ETV Bharat / state

আজি সুভদ্ৰাজ স্পাইৰেল পটেট’ত চাহৰ জুতি ল’ব মুখ্যমন্ত্ৰীয়ে - Subhadras spiral potato

CM Himanta Biswa Sarma : জখলাবন্ধাৰ হেমপ্ৰভাৰ চাহৰ বিপণিলৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সামাজিক মাধ্যমৰে উৎসাহিত কৰাৰ পাছত হেমপ্ৰভা বিশ্বাসৰ বিপণীত শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে জুতি ল’ব চাহৰ ৷

SUBHADRAS SPIRAL POTATO
সুভদ্ৰাজ স্পাইৰেল পটেটৰ গৰাকী হেমপ্ৰভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:10 AM IST

কলিয়াবৰ, 21 জুন : বিগত কিছুদিনৰে পৰা সংবাদ শীৰ্ষত আছে কলিয়াবৰৰ যুৱতী হেমপ্ৰভা বিশ্বাস ৷ মাতৃৰ নামত এখন চাহৰ বিপণি খুলি দিয়াৰ পিছৰে পৰা যুৱতীগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি যুৱতীগৰাকীক উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল ৷

মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ পিছতে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত উপস্থিত হৈছিল কলিয়াবৰ মহাবিদ্যালয়ত অধ্য়য়নৰত হেমপ্ৰভাৰ চাহৰ বিপণিত ৷ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে যুৱতীগৰাকীক বিপণীৰ লগতে পঢ়া-শুনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সমান্তৰালকৈ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলিও কয় ৷

লগতে পঢ়ক: মৰমৰ প্ৰতিদান হিচাপে জখলাবন্ধাৰ হেমপ্ৰভাই মাতৃৰ নামত আৰম্ভ কৰিলে স্পাইৰেল পটেট’ৰ বিপণী - Subhadras Spiral Potato

সেই যুৱতী হেমপ্ৰভাৰে চাহৰ বিপণিত শুকুৰবাৰে উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে দুদিনীয়া কাৰ্যসূচীৰে 20 জুনত উপস্থিত হৈছিল তেজপুৰত ৷ তাৰ পৰা উভতাৰ পথত জখলাবন্ধাৰ এই বিশেষ বিপণিখনত সোমাব মুখ্য়মন্ত্ৰীয়ে ৷

SUBHADRAS SPIRAL POTATO
সাংস্কৃতিক কৰ্মী প্ৰবীণ শইকীয়াৰ গো পালন (ETV Bharat Assam)

আনহাতে, কৃষি আৰু গো-পালনৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰা সাংস্কৃতিক কৰ্মী প্ৰবীণ শইকীয়াকো দেখা কৰিব মুখ্যমন্ত্ৰীয়ে । যোৱা বছৰ গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত বিহুৰ বিশ্বাভিলেখৰ কাৰ্যসূচীত এগৰাকী 'মাষ্টাৰ ট্ৰেইনাৰ' আৰু ঢুলীয়াৰূপে অংশগ্ৰহণ কৰিছিল কলিয়াবৰৰ শ্ৰীশ্ৰীপোৰাভেটি সত্ৰৰ প্ৰবীণ শইকীয়াই ।

লগতে পঢ়ক: জখলাবন্ধাৰ হেমপ্ৰভাৰ দোকানত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে - Subhadras Spiral Potato

কলিয়াবৰৰ এগৰাকী সাংস্কৃতিক কৰ্মী শইকীয়া এগৰাকী দক্ষ ঢুলীয়া হোৱাৰ লগতে সত্ৰীয়া সংস্কৃতিৰো এগৰাকী দক্ষ কুশলী । মূলতঃ কৃষি আৰু পশুপালনেৰে জীৱন নিৰ্বাহ কৰি পৰিয়ালৰ ভৰণ-পোষণ কৰাৰ লগতে কলিয়াবৰ তথা নগাঁৱৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰিচিত ব্যক্তি ।

মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে স্বাৱলম্বনৰ ক্ষেত্ৰখনত কৰ্মোদ্যমী যুৱ-প্ৰজন্মক উৎসাহিত কৰাৰ লগতে এনে আদৰ্শ গ্ৰহণ কৰাত এক যোগাত্মক পৰিৱেশৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক: ভাৰতীয় টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কলিয়াবৰৰ অজয় বৰুৱাৰ - National taekwondo referee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.