ETV Bharat / state

ৰাজ্য এৰি দিল্লীত কিহত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ? - CM HIMANTA VISITS DELHI

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:41 PM IST

Assam CM Himanta Biswa Sarma: তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজধানী চহৰ নতুন দিল্লীত বাহৰ পাতিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিল্লীত মোদী চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীক যোগাযোগ কৰি ভিন্ন বিষয়ত আলোচনা কৰে ৷

CM HIMANTA VISITS DELHI
নতুন দিল্লীত মুখ্যমন্ত্ৰী (X account of CM Himanta Biswa Sarma)

গুৱাহাটী, ২৩ জুলাই: দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচী লৈ ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে প্ৰথমদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মঙলবাৰে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ৷ তাৰ ভিতৰত আছে

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট নীতি শক্তিশালী কৰাৰ দিশত অসমৰ এক গঠনমূলক ভূমিকা
  • বিদেশী বিনিয়োগকাৰীসকলক অসম বিকাশৰ অংশীদাৰ হ'বলৈ উৎসাহিত কৰা
  • অসম ৰাজ্যক দক্ষিণ-পূৱ এছিয়াৰ বাবে এক উপযুক্ত গে'টৱে’ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা বিষয়টো আলোচনাত বিশেষ স্থান লাভ কৰে ৷

উল্লেখযোগ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰীৰ উপৰিও আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক ভালেমান গুৰুত্বপূৰ্ণ বিষয় লৈ সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এছ জয়শংকৰৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ এই সাক্ষাৎকালত অসমৰ ঔদ্যোগিক বিকাশ বৃদ্ধিৰ বাবে অসমৰ চাহ উদ্যোগৰ স্থিতিস্থাপকতা উন্নত কৰিবলৈ আৰু বৰ্তমানৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সহায় কৰিবলৈ যুটীয়া কাৰ্যকৰী পদক্ষেপৰ বিষয়ে আলোচনা কৰে ৷

লগতে পঢ়ক: বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

লগতে আই টি পি অ'ৰ আৰ্হিত অসমত এটা ৰপ্তানিমুখী সন্মিলন কেন্দ্ৰ স্থাপনৰ সম্ভাৱনাৰ কথা মন্ত্ৰী গোৱেলক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগসমূহৰ দ্বাৰা 'উন্নতি' (UNNATI)ৰ অধীনত সৰ্বাধিক লাভালাভ নিশ্চিত কৰা আৰু নতুন নিয়োগ সৃষ্টিত সহায় কৰাৰ বাবেও আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডাকো সোমবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৷ অসমৰ সকলোৰে বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যত উপনীত হ'বলৈ বৰ্তমানৰ আন্তঃগাঁথনি বিকশিত কৰা, আয়ুষ্মান ভাৰত আৰু অন্যান্য স্বাস্থ্য আঁচনিৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা, ৰাজ্যৰ বৰ্তমানৰ ৰাসায়নিক আৰু সাৰ উদ্যোগসমূহ শক্তিশালী কৰাৰ বাবে মন্ত্ৰী নাড্ডাক আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024

লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতেও আলোচনাত মিলিত হয় ৷ বিশেষকৈ অসমত হাইড্ৰ'কাৰ্বন উদ্যোগৰ সম্ভাৱনা কঢ়িয়াই অনাত কেন্দ্ৰৰ পৰা সহায় কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ পৰা সঁহাৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ সৈতে

  • ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ
  • বঙাইগাঁও শোধনাগাৰৰ ক্ষমতা দুগুণকৰণ
  • ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰে ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰি এন আৰ চি-কে ধৰি কেইবাটাও গুৰুত্ব বিষয়ত আলোচনা কৰাৰ কথা আছে ৷

লগতে পঢ়ক: অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত - India Budget 2024

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই সাক্ষাৎকালত কৃষি উন্নয়ন তথা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু এম জি এনৰেগাৰ জৰিয়তে ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দিশত আলোচনা কৰে ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰে ৷ উক্ত সাক্ষাৎকালত 'ডিফেন্স মেনুফেকচাৰিং হাব' হিচাপে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক শক্তিশালী কৰাত সহায়ক হোৱাকৈ অসমে ফেৰ মাৰিবৰ বাবে উপলব্ধ সুবিধাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰি অসমত প্ৰতিৰক্ষা কৰিডৰ স্থাপনৰ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷ ৰাজ্যত প্ৰতিৰক্ষা সন্মিলন আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিশেষভাৱে অনুৰোধ জনায় ৷

লগতে পঢ়ক: কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.