ETV Bharat / state

হাতীমূৰাৰ মথাউৰি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি ক'লে ? - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 7:58 AM IST

Hatimura Embankment : হাতীমূৰাৰ মথাউৰিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰিলে মন্তব্য় । কলং বোৱাই নিয়াৰ সন্দৰ্ভত কি ক'লে মুখ্য়মন্ত্ৰীগৰাকীয়ে ?

Hatimura embankment
কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰি (ETV BHARAT ASSAM)

কলিয়াবৰ, ৩ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কলিয়াবৰৰ হাতীমূৰাৰ ছিগি যোৱা মথাউৰিৰ স্থান পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিভাগীয় বিষয়াৰে ঘটনাৰ কাৰণ আৰু তৎকালীন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে ।

এক অনাকাংক্ষিত দুৰ্ঘটনা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "হাতীমূৰাৰ মথাউৰিত ক'বলৈ গ'লে এটা দুৰ্ঘটনা সংঘটিত হ'ল । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে শ্লুইছগেটৰ কাষৰ মথাউৰি ভাঙি দিলে । মথাউৰি ভঙাৰ ফলত কলিয়াবৰৰ এটা বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈছে" ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "ব্ৰহ্মপুত্ৰৰ পানী আজি দুপৰীয়াৰ পৰা কমিবলৈ আৰম্ভ কৰিছে । ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পোৱাৰ ইংগিত পোৱা গৈছে । মঙলবাৰৰ পুৱাৰে পৰা ইয়াত দুই-তিনি ছেণ্টিমিটাৰ পানী হ্ৰাস পাইছে । কাইলৈ যদি পানী হ্ৰাস পাই তেনেহ'লে জিঅ' টিউবেৰে মথাউৰিটো মেৰামতি কৰিব পৰা যাব । জিঅ' টিউব দি যদি আমি মথাউৰিটো মেৰামতি কৰিব পাৰো, কিছু অলপ সকাহ পাব পাৰিম" ৷

ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে কলং প্ৰসংগতো মন্তব্য় কৰি কয়, "কলংখন যিহেতু চাফা হৈ আছে, গতিকে কলঙেদিও পানী যাব পাৰিব আৰু কিছু পানী ব্ৰহ্মপুত্ৰলৈও উভতি যাব । এইটো আশাহে কৰিব পাৰি, কাইলৈ বৰষুণে হয় নে নহয় ? ই এটা দুঃখজনক ঘটনা, আমি যিমান পাৰো ৰাইজক সাহায্য আৰু সংস্থাপন দিবলৈ চেষ্টা কৰিম । আজি নিশা মই চাই গ'লো, জিলা উপায়ুক্তক নিৰ্দেশ দিছো যাতে কোনো মানুহে কোনো কাৰণতে কষ্ট নাপায়" ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়, "প্ৰত্যেকটো মথাউৰি ভঙাৰ পাছত কাৰোবাক দোষ দিয়া হয়, অনুসন্ধান কৰা হয় । সেইটো কাৰিকৰী বিভাগীয় নীতি-নিয়ম এটা থাকে আৰু ক'ৰবাত ভুল থাকিলে বিষয়া-কৰ্মচাৰীক শাস্তিও দিয়া হয় । কিন্তু ব্ৰহ্মপুত্ৰত যোৱা তিনিদিন ধৰি পানী বাঢ়িছে । অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পাছত অৰুণাচল, পাছিঘাটত ইমান পানী হৈছে, ব্ৰহ্মপুত্ৰলৈ সোৱণশিৰিৰ পৰাও পানী আহিছে, আন উপনৈৰ পৰাও পানী আহিছে । ব্ৰহ্মপুত্ৰলৈ বৃহৎ পৰিমাণৰ পানী অহাৰ ফলত মথাউৰিবোৰলৈ সংকট আহে । কেতিয়াবা হাতীমূৰা ভাঙিব, কেতিয়াবা আগত গৈ ভাঙিব, মাজুলীত ভাঙিব । কিন্তু ব্ৰহ্মপুত্ৰৰ যিটো গতি আছে সেই গতিৰ ফলত ব্ৰহ্মপুত্ৰই ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱিত কৰে" ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম - Assam Flood 2024

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "কেতিয়াবা যদি ভালকৈ মথাউৰি এটা বন্ধা হয় তেতিয়া ইয়াত নাভাগিব, লাহৰিঘাটত ভাঙিব । লাহৰিঘাটত নাভাঙিলে আগত পলাশবাৰীত ভাঙিব । সাধাৰণতে জোখতকৈ অধিক পানী আহিলে ব্ৰহ্মপুত্ৰই দুৰ্ঘটনা কৰে । হাতীমূৰাটো এনে এটা ঘটনাই হ'ল । তাত যদি কোনোবা বিষয়াৰ গাফিলতি আছে, আমি নিশ্চয় তদন্ত কৰিম ।

কিন্তু ই এটা দুৰ্ঘটনা, ২০১৭ চনতো হৈছিল । এইটো এটা দুৰ্ঘটনা বুলিয়েই ধৰি ল'ব লাগিব । এই বিষয়ত তদন্তও কৰা হ'ব । যদি শ্লুইছ গেটখন ভাঙি থাকিলহেঁতেন, পোনে-পোনে আমি ক'ব পাৰিলোঁহেতেন, নিৰ্মাণত ভুল আছে । যিটো অংশ ভাঙি গৈছে, সেইটো পুৰণা অংশ । শ্লুইছ গেট ভঙা নাই । সেইবাবে পোনেই একো নকৈ তদন্ত এটা হওক। তদন্তত যদি আমি কিবা ভুল পাওঁ, তেতিয়া নিশ্চয় ব্যৱস্থা লোৱা হ'ব" ৷

কলং বোৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্নজনৰ বিভিন্ন মতামত আছে বুলি উল্লেখ কৰি কিছু লোকে নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱাৰ কবিতা পঢ়ি আৱেগিকভাৱে তেওঁলোকে কলংখনক বোৱতী ৰূপত দেখিব খোজে । কিন্তু বিজ্ঞানসন্মতভাৱে কলং বোৱাই দিয়াতো কিমান সমীচিন বা সমীচিন নহয়, ইয়াৰ ওপৰত ভাৰত চৰকাৰৰ এটা সংস্থা ৱাপকছে অধ্যয়ন কৰিছে । তেওঁলোকে শ্লুইছ গেটৰ নক্সা প্ৰস্তুত কৰি দি তেওঁলোকে কৈছিল যে কলং বোৱাই নিব পৰা যাব ।

কিন্তু সেই প্ৰক্ৰিয়াটো নহ'লেই, শ্লুইছ গেটখন খুলি দিম বুলি ভাবি থাকোঁতেই দুৰ্ঘটনাটো হৈ গ'ল । দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আকৌ এবাৰ চিন্তা কৰিব লাগিব যে আঁচনিটো কিমান প্ৰয়োজনীয় নে প্ৰয়োজনীয় নহয় । এই বিষয়টো পুনৰ এবাৰ বিবেচনা কৰিব লাগিব" ৷ এই সম্পৰ্কত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকলকো বিষয়টো বিজ্ঞানসন্মত হয় নে নহয় এবাৰ চাবলৈ তেওঁ অনুৰোধ জনায় ।

লগতে পঢ়ক: নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024

তেজপুৰত বানৰ মাজতে বন্যহস্তীৰ ত্ৰাস : ছটা বনৰীয়া হাতীৰ অৱস্থান - Wild elephant terror

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.