ETV Bharat / state

ডিব্ৰুগড়ৰ নতুন সচিবালয়ত প্ৰথম দিনটোতে কি কি ফাইলত চহী কৰিলে মুখ্যমন্ত্ৰীয়ে ? - CM Secretariat in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 6:17 PM IST

New Secretariat of Assam CM : ডিব্ৰুগড়ৰ নতুন সচিবালয়ৰ প্ৰথম দিনটোতে কৰম পূজাৰ দিনটোত পেইড হলীডে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ বহুকেইখন জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত ৷

New Secretariat of Assam CM
নতুন সচিবালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (x/@himantabiswa)

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ : উজনি অসমৰ জনসাধাৰণ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল । ডিব্ৰুগড়ত শুকুৰবাৰে মুকলি হ’ল ‘অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয় ৷' মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা বিকেন্দ্ৰীকৰণ চিন্তাধাৰাৰ এক প্ৰতিফলন ঘটিল আজিৰে পৰা ।

নতুন সচিবালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

ডিব্ৰুগড়ৰ মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাটো আজিৰে পৰা হৈ পৰিল উজনি অসমৰ মুখ্যমন্ত্ৰীৰ সচিবালয় ৷ উজনি অসমৰ ৯ খন জিলা ক্ৰমে- লখিমপুৰ, ধেমাজি, মাজুলী, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ জনসাধাৰণে এতিয়াৰে পৰা দিনটোৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ কাৰ্যালয়ত নিজৰ নিজৰ কাম কৰি পুনৰ ঘৰলৈ উভতি যাব পাৰিব ৷

উক্ত জিলাকেইখনত অসম চৰকাৰৰ প্ৰশাসনিক কাম-কাজো নিৰীক্ষণ কৰা হ’ব এই কাৰ্যালয়ৰ পৰাই ৷ ডিব্ৰুগড়ত নতুন অসম সচিবালয় শুভ উদ্বোধনী কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৬ টাকৈ গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে ৷ ইয়াৰ উপৰিও বহুকেইখন জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰিব বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

শুকুৰবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত নিজৰ কাৰ্যালয়ত বহি কি কি গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কাৰণে ভাল বাৰ্তা দিব বিচাৰিছে সেই কথা জনালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ সেই অনুসৰি কৰম পূজাৰ দিন পেইড হলীডে’ হিচাবে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ শুকুৰবাৰৰ দিনটোতে জল জীৱন মিছনৰ এটা ফাইলত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

আনহাতে হাইড্ৰকাৰ্বন সম্পৰ্কীয় বিষয়ক লৈ পত্ৰ স্বাক্ষৰ আৰু বিভাগীয় মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, অসম ৰাজ্যিক সংগ্ৰহালয় ব্যৱস্থাপনা সমাজ সমস্যা গঠনৰ নিৰ্দেশ, সেৱা সেতুত আবেদনৰ ক্ষেত্ৰত নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে তথ্য-প্ৰযুক্তি কোম্পানীবোৰক নিযুক্ত কৰাৰ সিদ্ধান্ত, ডিফু মেডিকেল কলেজত 29 টা পেয়িং কেবিন নিৰ্মাণৰ বাবে 10.48 কোটি টকা অনুমোদন জনোৱা হয় ডিব্ৰুগড়ৰস্থিত সচিবালয়ৰ পৰাই ৷

তদুপৰি ড৹ ননীগোপাল মহন্তক আদৰ্শ বিদ্যালয়ৰ চেয়াৰমেনৰ দায়িত্ব, ১৯ খন জিলা আয়ুক্তক বদলিৰ নিৰ্দেশ প্ৰেৰণ, ঢকুৱাখনাৰ নতুন SDPO আৰু OC নিযুক্তি, নাৰায়ণ বৰকটকীক 'চিটা'ৰ অধ্যক্ষ হিচাপে নিযুক্তি, নতুন SDC (C) জোনাই আৰু ADC শিৱসাগৰ বাবে অনুমোদন, লোক নিৰ্মাণ বিভাগৰ ১৭ জন সহকাৰী অভিযন্তা আৰু ৩ জন কনিষ্ঠ অভিযন্তাক বদলি, অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ বাবে নিৰ্দেশনা, সামাজিক মাধ্যম ব্যৱহাৰৰ চৰকাৰী নিৰ্দেশনা, বৰপেটা টাউন , বটদ্ৰৱা থানৰ ৫ কিলোমিটাৰলৈকে মাটি বেচা-কিনাৰ বাবে নতুন আইন । মাজুলীতো এই আইন ৪৫ দিনৰ ভিতৰত কাৰ্যকৰী কৰা, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰাৰ সিদ্ধান্তসমূহো আজি ডিব্ৰুগড়ৰ পৰাই আগবঢ়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : ২৬ গৰাকী জিলা আয়ুক্তক একেদিনাই বদলি : দিয়া হৈছে অতিৰিক্ত দায়িত্বও

কি কি সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হ’ল মুখ্যমন্ত্ৰী সচিবালয়ৰ মিনি সংস্কৰণক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.