ETV Bharat / state

মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:27 PM IST

Mission Basaundhara 2.O : মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰ্বমুঠ ৩৮,২২৩ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে ৷

CM HIMANTA BISWA SARMA IN DHEMAJI
মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ
মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ

ধেমাজি, 22 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি আৰম্ভ হৈছে মিছন বসুন্ধৰা ২.০ ৷ বৃহস্পতিবাৰে মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে সৰ্বাধিক ভূমি পট্টাৰ প্ৰমাণপত্ৰ ৷ আজি ধেমাজিত উপস্থিত হৈ খিলঞ্জীয়া লোকসকলৰ মাজত ভূমি পট্টাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাজ্যৰ ভিতৰতে প্ৰথমতে ধেমাজিত এই পট্টা বিতৰণ কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ ধেমাজি জিলাখনৰ ধেমাজি আৰু জোনাই সমষ্টি দুটাত সৰ্বমুঠ ৩৮,২২৩ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰা হয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে হেলিকপ্টাৰেৰে ধেমাজি ষ্টেডিয়ামত পদাৰ্পণ কৰে আৰু ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বিশাল ৰাজহুৱা সভাত অংশ লয় ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ১০ গৰাকী লোকক ভূমি পট্টাৰ বিতৰণ কৰে ৷

ইয়াৰোপৰি মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজি সমষ্টিটোত সৰ্বমুঠ ১২,০৬৮ গৰাকী খিলঞ্জীয়া লোকে লাভ কৰিছে ভূমি পট্টাৰ প্ৰমাণপত্ৰ ৷ ইপিনে জিলাখনৰ চিমেন চাপৰি এচ বি বড়ো খেলপথাৰত জোনাই সমষ্টিটোৰ ১২,৯৩২ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মিছন বসুন্ধৰা ২.০ ধেমাজিৰ পৰা আনুষ্ঠানিক আৰম্ভ কৰা হৈছে ৷ ডিজিটেল পট্টা দিয়াৰ ব্যৱস্থা আজিৰ পৰাই কৰা হ’ব| মিছন বসুন্ধৰাৰ পৰা আটাইতকৈ উপকৃত হোৱা জিলা হৈছে ধেমাজি ৷ মিছন বসুন্ধৰা ২.০ ধেমাজিৰ পৰা আনুষ্ঠানিক আৰম্ভ কৰা হৈছে ৷ ইয়াৰ লগতে ডিজিটেল পট্টা দিয়াৰ ব্যৱস্থা আজিৰ পৰাই কৰা হ’ব ৷

মিছন বসুন্ধৰাৰ পৰা আটাইতকৈ উপকৃত হোৱা জিলা হৈছে ধেমাজি ৷ ককায়েক-ভায়েকৰ মাজত মাটি-বাৰীৰ বাবে কাজিয়া নোহোৱা কৰি দিব এই ব্যৱস্থাসমূহে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব যাতে অসম আৰু উত্তৰ-পূব উপকৃত হ’ব পাৰে ৷

লগতে পঢ়ক: এটা পচা আলুৰ বাবে কংগ্ৰেছ দল গেলিছে: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.