত্য দল বাছনি, সমষ্টিভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰা, অনুষ্ঠানস্থলীৰ কাম-কাজ, অনলাইন পঞ্জীয়ন আদিকে ধৰি এই সন্দৰ্ভত বৰ্তমানলৈ হোৱা অগ্ৰগতিৰ বুজ লয় । সমগ্ৰ অনুষ্ঠানটো যাতে ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে শিল্পীসকলৰ পৰিবহণ, থকা আৰু খোৱাৰ সুব্যৱস্থা আদিবোৰ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

CM meeting in Dispur regarding preparations mega Jhumoor dance festival to showcase
ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি (@himantabiswa)

উল্লেখ্য যে, পূৰ্বে ঘোষণা কৰা অনুসৰি বিহুৰ পাছত ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । মহানগৰীৰ সৰুসজাইত হ’ব ঝুমুৰ নৃত্যৰ বৃহৎ অনুষ্ঠান । য’ত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ৮ সহস্ৰাধিক শিল্পীয়ে । ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ পৰা আহিব ঝুমুৰ শিল্পীসকল ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা অনুসৰি অসমৰ ৮০০ খন চাহ বাগিচাৰ ৮ হাজাৰ নাচনীয়ে সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব । ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আঁৰত ৰেকৰ্ডৰ কথা নাই যদিও ৰেকৰ্ড হোৱাৰো সম্ভাৱনা আছে । ৰাজ্য চৰকাৰে ৰেকৰ্ডতকৈ সমূহীয়া প্ৰদৰ্শনত বেছি গুৰুত্ব দিছে । ইতিমধ্যে ৰাজ্যজুৰি ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ পৰ্ব আৰম্ভ হৈছে ।

উল্লেখ্য যে, ২০২৩ৰ ১৩ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হৈছিল বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠান । য’ত প্ৰায় ১১ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিছিল বিহুনাচ । বিহুৰ বিশ্বমুখী বিজয় যাত্ৰাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিল সমগ্ৰ বিশ্ব । সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিছিল ১১ হাজাৰ ঢুলীয়া-নাচনীৰ বিহু নাচ ।

বিহুৰ লগতে সৰ্বাধিক লোকবাদ্য বাদনৰ বাবেও গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল এই অনুষ্ঠানটোৱে । এইবাৰ ঝুমুৰ নৃত্যই কি অভিলেখ গঢ়ে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক : World Record with Bihu dance: সৰুসজাইত ১১১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ; দৰ্শক হ’ব প্ৰধানমন্ত্ৰী মোদী

লগতে পঢ়ক : ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ প্ৰচেষ্টা অসম চৰকাৰৰ - World record set by Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.