ETV Bharat / state

কোনোবাই যদি নিজৰ পিতৃক গালি পাৰে মইনো কি কৰিব পাৰো; গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ - Assam Floods 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:46 PM IST

Assam CM Visits Dibrugarh Flash Flood : মথাউৰি ভগাৰ কথা কৈ নিজৰ পিতৃক গালি পাৰিছে । গৌৰৱ গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ । একাঁঠু পানীত নামি সাধাৰণ নাগৰিকৰ লগত মত বিনিময় কৰি ডিব্ৰুগড়ত কৃত্ৰিম বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Visits Dibrugarh Flash Flood
ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ৫ জুলাই : ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে ১০ দিন ধৰি পানীৰ তলত ডিব্ৰুগড় চহৰ । নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ভয়ংকৰ কৃত্ৰিম বানৰ কবলত সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোও ঠায়ে ঠায়ে বুৰ গৈছে পানীত ।

আনহাতে, কৃত্ৰিম বানৰ পাচতে ডিব্ৰুগড় চহৰৰ সকলো বিদ্যালয় অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰি দিছে ডিব্ৰুগড় প্ৰশাসনে । তাৰ মাজতে শুকুৰবাৰে পুৱাতে ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চহৰখনৰ অতি ব্যস্ত এইচ এছ ৰোড আৰু মহালয়া ৰোডত নিজে একাঁঠু পানীত নামি সাধাৰণ নাগৰিকৰ লগত মত বিনিময় কৰি সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ উপৰি কৃত্ৰিম বানৰ পৰা মুক্ত কৰি চহৰখনৰ নাগৰিকৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পৰা যায় তাৰ পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ বাবে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, মেয়ৰ, সাধাৰণ নাগৰিকৰ লগতে বিভাগীয় মন্ত্ৰীৰ সাতে আলোচনা মিলিত হৈ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণৰ কথাও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে । ইয়াৰ উপৰি আধুনিক যন্ত্ৰপাতি তথা গাড়ীৰে নলাসমূহ পৰিষ্কাৰ কৰাৰ কথাও তেওঁ ৰাইজৰ আগত উল্লেখ কৰে ।

উল্লেখ্য, বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছিল যে অসম চৰকাৰৰ শক্তিশালী মন্ত্রীৰ লগত মিলি জলসম্পদ বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আহিছে । সেয়া মথাউৰিয়ে হওক বা নলায়েই হওক । সমগ্ৰ অসমতে এইদৰে নিম্ন মানৰ কাম কৰা হৈছে বুলি গৌৰৱ গগৈয়ে অভিযোগ কৰে ।

আনহাতে, অসমৰ বিভিন্ন ঠাইত মথাউৰি ছিগাৰ কথা উল্লেখ কৰি যোৰহাটৰ সাংসদগৰাকীয়ে মথাউৰি মেৰামতি তথা চোৱা-চিতাৰ দায়িত্ব কাৰ বুলিও প্ৰশ্ন কৰে । এই ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্রীয় চৰকাৰৰ দায়িত্বৰ কথা উল্লেখ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল গৌৰৱ গগৈয়ে । এই প্ৰসংগত গৌৰৱ গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, "আজি বানপানীত ভগা মথাউৰিসমূহ কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল । মথাউৰি ভগাৰ কথা কৈ কোনোবাই যদি নিজৰ পিতৃক গালি পাৰে মই কি কৰিম"- এনেদৰে গৌৰৱ গগৈক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam Flood 2024
লগতে পঢ়ক :বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.