ETV Bharat / state

অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট আছে বাজেটত : মুখ্যমন্ত্রী - Assam Assembly Budget Session

Assam Budget 2024 : বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট এই বাজেটত উল্লেখ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

Assam Budget 2024
অমৃত কালৰ আইকনিক প্ৰজেক্ট এই বাজেটত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:22 PM IST

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ৰাজ্য চৰকাৰৰ 2024-25 বৰ্ষৰ বাজেট ৷ এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে কয় যে অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট এই বাজেটত উল্লেখ কৰা হৈছে ৷ এনে ধাৰণা সমূহে অসমক বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত 6 লাখ 43 হাজাৰ কোটি টকালৈ হ'বগৈ ৷ ই অসমৰ বাবে অত্যন্ত এটা সুখৰ খবৰ ৷ প্ৰতি বছৰে 15 শতাংশ হাৰত আমাৰ অৰ্থনীতি বৃদ্ধি হৈছে আৰু এই বৃদ্ধিৰ হাৰ অক্ষুণ্ণ ৰাখিব পাৰিলে অহা তিনি বছৰৰ ভিতৰত অসম 10 লাখ কোটি টকাৰ এক অৰ্থনীতিত পৰিণত হ'ব ৷ দেশৰ অৰ্থনীতিত অসমৰ অৱদান যোৱা বছৰ 1.06 শতাংশ আছিল ৷ এইবাৰ অসমৰ অৱদান 1.82 শতাংশলৈ বৃদ্ধি পাইছে ৷ বাজেটত মূলধনী ব্যয় প্ৰায় 30 হাজাৰ কোটি টকা স্পৰ্শ কৰিব বুলি ধাৰণা পোৱা গৈছে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত অসমৰ নিজস্ব ৰাজহ 30 শতাংশ বৃদ্ধি পাইছে ৷ যিটো এটা উল্লেখযোগ্য সফলতা ৷ ৰাজ্যখনত আন্দোলন বৰ্জিত পৰিৱেশৰ বাবেই অসমৰ ৰাজহ উৎপাদনৰ হাৰ নিৰন্তৰ বৃদ্ধি পাই আহিছে ৷ আনকি জি এছ টি 14 শতাংশ বৃদ্ধি হৈছে ৷ যিটো আমাৰ বাবে সাফল্যৰ বতৰা ৷ আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে 'নিযুত মইনা আঁচনি'খন এটা গেম চেঞ্জিং আঁচনি হ'ব বুলি ধাৰণা কৰা হৈছে ৷ এই আঁচনিৰ যোগেদি একাদশ শ্ৰেণীত নামভৰ্তি কৰোতে এগৰাকী ছাত্ৰীয়ে 10 হাজাৰ টকা, ডিগ্ৰীত 12,500 টকা আৰু স্নাতকোত্তৰ শ্ৰেণীত 15 হাজাৰ টকাৰ উদগনি লাভ কৰিব ৷

আনহাতে অৰুণোদয় আঁচনিত আঢ়ৈ লাখ হিতাধিকাৰী বৃদ্ধি পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, বাজেটত নতুনকৈ 35 হাজাৰ চাকৰি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে ৷ আনহাতে সামাজিক ন্যায়ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তি পৰীক্ষাত পাঁচ শতাংশৰ সুবিধা লাভ কৰিব ৷ সেইদৰে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10 হাজাৰকৈ টকা দিয়া হ'ব ৷ নগৰৰ আত্মসহায়ক গোটেও ইয়াৰ সুবিধা পাব ৷ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা বাজেটত কোৱা হৈছে ৷ বাজেটত আত্মনিৰ্ভৰশীল অসমৰ কথা কোৱা হৈছে ৷ এই বাজেটত যথেষ্ট নতুন কথা কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক : চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীৰ বাবে বাজেটে কঢ়িয়াই আনিছে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.