ETV Bharat / state

বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam Flood 2024

Majuli Flood Situation : বান পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী আৰু বোকোৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া মথাউৰিৰ অংশ পৰিদৰ্শন কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 9:52 PM IST

CM VISITS MAJULI
মাজুলীত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে (ETV BHARAT ASSAM)

মাজুলী, 4 জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া অভাৱনীয় পৰিৱেশ ৷ প্ৰলয়ংকৰী বানে ইতিমধ্যে ৰাজ্যৰ প্ৰায়কেইখন জিলাকে আক্ৰান্ত কৰিছে ৷ জটিল ৰূপ ধাৰণ কৰা বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ পোহনীয়া জীৱ-জন্তুৰ সৈতে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে বন্যাৰ্ত ৷ সত্ৰপীঠ মাজুলীতো বানে লৈছে ভয়াৱহ ৰূপ ৷ বানত জুৰুলা হৈ পৰিছে নদীদ্বীপ মাজুলীৰ ৰাইজ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মাজুলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

ইতিমধ্যে বছৰৰ প্ৰথমটো বানে মাজুলীৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বছৰৰ প্ৰথমটো বানে উটুৱাই লৈ যায় আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰি ৷ ইয়াৰ পিচতেই বৃহস্পতিবাৰে মাজুলীৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ মূল ৰক্ষাকৱচ হালধিবাৰী-বেচামৰা মথাউৰিৰ বনগাঁও -আফলামুখ ঘাটৰ মাজৰ অংশ নিৰীক্ষণ কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰিৰ যিটো অংশ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় সেই অংশ পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : মাজুলীত হাহাকাৰ : সোমবাৰে নিশা ছিগিল মথাউৰি - Assam Flood 2024

মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ বানত ক্ষতিৰ সন্মুখীন হোৱাসকলক চৰকাৰৰ তৰফৰ পৰা সহায় কৰাৰ আশ্বাস দিয়ে ৷ ইফালে ৰাইজৰ সুবিধাৰ বাবে এই ভগ্ন মথাউৰিটো শীঘ্ৰেই মেৰামেতি কৰা হ’ব বুলিও মন্তব্য কৰে তেওঁ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, স্থানীয় বিধায়ক ভুৱন গামে সংগ দিয়ে ৷

লগতে পঢ়ক : ১০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব মাতমৰা মথাউৰি : ঘোষণা মুখ্যমন্ত্রীৰ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.