ETV Bharat / state

কৃতজ্ঞ অসমীয়া জাতিয়ে ৰতন টাটাক সদায়ে মনত ৰাখিব: মুখ্যমন্ত্রী

Ratan Tata: "২০১০ চনৰ পৰা তেখেতক অতি ওচৰৰ পৰা পাইছিলো । অসমৰ কাৰণে তেখেতে কিবা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল ।"-মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

CM Himanta Biswa Sarma react regarding Ratan Tata
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ (ETV Bharat Assam)

গুৱাহাটী,১০ অক্টোবৰ: "ৰতন টাটাৰ মহাপ্ৰয়াণ আমাৰ বাবে এটা বহুত ডাঙৰ ক্ষতি । তেখেত এগৰাকী অসমবন্ধু আছিল । বহুদিনৰে পৰা তেখেতৰ অসমৰ লগত নিবিড় সম্পৰ্ক আছিল । অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰাৰে পৰা আমাৰ লগত একেলগে কেঞ্চাৰ হাস্পতালসমূহ স্থাপন কৰা আৰু বহুকেইটা অনুষ্ঠানকে ধৰি অসমৰ বিকাশৰ সৈতে তেখেত অতি নিবিড়ভাৱে জড়িত হৈ আছিল ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

অসমৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি তথা মহান ব্যক্তিত্বৰ অধিকাৰী ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে কয়,"২০১০ চনৰ পৰা তেখেতক অতি ওচৰৰ পৰা পাইছিলো । প্ৰতিটো কথা-বতৰা আৰু সাক্ষাততে তেখেতে অসমবাসীৰ মনৰ কথাৰ বুজ লৈছিল । অসমৰ কাৰণে তেখেতে কিবা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু সময়-সুবিধা পালেই অসম ভ্ৰমণলৈ আহিছিল । মই অসমবাসী ৰাইজৰ হৈ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো আৰু কৃতজ্ঞ অসমীয়া জাতিয়ে ৰতন টাটাক সদায়ে মনত ৰাখিব ।"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"মই পুনৰ এবাৰ তেখেতক অসমৰ বাবে কৰি যোৱা কাম-কাজসমূহক কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছো । তেখেতক আমি আমাৰ অসম বৈভৱ বঁটা দিছিল । তেখেত অসমৰ সৈতে একেবাৰে নিবিড়ভাৱে জড়িত হৈ আছিল ।"

উল্লেখ্য যে বিলাসিতাৰ পৰা নিজকে আঁতৰাই ৰাখি মিতব্যয়ী জীৱন-যাপন কৰা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ বুধবাৰে মাজনিশা মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত মৃত্যু হয় । মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮৬ বছৰ । এইগৰাকী স্বনামধন্য উদ্যোগপতি তথা আধুনিক ভাৰতৰ খনিকৰ ৰতন টাটাৰ বিয়োগত আজি ম্ৰিয়মান সমগ্ৰ দেশবাসী । অসমতো মানৱদৰদী ৰতন টাটাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: অসমহিতৈষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

ৰতন টাটাৰ বাবেই আজি অসমত সহজলভ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.