ETV Bharat / state

অসমত আলফাৰ পলিটিকেল এক্টিভিটী থাকক, মিলিটেণ্ট এক্টিভিটী থাকিব নালাগে : মুখ্যমন্ত্রী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 6:58 PM IST

Himanta Biswa Sarma on ULFA I : আলফা(স্বাঃ)ই অসম আৰু অসমীয়াক ভালপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ আলফা(স্বাঃ)ই অসমত ৰাজনৈতিকভাৱে কাম-কাজ কৰক, কিন্তু সামৰিক কাম-কাজ নকৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ অসমত বোমা আদি বিস্ফোৰণ কৰিলে অসমৰে ক্ষতি হ’ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

Himanta Biswa Sarma on ULFA I
আলফা(স্বা)ৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : পুনৰ আলফা স্বাধীনৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া । শনিবাৰে প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে আলফা স্বাধীনৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত কয়, ‘‘মই এটাই কথা কৈছো যে পৰেশ বৰুৱা, আলফা তেওঁলোকে অসমৰ ভালৰ কাৰণে চিন্তা কৰে বুলি মই ধৰি লও । ৰাস্তা বেলেগ বেলেগ হ’ব পাৰে ৷ কিন্তু তেওঁলোকৰ মনটো, তেওঁলোকৰ গান-ভিডিঅ’ ৰেকৰ্ডিং দেখিলে আমি এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভালপায় ।’’

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘যদি মই অসম আৰু অসমীয়াকে ভালপাওঁ, তেতিয়াহ’লে অসম আৰু অসমীয়াক বোমা দি কি লাভ হ’ব ? যদি বোমা দিব লাগে বাহিৰত দিম । যদি আৰ্মীৰ কনভয়ত এটেক্ট কৰিব লাগে, আমি বেলেগ ঠাইত কৰিম, অসমত আমি কিয় কৰিম ? অসমৰ যদি দিছপুৰত বোমা দিও, যোৰহাটত বোমা দিও এফেক্ট কাৰ হ'ব ? অসম আৰু অসমীয়াৰ হ'ব ৷ গতিকে তেখেতসকলক মই আহ্বান জনাম যে যিখন ৰাজ্যৰ বাবে আপোনালোকে মৰণপণ সংকল্প লৈছে, যিখন ৰাজ্যৰ বাবে দহ হাজাৰ লোক শ্বহীদ হৈছে সেইখন ৰাজ্যত তেজৰ ফাকু খেলি কাৰ লাভ হ’ব ! গতিকে এই কথাটো মই প্ৰথমৰ পৰাই কৈ আছো । মই ভাবো অসমত তেওঁলোকৰ পলিটিকেল এক্টিভিটী থাকক, বেয়া নাপাও । কিন্তু অসমত মিলিটেণ্ট এক্টিভিটী থাকিব নালাগে ।’’

উল্লেখ্য যে ১৫ আগষ্টৰ দিনা আলফা স্বাধীনে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰিছিল । কিবা কাৰিকৰী কাৰণত বোমাসমূহ বিস্ফোৰিত নোহোৱাৰ বাবে আলফা স্বাধীনে সিদিনাই বোমাসমূহৰ অৱস্থিতি সম্পৰ্কে সংবাদ মাধ্যমত বিবৃতি দি ৰাজহুৱা কৰিছিল । ইয়াৰ পিছতেই আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই কেতবোৰ স্থানৰ পৰা বোমাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছিল । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে অসমৰ উন্নয়নত বাধা নিদিয়াৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছিল । আজি পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : আলফা(স্বাধীন)-চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা পলাশ চাংমাইৰ

আলফা(স্বাঃ) ৰ নামত ধনদাবী কৰি আটক যুৱক: গুৱাহাটীত বোমা সংস্থাপনতো জড়িত থকাৰ অভিযোগ

বোমা সংস্থাপনৰ সন্দেহত আটক; সন্ধান নাই মৰাণৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.