ETV Bharat / state

ইউৰিয়া ব্যৱহাৰ কৰা মাছৰ বাবে বৃদ্ধি পাইছে বৃক্কৰ ৰোগ : মুখ্যমন্ত্রী - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 12:41 PM IST

CM Himanta Biswa Sarma : বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত আহিব লাভ জেহাদৰ বিৰুদ্ধে আইন । নামাজ বিৰতিৰ বিলুপ্তিকলৈ বিতৰ্ক হৈছে যদিও এই সিদ্ধান্ত অসম বিধানসভাৰ এটা সৰ্বসন্মত সিদ্ধান্ত । আমাৰ বিহু মিঞা বিহুলৈ ৰূপান্তৰ হ'লে কোনো অসমীয়াই মানি নলয় । সৰ্বশিক্ষাৰ ২৪ হাজাৰ শিক্ষকে লাভ কৰিব চৰকাৰী নিয়োগ পত্র । লখিমপুৰত পৰৱৰ্তী কেবিনেট বৈঠক । সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ (ETV Bharat Assam)

গুৱাহাটী, ১ ছেপ্টেম্বৰ : সদ্যসমাপ্ত বিধানসভাৰ শৰৎকালীন অধিৱেশনকে ধৰি কেইবাটাও প্ৰসংগত শনিবাৰে নিশা সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাৰ শৰৎকালীন অধিৱেশনত উত্থাপন আৰু গৃহীত হোৱা বিধেয়কসমূহৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে মুখ্যমন্ত্রীয়ে বাখ্যা আগবঢ়ায় ।

  • বিধেয়কসমূহৰ প্ৰসংগত কি ক'লে :

বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনত গৃহীত হোৱা গুৰুত্বপূৰ্ণ বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "ইয়াৰ এখন হৈছে আইকনিক হেৰিটেজ ষ্ট্ৰাকচাৰ । অৰ্থাৎ আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ, সত্র, নামঘৰ, সাংস্কৃতিক কৃতিস্তম্ভ আছে যিবিলাকৰ বয়স আঢ়ৈশ বছৰতকৈ বেছি হৈছে । এতিয়া ৰাইজে বিধানসভাত গৃহীত হোৱা আইনখন সেই ঐতিহাসিক স্থানসমূহত প্ৰযোজ্য কৰাটো বিচাৰিব পাৰে ।"

তেওঁ লগতে কয়, "ৰাইজে বিচৰা ধৰণে প্ৰযোজ্য কৰা আইকনিক ষ্ট্ৰাকচাৰৰ পাঁচ কিলোমিটাৰৰ আশে-পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব । সেই স্থানত মাটি কিনা-বেচা সেই স্থানত তিনিটা প্ৰজন্ম বাস লোকেহে কৰিব পাৰিব । সভ্যতা-সংস্কৃতি জীয়াই ৰক্ষাৰ বাবে বিধেয়কখন অনা হৈছে । চৰকাৰে বৰ্তমান বৰপেটা আৰু বৰদোৱাক এই আইনৰ অধীনত আনিব বিচাৰিছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, "আনখন বিধেয়ক হৈছে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বাধ্যতামূলক । অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল । এতিয়া বিবাহ পঞ্জীয়ন কাজী ব্যৱস্থাৰ দ্বাৰা নহৈ চৰকাৰী বিষয়াৰ দ্বাৰা হ'ব । উপ-পঞ্জীয়কে অকলে নোৱাৰিলে ব্লক আৰু পঞ্চায়ত পৰ্যায়তো প্ৰয়োজন হ'লে পঞ্জীয়নৰ বাবে বিষয়া দিব পৰা যাব । সকলো পঞ্জীয়ন এটা প'ৰ্টেলৰ মাধ্যমেৰে হ'ব । বিবাহ আৰু বিবাহ বিচ্ছেদ দুয়োটা চৰকাৰৰ নজৰত থাকিব । এই দুয়োখন বিধেয়কৰ উপৰি এইবাৰ বৰাক উপত্যকা আৰু হোজাই জিলাত মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিবলৈ সক্ষম হ'লো ।"

আন এখন আইন সন্দৰ্ভত তেওঁ কয়, "আনহাতে বিধানসভাত ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট গৃহীত হয় । সকলো ঠিকে থাকিলে অহা ২ অক্টোবৰৰ পৰা বলবৎ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ম । অবৈধ বাংলাদেশীৰ পৰা খিলঞ্জীয়াক ৰক্ষণাবেক্ষণ দিবলৈ বিধানসভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰো ।"

  • জুম্মা নামাজৰ বিলুপ্তি সাধন :

বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিধানসভাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৃটিছৰ দিনত ১৯৩৫ চনত ৰাজ্যসমূহত বিধান পৰিষদসমূহ গঠন কৰা হৈছিল । ১৯৩৭ চনত অসমত প্ৰথম বিধানসভা আৰম্ভ হৈছিল আৰু ছাৰ চাদুল্লা সেই সময়ত অসমৰ মুখ্যমন্ত্রী হৈছিল । তেতিয়া এটা সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতি শুকুৰবাৰে জুম্মা নামাজৰ বাবে দুঘণ্টা বিধানসভা ছুটি দিয়া হ'ব । তেতিয়াৰে পৰা সেয়া চলি আহিছিল । এইবাৰ বিধানসভাৰ ৰুলচ কমিটীয়ে (য'ত সকলো দলৰে বিধায়ক থাকে) সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাক জুম্মা নামাজৰ বাবে দুঘণ্টা বিৰতি নালাগে ।"

তেওঁ লগতে কয়, "হিন্দু-খ্ৰীষ্টান আদি ধৰ্মৰ বিধায়কসকলৰ বাবে যিদৰে এনেধৰণৰ কোনো বিৰতিৰ ব্যৱস্থা নাথাকে তেনেদৰে আমাৰ মুছলমান বিধায়ক সকলেও দুঘণ্টা বিৰতি গ্ৰহণ নকৰে । অৰ্থাৎ বৃটিছ শাসনত আৰম্ভ হোৱা এটা ডাঙৰ কল'নিয়েল লিগেচি এইবাৰ আমি বিধানসভাত সমাপ্ত কৰিবলৈ সক্ষম হ'লো । এই বিষয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনত ঘোষণা কৰাৰ লগে লগে ই এক নিয়মত পৰিণত হ'ল যে এতিয়াৰে পৰা আৰু কোনো শুকুৰবাৰে জুম্মা নামাজৰ বাবে বিধানসভাই দুঘণ্টা বিৰতি নলয় । বিতৰ্ক হৈছে যদিও এই সিদ্ধান্ত অসম বিধানসভাৰ এটা সৰ্বসন্মত সিদ্ধান্ত ।"

  • প্ৰসংগ মাছ : ইউৰিয়াযুক্ত মাছৰ বাবে বৃদ্ধি পাইছে বৃক্কৰ ৰোগ:

শেহতীয়াকৈ চলি থকা মাছ বিৰ্তককলৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্রীয়ে ধিঙৰ প্ৰসংগৰে কয়, "ধিঙৰ ধৰ্ষণকাণ্ডক কেন্দ্ৰ কৰি উজনিত কিছু ঘটনা-পৰিঘটনাৰ সৃষ্টি হৈছিল । নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে উজনিত মাছ নপঠিওৱাৰ কথা ক'লে । আমি স্বাস্থ্যসন্মত মাছ খাব লাগে । অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰৰ ক্ষতি হয় । ইউৰিয়া ব্যৱহাৰ কৰি পুখুৰীত উৎপাদন কৰা মাছ স্বাস্থ্যৰ পক্ষে হানিকাৰক । ইয়াৰ দ্বাৰা বৃক্কৰ ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে । আমি অসমত ইমান ডায়েলেচিচ মেছিন আনিছো যদিও কিডনি ডায়েলেচিচৰ বাবে ৰোগীয়ে অপেক্ষাত থাকিবলগীয়া হয় । ইয়াৰ এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ । যদি নগাঁৱৰ পৰা মাছ নাযায় আৰু উজনি অসমত আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰো, তেন্তে ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্রত ইতিবাচক প্ৰভাৱ পেলাব ।"

  • মিঞা বিহুৰ প্ৰসংগত প্ৰতিক্ৰিয়া:

মিঞা গানক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, "মিঞা বিহু ওলাল । আমাক ইতিকিং কৰি গালি-গালাজ কৰি সভ্যতা-সংস্কৃতিক ইতিকিং কৰিও কিছুমানে মিঞা বিহুৰো প্ৰচলন কৰিলে । মিঞা বিহু গোৱা আলতাপ হুছেইন নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মই এটা কথা স্পষ্টভাৱে ক'ব খোজো যে যিমান দিনলৈ আমি আছো, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, সিমান দিনলৈ এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম । আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰো । আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে । আমি মিলিব লাগে মিলাব লাগে। কেৱল ধৰি ৰখাৰ প্ৰৱণতা হ'লে তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে । আমাৰ বিহু মিঞা বিহুলৈ ৰূপান্তৰ হ'লে কোনো অসমীয়াই মানি নলয় । আমি শিৰনত কৰি জীয়াই নাথাকো ।"

  • হাৰ্টৰ ৰোগত ভোগা শিশুৰ বাবে শিবিৰ :

মুখ্যমন্ত্রীয়ে কয়, "পহিলা ছেপ্টেম্বৰৰ পৰা মেডিকেল কলেজসমূহত সৰু সৰু লৰা-ছোৱালীৰ হাৰ্টৰ ৰোগৰ বাবে শিবিৰ অনুষ্ঠিত হ'ব । এই শিবিৰৰ যোগেদি হাৰ্টত থকা ছিদ্ৰসমূহৰ ক্ষেত্রত অপাৰেচনৰ প্ৰয়োজন হ'লে অসমত নাইবা বাহিৰত নি কৰোৱা হ'ব । থেলাচেমিয়া ৰোগসকলকো এই শিবিৰলৈ আমন্ত্রণ জনোৱা হৈছে । Bone marrow transplant ৰ ক্ষেত্রত ১৪ বছৰৰ তলৰ শিশুসকলৰ আমি বিনামূল্য অস্ত্রোপ্ৰচাৰৰ ব্যৱস্থা কৰিম ।"

  • সৰ্বশিক্ষাৰ ২৪ হাজাৰ শিক্ষকে লাভ কৰিব চৰকাৰী নিয়োগ পত্র:

মুখ্যমন্ত্রীয়ে লগতে কয়, "অহা ২ তাৰিখ আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন । এতিয়াও প্ৰায় ৩৫ হাজাৰ শিক্ষকে সৰ্বশিক্ষা অভিযানত কাম কৰে । এইসকলৰ চাকৰিক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে । ২০১১-১২ চনৰ পৰাই বিতৰ্ক চলি আহিছে । অহা ২ ছেপ্টেম্বৰত আমি যোগ্য বুলি বিবেচিত প্ৰায় ২৪ হাজাৰ শিক্ষকক চৰকাৰৰ আওতালৈ আনিম । অৰ্থাৎ এওঁলোক এতিয়াৰে পৰা চৰকাৰী শিক্ষক হ'ব । চৰকাৰী সকলো সুবিধা পাব । খানাপাৰাৰ খেলপথাৰত নিয়োগ পত্রসমূহ বিতৰণ কৰা হ'ব ।"

  • লখিমপুৰত কেবিনেট বৈঠক :

লখিমপুৰলৈ যোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অহা ৩ ছেপ্টেম্বৰত মই লখিমপুৰলৈ যাম । প্ৰথমে চটিয়া থানাখন চাম । য'ত ১৯৪২ চনৰ ২০ আগষ্টত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল । তাৰ পিছত বিহালীলৈ যাম । গহপুৰত কিছু সময় ৰাইজৰ লগত কটাম । বিহপুৰীয়া যাম । নিশা লখিমপুৰত কটাম আৰু ৪ ছেপ্টেম্বৰত লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ।"

কেবিনেটত খাদ্যৰ প্ৰসংগত তেওঁ কয়, "কেবিনেট বুলি বহুতৰে মনত খোৱা-বোৱাক লৈ প্ৰশ্নৰ উদয় হয় । কিন্তু এইবাৰ মই সকলো মন্ত্ৰীকে কৈছো যে চৰকাৰী খৰচত কোনো খানা খাব নালাগে । দলীয় কৰ্মী তথা বুথ পৰ্যায়ৰ নেতাৰ ঘৰত গৈ এইবাৰ মন্ত্ৰীসকলক খাদ্য গ্ৰহণ কৰিবৰ বাবে কৈছো । কেবিনেট বৈঠক বুলি কোনো বিশেষ ব্যৱস্থা কৰিব নালাগে । লগতে জিলা প্ৰশাসনকো কোনো বিশেষ খানা প্ৰস্তুত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ৫ ছেপ্টেম্বৰত আমি ডিব্ৰুগড়ত থাকিম । ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ কাৰ্যালয় এটা স্থাপন হ'ব । এতিয়াৰে পৰা মাহৰ কমেও চাৰিদিন মুখ্যমন্ত্রী ডিব্ৰুগড়ত থাকিব ।"

  • নতুন বিধেয়ক অনা হ'ব:

নতুন আইন অনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত আৰু কেইখনমান নতুন বিধেয়ক অনা হ'ব । লাভ জেহাদৰ বিৰুদ্ধে এখন আইন আহিব । অবিভক্ত গোৱালপাৰা জিলাত অনুসূচীত জনজাতিৰ মাটি অকল যাতে অনুসূচীত জাতি-জনজাতীয়ে কিনিব পাৰে তাৰ বাবে এখন শক্তিশালী আইন অনাৰ বাবে প্ৰচেষ্টা কৰিছো । অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণত বিপ্লৱ শৰ্মা কমিটিয়ে ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ যিমান পৰামৰ্শ দিছিল তাতকৈ আমি বহু ওপৰলৈ গৈ অসমীয়া মানুহৰ ভূমি সুৰক্ষিত কৰাৰ প্ৰচেষ্টা কৰিছো ।" মুখ্যমন্ত্রীয়ে লগতে কয় যে এসপ্তাহ নাইবা দহ দিনৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত হোৱাসকলে লাভ কৰিব ক্ষতিপূৰণ ।

লগতে পঢ়ক: বেলেগত ৪ ঘণ্টা দি লওঁক প্ৰথমে, অসমত পুনৰ ২ ঘণ্টাৰ নামাজ বিৰতি দি দিম : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ - Tejashwi Yadav

অসমক ভাবুকি দিবলৈ আপোনাৰ সাহস কেনেকৈ হ’ল ? মমতাক হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.