বাইহাটা: দেওবাৰে আমিনগাঁৱত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যোগী নিবনুৱা যুৱকসকলৰ মাজত ‘‘মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’’ৰ অধীনত বিশেষ আঁচনিৰ শুভ উদ্বোধন কৰে । লগতে কৃষি সঁজুলিও বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰগতিশীল যুৱকৰ বাবে পশুপালন আৰু কৃষিখণ্ডত জীৱিকা আৰু নিয়োগ সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী ।
অসম চৰকাৰৰ কৃষি বিভাগৰ লগতে দুগ্ধ, মাংস আৰু কণী অভিযান সমিতি তথা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী । কামৰূপ জিলাৰ বেজেৰা উন্নয়ন খণ্ডৰ অধীনৰ পাঁচটা গাঁও পঞ্চায়তৰ ৮৯০ গৰাকী হিতাধিকাৰীক মুখ্য়মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিত সামৰি লোৱা হৈছে । ১০ কোটি ৪৭ লাখ টকা ব্যয় সাপেক্ষে গো-পালন, ছাগলী, গাহৰি, হাঁহ-কুকুৰা পালনৰ এক ব্যৱসায়িক লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰি হিতধিকাৰীসকলক চেক বিতৰণ কৰা হয় ।
ৰাজ্যখনক বাণিজ্যিক ক্ষেত্ৰত আত্মনিৰ্ভশীল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষিত যুৱক-যুৱতীসকল চাকৰি কেন্দ্ৰিক নহৈ কৃষিখণ্ডত আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায় । পাঞ্জাৱ, হাৰিয়ানা, ছত্তীশগঢ়, গুজৰাট, পশ্চিমবংগ আদি ৰাজ্যবোৰৰ দৰে অসমতো কৃষিৰ জৰিয়তে এক আত্মনিৰ্ভৰশীল বিপ্লৱ আৰম্ভ কৰাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ন কৰা হয় ।
দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি অৱলম্বন কৰি গুজৰাটৰ লেখীয়াকৈ অসমকো গঢ়ি তোলাৰ আহ্বান জনাই মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্য়মন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া কথাটো উল্লেখ কৰি অনাগত দিনত চৰকাৰে ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন অহা জুলাইৰ ভিতৰত মুকলি কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আজি ভূমিপূজন কৰা শুৱালকুছি পলাশবাৰীৰ দলঙৰ লগতে কুৰুৱা-নাৰেংগীৰ দলঙৰ আৰু গুৱাহাটী ৰিং ৰ'ডৰ কথা পুনৰ উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানটোত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কৃষি আৰু উদ্যান শস্য ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিধায়ক দিগন্ত কলিতা আদি উপস্থিত থাকে ।