ETV Bharat / state

অনুৰোধ ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে: সোমবাৰে ৰাইজৰ বাবে নতুন ৰূপত মুকলি পাব টি. আও ষ্টেডিয়াম

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 4:00 PM IST

Updated : Mar 10, 2024, 4:23 PM IST

Dr T Ao Stadium Kaliabor: কলিয়াবৰৰ ডাঃ টি. আও ষ্টেডিয়ামৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ আছে বিশেষ স্মৃতি ৷ ক্ৰিকেট খেলাৰ লগতে বহুবাৰ পদাৰ্পণ কৰিছে ষ্টেডিয়ামখনত ৷ মুখ্যমন্ত্ৰী নৌহওতেই খেলুৱৈসকলে তেওঁক জনাইছিল বিশেষ অনুৰোধ ৷ অনুৰোধ ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Dr T Ao Stadium Kaliabor
টি. আও ষ্টেডিয়ামৰ নতুন ৰূপ হ’ব মুকলি
টি. আও ষ্টেডিয়ামৰ নতুন ৰূপ হ’ব মুকলি

কলিয়াবৰ, 10 মাৰ্চ: কলিয়াবৰৰ নাগশংকৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামৰে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্পৰ্ক ৷ ক্ৰিকেট খেলি যোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্বোধন কৰিব ডাঃ টি. আও ষ্টেডিয়ামৰ নৱনিৰ্মিত গেলাৰী-পেভিলিয়ন ৷

উল্লেখ্য যে এক ভ্ৰমণসূচী লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ মে’ মাহৰ ৯ তাৰিখে হেলিকপ্তাৰেৰে অৱতৰণ কৰিছিল কলিয়াবৰৰ ডাঃ টি. আও ষ্টেডিয়ামত । সেই সময়ত ষ্টেডিয়ামত চলি আছিল এখন ক্ৰিকেট খেল আৰু কাৰাটে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্তাৰৰ পৰা নামিয়েই খেলুৱৈসকলৰে বাৰ্তালাপ কৰিছিল । তেতিয়াই খেলুৱৈসকলে কলিয়াবৰৰ ষ্টেডিয়ামখন উন্নত কৰিবলৈ অনুৰোধ জনাইছিল তদানীন্তন বিত্তমন্ত্ৰীগৰাকীক ।

কাইলৈ মুখ্যমন্ত্ৰীৰূপে ড৹ শৰ্মাই মুঠ ৫২ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া ডাঃ টি আও ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ ১০ কোটি টকাৰে নিৰ্মিত পেভিলিয়ন আৰু গেলাৰী উদ্বোধন কৰিব । বাকী থকা কামখিনিও যাতে অনতিপলমে হয় তাৰ কামনা কৰে কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমীয়ে ।

সেই স্মৃতি ৰোমন্থন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈৰ সভাতে কলিয়াবৰৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক আশাপ্ৰদ ঘোষণা কৰিব বুলি আশা প্ৰকাশ কৰিছে অগপৰ সম্পাদক মণিমাধৱ মহন্তই । উল্লেখ্য যে উক্ত ষ্টেডিয়ামতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ এক প্ৰচাৰ সভাত ভাগ লৈছিল ৰাজ্যৰ তদানীন্তন বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

২০১৯ চনৰ ২৮ মাৰ্চ তাৰিখে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহো ৷ তদুপৰি, ২০২৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে জন্মদিনত মুখ্যমন্ত্ৰীৰূপে কলিয়াবৰৰ কামাখ্যা মন্দিৰলৈ আশিস ল'বলৈ আহি অৱতৰণ কৰিছিল উক্ত ষ্টেডিয়ামত । মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে কৰিছিল ভিৰ ৷

আনহাতে, কলিয়বৰৰ উদীয়মান চিত্ৰশিল্পী কেশৱ দাসে তেওঁ অঁকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুৰ্ণাংগ চিত্ৰ উপহাৰস্বৰূপে প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক । সোমবাৰে উক্ত ডাঃ টি আও ষ্টেডিয়ামতে মুখ্যমন্ত্ৰীয়ে নৱনিৰ্মিত পেভেলিয়ন, গেলাৰী, ক্ৰীড়া ভৱনৰ উদ্বোধন কৰিব । যাক লৈ কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ক্ৰিকেট খেলা আৰু চিত্ৰ উপহাৰৰ ভিডিঅ’ই পুনৰ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক: বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা

Last Updated : Mar 10, 2024, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.