ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰলৈ মুখ্যমন্ত্ৰী : প্ৰদান কৰিব বিষ্ণু ৰাভা বঁটা - Bishnu Rabha Award 2024 - BISHNU RABHA AWARD 2024

Bishnu Rabha Divas : কলিবাৰীস্থ বিষ্ণু ৰাভাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা আৰু ৰাজ্যিক পৰ্যায়ৰ 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হ’ব ৷

BISHNU RABHA AWARD 2024
বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:49 PM IST

তেজপুৰ, 19 জুন : দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেজপুৰত অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা 2024 বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই দিৱসত অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়োৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰিব ৷

তেজপুৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব সংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া ৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা আৰু ৰাজ্যিক পৰ্যায়ৰ 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হ’ব ৷

বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হ’ব ৷ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ’ব আজান পীৰ বঁটা ৷ লগতে বিশিষ্ট শিক্ষয়িত্ৰী-শিল্পী বন্দনা দত্তক অমলপ্ৰভা দাস বঁটা, বিশিষ্ট সমাজসেৱীকা ড৹ সুনীতা চাংকাকতিক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, বিশিষ্ট কবি আনিছ উজ জামানক গণেশ গগৈ বঁটা, বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকাক মামণি ৰয়ছম গোস্বামী বঁটা, বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাক চৈয়দ আব্দুল মালিক বঁটা, বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োক আহমদ আলি বাঁশকান্দি বঁটা ,বিশিষ্ট সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা আৰু বিশিষ্ট সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মৰাণক 2024 বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক : লোকশিল্পী ধৰ্মেশ্বৰ নাথ-চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যলৈ 'বিষ্ণু ৰাভা বঁটা' - BISHNU RABHA AWARD

আনহাতে বিষ্ণু ৰাভা বঁটাৰ লগতে মুঠ আঠটা বিভিন্ন শিতানৰ বঁটা প্ৰদান কৰা হ’ব ৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৃহস্পতিবাৰে তেজপুৰ মিছন চাৰিআলিৰ নিৰ্মীয়মান উৰণ সেতু পৰিদৰ্শন কৰিব ৷ এই সেতু ৰাষ্ট্ৰীয় ঘাইপথ 15 আর 37ক সংযোগ কৰি কলিয়া ভোমোৰা দলঙত সংযুক্ত হ’ব ৷ প্ৰায় 274 কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হৈছে এই সেতু ৷ আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই বিয়লি তেজপুৰ প'ল ফিল্ডত ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি কলিবাৰীস্থ বিষ্ণু ৰাভাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বঁটাসমূহ প্ৰদান কৰিব ৷ নিশালৈ মুখ্যমন্ত্ৰীজনে তেজপুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ কৰ্পছত এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰি নিশা তেজপুৰ আৱৰ্ত ভৱনত কটাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি, উথপথপ হ’ব নীলাচলৰ বাকৰি - AMBUBACHI MELA 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.