ETV Bharat / state

আশ্ৰয়হীন জ্যেষ্ঠ নাগৰিকৰ নতুন ঠিকনা হ'ব তপোবন - Shelter home inaugurate by CM

Shelter home inaugurate by CM: বৃদ্ধাৱস্থাত নিজ গৃহতে এলাগী হৈ পৰা একাংশ বৃদ্ধৰ বাবে এক বিশেষ পদক্ষেপ । জ্যেষ্ঠ নাগৰিকক আশ্ৰয় প্ৰদান কৰাৰ উদ্দেশ্যেৰে তেজপুৰত নিৰ্মাণ কৰা হয় 'তপোবন' নামেৰে এটি আশ্ৰয়গৃহ । ইতিমধ্যে তলৰ মহলাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা আশ্ৰয়গৃহটি আনুষ্ঠানিকভাৱে শুকুৰবাৰে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma formally inaugurates Tapovan shelter home
তপোবন' আশ্ৰয় গৃহ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:51 PM IST

তেজপুৰ,২১ জুন: বৃদ্ধ বা জ্যেষ্ঠ অৱস্থাত বহু লোকে নিজৰ ঘৰখনতেই এলাগী হৈ পৰে । বৰ্তমান সময়ত দেখা যায় যে আধুনিকতাৰ ধামখুমীয়াত সন্তানেই এলাগী কৰে পিতৃ-মাতৃক । ফলত নিজে সজা ঘৰখন এৰি আহিবলৈ বাধ্য হোৱা বহু লোকে বৃদ্ধাৱস্থাত থাকিবলৈ এক আশ্ৰয়স্থল বিচাৰি হাবাথুৰি খাই থকা খবৰ প্ৰায়ে প্ৰকাশ পায় । কিন্ত এই বৃদ্ধসকলৰ বাবে সমাজত এতিয়া বহুজনে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে । সেই উদ্দেশ্যেৰে তেজপুৰ মাজগাঁৱত নিৰ্মাণ কৰা হয় 'তপোবন' নামেৰে এক আশ্ৰয়গৃহ ।

তপোবন' আশ্ৰয় গৃহ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

জ্যেষ্ঠজনৰ বাবে নিৰ্মাণ কৰা আশ্ৰয়গৃহটি শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ সৌজন্যত বিয়াজু নামৰ সংস্থাটোৱে CSR কোষলৈ আগবঢ়োৱা ধনৰাশিৰে নিৰ্মাণ কৰি উলিওৱা তপোবন আশ্ৰয়গৃহ পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু উৰুলি, শংখধ্বনিৰ মাজত ফিটা কাটি মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰথম পৰ্যায়ত আশ্ৰয়গৃহটোৰ তলৰ মহলাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে আৰু অনাগত দিনত চৰকাৰে বাকী ৰোৱা কাম সম্পূৰ্ণ কৰি তুলিব বুলি উল্লেখ কৰে ৷

আনহাতে এইধৰণৰ আশ্ৰয়গৃহ প্ৰয়োজন সাপেক্ষে অসমৰ অন্য স্থানতো নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে । শোণিতপুৰৰ জিলা আয়ুক্তৰ তত্বাৱধানত এই আশ্ৰয়গৃহৰ তলৰ অংশৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে । পৰৱৰ্তী সময়ত প্ৰথম মহলাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে আৰু বহু জ্যেষ্ঠ নাগৰিকক আশ্ৰয় প্ৰদান কৰিবলৈ সক্ষম হ'ব । বৰ্তমান সময়ত ১৫ জন লোকে আশ্ৰয় গ্ৰহণ কৰিব পাৰিব এই আশ্ৰয়গৃহত ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে দিলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত : চাৰি নতুন সদস্যৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা - Assam Govt Ministry Reshuffle

নৱগ্রহ শ্মশান কালী মন্দিৰত কৰ্কট ৰোগীৰ বাবে আশ্ৰয়গৃহ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.