ETV Bharat / state

অসমৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭০০ কোটি টকা - Assam tea gardens

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 4:56 PM IST

Central govt fund to Assam tea gardens : অসম আৰু পশ্চিমবংগৰ চাহ বাগিচাৰ হাস্পতাল আৰু স্কুলৰ উন্নয়নৰ বাবে কেন্দ্ৰই অনুমোদন দিছে ১০০০ কোটি টকা । ইয়াৰ ৭০০ কোটি অসমৰ ৷

Central govt fund to Assam tea gardens
হ শ্ৰমিকৰ উন্নয়নৰ বাবে কেন্দ্ৰীৰ ৭০০ কোটি টকা (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : অসমৰ চাহ বাগিচাত হাস্পতাল আৰু স্কুলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭০০ কোটি টকা অনুমোদন দিছে । বৃহস্পতিবাৰে বিধানসভাত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বুধবাৰে চাহ বাগিচাৰ উন্নয়নৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু পশ্চিমবংগৰ চাহ বাগিচাৰ হাস্পতাল আৰু স্কুলৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা দিছে । ইয়াৰে ৭০০ কোটি টকা অসমৰ বাবে ধাৰ্য কৰিছে ।"

অসমৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭০০ কোটি টকা (Assam Legislative Assembly)

তেওঁ কয়, ‘‘অসমৰ বাগিচা এলেকাত ১০০ খন হাইস্কুল নতুনকৈ নিৰ্মাণ কৰা হ’ব । আকৌ অহা বছৰ অসমৰ বাগিচা এলেকাত ১০ খন ডিগ্ৰী কলেজ নিৰ্মাণ কৰা হ'ব । এই কলেজ চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানসকলৰ বাবে মুখ্যতঃ নিৰ্মাণ কৰা হ’ব । আকৌ ৯০০ খন‌ বাগিচাত ৰাস্তা নিৰ্মাণ কৰাৰ বাবে ৯০০ কোটি টকা অসম চৰকাৰে ধাৰ্য কৰিছে । অহা বছৰ ৮ লাখ বাগিচাৰ শ্ৰমিকক ছাত্ৰ- ছাত্ৰীৰ পঢ়াৰ খৰচৰ বাবে নগদ ধন দিয়া হ’ব ।’’ মুখ্যমন্ত্ৰীয়ে জনাই যে শ্বহীদ দয়াল দাস পানিকা আঁচনিৰ বাবে আৱেদন কৰা ২৬০০ হাজাৰ আৱেদনকাৰীক অহা বছৰত এই আচঁনিৰ সুবিধা দিয়া হ’ব ।

বাগিচাৰ শ্ৰমিকৰ মজুৰি লৈ বিৰোধীৰে বাক-বিতণ্ডা মুখ্যমন্ত্ৰী :

বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ দি থকাৰ সময়ত মাজতে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰশ্ন তোলে ৷ অখিল‌ গগৈয়ে কয়, ‘‘বি জে পিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা বৃদ্ধিৰ প্ৰতিশ্ৰুতি পালন কৰিলে সকলো হৈ যাব ৷’’ মুখ্যমন্ত্ৰীয়ে উত্তৰত কয়, ‘‘ভাস্কৰজ্যোতি বৰুৱাই চাহ শ্ৰমিকৰ মজুৰি কেতিয়া বঢ়াব সেয়া ক'ব লাগে ৷’’

তেতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই থিয় হৈ কয়, ‘‘মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ অধীনত থকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ উত্তৰ দিব লাগে । বেলেগ কথা কৈ বিধানসভাৰ প্ৰশ্নকালীন সময় নষ্ট কৰিব নালাগে ৷ বি জে পিৰ ভিছন ডকুমেণ্টত চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল । তাৰ উত্তৰ দিয়ক ।’’

তেতিয়া মুখ্যমন্ত্ৰীয়ে কয়, ‘‘নিজৰ ইতিহাস বেয়া । বি জে পিয়ে চাহ শ্ৰমিকৰ বাবে বহুত কৰিছে ।‌ কংগ্ৰেছে কি কৰিছে ?’’ এনেদৰে বিষয়টো তৰ্ক-বিতৰ্কলৈ যোৱাত শেষত বিষয়টো‌ত বিধানসভাৰ অধ্যক্ষই হস্তক্ষেপ কৰে ।

লগতে পঢ়ক : ধৰ্মৰ ভিত্তিত মাটি কিনা-বেচাৰ বিধেয়ক উত্থাপন কৰাক লৈ বিৰোধীৰ সদন ত্যাগ

বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয়: তেজপুৰত সাংসদ গৌৰৱ গগৈ

অসমৰ শিক্ষাৰ্থীক মাধমাৰ শোধোৱা সিদ্ধান্ত পৰিহাৰ কৰক: USTM বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক সকীয়নি আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.