ETV Bharat / state

এবছৰত স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে - GUWAHATI POLICE - GUWAHATI POLICE

GUWAHATI POLICE COMMISSIONERATE : 2025 চনৰ আগষ্ট মাহৰ ভিতৰত স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ৷ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীৰ ৷

GUWAHATI POLICE COMMISSIONERATE
ঠিকনা সলনি হ'ব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 10:16 PM IST

গুৱাহাটী, 16 জুন : ঠিকনা সলনি হ'ব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ৷ অৱশ্যে এতিয়াও এবছৰ সময় আছে ৷ 2025 চনৰ আগষ্ট মাহৰ ভিতৰত স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ৷ খানাপাৰাত নিৰ্মাণকাৰ্য চলি থকা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ভৱনৰ স্থান দেওবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷

স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে (ETV BHARAT ASSAM)

পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷ এই ভৱনৰ কাম পলম নকৰাকৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিৰ্মাণকাৰ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আগতে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছিল ৷ নদীৰ পাৰত পাৰ্ক নিৰ্মাণ কৰাত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো নামনি অসমৰ আয়ুক্তৰ বিল্ডিঙত অস্থায়ীভাৱে দিয়া হৈছে ৷

কিন্তু এতিয়া গুৱাহাটীত গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ বাবে প্ৰায় 1 লাখ 50 হাজাৰ বৰ্গফুটৰ আঠ মহলীয়া বিল্ডিং এটা নিৰ্মাণ কৰি থকা হৈছে ৷ য'ত ট্ৰেফিক নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি গুৱাহাটী আৰক্ষীৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা একেটা বিল্ডিঙতে থাকিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, 95 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ উঠিবলগীয়া এই নতুন 8 মহলীয়া ভৱনটো সম্পূৰ্ণ হ’লে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ অধীনত কাম কৰা সকলো বিভাগ আৰু শাখা স্থাপন কৰা হ’ব ৷ 2025 চনৰ 15 আগষ্টৰ ভিতৰত এই ভৱনটো সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয় - Solar Power Plants at Janata Bhawan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.