ETV Bharat / state

সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:37 AM IST

CM Reacted on Sonapur Incident : গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বৃহস্পতিবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বেদখলকাৰী আৰু বেদখল উচ্ছেদকাৰীৰ মাজত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ । উচ্ছেদ অভিযানৰ মাজতে সোণাপুৰৰ কচুতলীত আৰক্ষীৰ গুলীত নিহত হয় দুজনকৈ লোক । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

CM Reacted on Sonapur Incident
সোণাপুৰৰ ঘটনাত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে সোণাপুৰৰ উচ্ছেদস্থলীত সৃষ্টি হয় এক শোকাৱহ ঘটনা । উচ্ছেদৰ সময়ত বেদখলকাৰীয়ে উচ্ছেদ অভিযানত নিয়োজিত আৰক্ষী আৰু বিভাগীয় বিষয়াসকলৰ ওপৰত আক্ৰমণ চলায় । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । এই অনাকাংক্ষিত ঘটনা দুজনকৈ বেদখলকাৰী নিহত হয় । এই ঘটনাৰ পিচত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সোণাপুৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "সোণাপুৰ এটা ট্ৰাইবেল বেল্ট । এই ট্ৰাইবেল বেল্টত শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ চলি আছিল । অবৈধ দখলকাৰীসকল দৰং আৰু মৰিগাঁও জিলাৰ নিজৰ ঘৰলৈ উভতি গৈ আছিল । আজি পুৱাৰ পৰা কংগ্ৰেছ দলে উচটাবলৈ আৰম্ভ কৰিলে । তেতিয়া তাৰ এচাম মানুহ উগ্ৰ হৈ পৰিল ।"

কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ, "বিৰোধী দলপতিয়ে পুৱা ১০.৩০ বজাৰ পৰা এই সম্পৰ্কে বিৰোধিতা কৰা আৰম্ভ কৰিলে । কংগ্ৰেছ দলে জনা উচিত, ট্ৰাইবেল বেল্ট কংগ্ৰেছ দলে আনিছিল । কিন্তু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্টৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে । যেতিয়া কংগ্ৰেছ দলে ৰাতিপুৱাৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰিলে, তাত মানুহ উগ্ৰ হৈ পৰিল আৰু পুলিচৰ ওপৰত আক্ৰমণ কৰিলে ।"

সোণাপুৰৰ ঘটনাত হতাহতৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "এই ঘটনাত উপ-আৰক্ষী আয়ুক্ত, চক্ৰ বিষয়া, সোণাপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহত হ'ল । যাৰ প্রত্যুত্তৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হ'ল । যাৰ ফলত ২ জনকৈ লোক নিহত হোৱাৰ লগতে সাতজন লোক আৰু ২২ জন আৰক্ষীৰ লোক আহত হ'বলগা হয় ।"

উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "ইতিমধ্যে চৰকাৰী মাটিৰ উচ্ছেদ সম্পূৰ্ণ কৰা হৈছে । যিসকলে ম্যাদীপট্টা থকা মাটিত বহিছিল, তেওঁলোকক আঁতৰি যোৱাৰ জাননী দিয়া হ'ব । গুৱাহাটীৰ গাতে লাগি থকা এটা অঞ্চলত আজি যিধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল, সি আহিবলগীয়া দিনবোৰৰ কথা আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে । কালিলৈকে সকলো ঠিকেই আছিল, কিন্তু আজি কংগ্ৰেছে উৎসাহ জনোৱাৰ পিছতে এনে ঘটনা সংঘটিত হয় । কিন্তু এই উচ্ছেদ অভিযান চলি থাকিব ।"

লগতে পঢ়ক :সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident
লগতে পঢ়ক :লখিমপুৰত অসম মহিলা সংঘৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - Assam Mahila Sangha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.