ETV Bharat / state

তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:27 PM IST

Plant for Mother: দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসিক চৌহদৰ উদ্যানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গছপুলি ৰোপণ । ২০ আগষ্টলৈ ৰাজ্যত ৰোপণ কৰা হ'ব ৩ কোটি গছপুলি । বিগত বৰ্ষত এক কোটি গছপুলি ৰোপণ কৰা হৈছিল । ইয়াৰে ৯৫ শতাংশ গছপুলি জীয়াই আছে ।

Plant for mother
অমৃত বৃক্ষ আন্দোলন (ETV Bharat)

গুৱাহাটী, ১ আগষ্ট : লক্ষ্য ২০ আগষ্টলৈকে ৩ কোটি গছপুলি ৰোপণ । এই লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন । দিছপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদৰ উদ্যানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি অশোক গছৰ পুলি ৰোপণ কৰি চলিত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ।

অমৃত বৃক্ষ আন্দোলন (ETV Bharat Assam)

অমৃত বৃক্ষ আন্দোলনৰ মূল বিষয়বস্তু :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গছপুলি একোডাল নিজ নিজ মাতৃৰ নামত ৰোপণ কৰিবলৈ দেশবাসীক জনোৱা আহ্বানৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰে ‘‘এজোপা গছ মাৰ নামত’’ শীৰ্ষক মূল বিষয়বস্তু লৈ এই বৰ্ষৰ অমৃত বৃক্ষ আন্দোলন গ্ৰহণ কৰিছে । এইবাৰ মুঠ ৩ কোটি গছপুলি ৰাজ্যৰ চুকে-কোণে ৰোপণৰ লক্ষ্য লৈছে অসম চৰকাৰে ।

অমৃত বৃক্ষ আন্দোলন ২.০ :

অমৃত বৃক্ষ আন্দোলন ২.০ ৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইয়াৰ অংশ হিচাপে আজিৰে পৰা ২০ আগষ্টলৈ ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ আঁচনি ৰূপায়ণ কৰা হ'ব । প্ৰধানমন্ত্ৰীৰ দ্বাৰা আৰম্ভ কৰা সেই ক্ৰমণিকাৰ অধীনত আজি পুৱা মন্ত্ৰীসকলৰ আৱাসিক চৌহদত এটি গছপুলি ৰোপণ কৰো । মাতৃৰ সমান শ্ৰেষ্ঠ কোনো হ'ব নোৱাৰে৷ মাতৃয়ে যেনেকৈ সন্তানক জন্ম দি তুলি-তালি ডাঙৰ-দীঘল কৰে, ঠিক তেনেদৰেই আমি গছপুলিসমূহ লালন-পালন কৰি তুলিব লাগিব । জন অংশীদাৰিত্বৰ এই কাৰ্যসূচীত মাতৃৰ নামত এডাল গছপুলি ৰোপণ কৰি এখন সেউজ অসম নিৰ্মাণৰ মহৎ পদক্ষেপত সকলোৱে অংশ লওক ।’’

লগতে পঢ়ক : জধে-মধে গছ কটা বন্ধ নহ’লেও অমৃত বৃক্ষ আন্দোলন কৰিবই চৰকাৰে: তিনিচুকীয়াত সাজু 32 লাখ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

৩ কোটি গছপুলি ৰোপণ :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ ৰাজ্যত ১৫ আগষ্টলৈকে ৩ কোটি গছপুলি ৰোপণ কৰিম । এই ৩ কোটি গছপুলি আমাৰ বন বিভাগে নিজৰ নাৰ্ছাৰীতে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে । ৩ কোটি গছপুলি ৰোপণ কৰিব পাৰিলে অসমৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে বহুত ডাঙৰ অৱদান হ'ব । গছপুলি ৰোপণ কৰি ফটো মাৰি প'ৰ্টেলত আপলোড কৰা হ'ব । যাতে হিচাপটো কৰিব পৰা যায় । আজিৰে পৰা ১৫ আগষ্টলৈ চলিব যদিও প্ৰয়োজন হ'লে আৰু পাঁচ দিন অৰ্থাৎ ২০ আগষ্টলৈ এই কাৰ্যসূচী চলাই নিব পাৰিব ।’’

বিগত বৰ্ষত গছপুলি ৰোপণ :

বিগত বৰ্ষত গছপুলি ৰোপণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যোৱা বছৰ এক কোটি গছপুলি ৰোপণ কৰা হৈছিল । ইয়াৰে ৯৫ শতাংশ গছপুলি জীয়াই আছে ।’’ ইফালে বিভিন্ন ঠাইত বিগত বৰ্ষত ৰোপণ কৰা গছপুলি বৰ্তমান নাই বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক উদ্দেশ্যি কয়, ‘‘গছপুলি য'ত য'ত নাই বুলি কৈছে তাত আপোনালোক মোৰ লগত ওলাব । কথাটো ভুল হ'লে আপোনালোকে ক্ষমা খুজিব লাগিব ।’’

লগতে পঢ়ক : ধুবুৰীত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী : প্ৰস্তাৱিত বন সংৰক্ষিত বনাঞ্চলৰ সন্দৰ্ভত আলোচনা - Chandra Mohan Patowary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.