ETV Bharat / state

জব্দ হোৱা ড্ৰাগছৰ ওপৰেৰে ৰোলাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:40 PM IST

International day against drug abuse : বুধবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চলালে ৰোড ৰোলাৰ ৷ হাজাৰ-হাজাৰ কোটি টকাৰ ড্ৰাগছৰ ওপৰত ৰোলাৰ চলাই মুখ্যমন্ত্ৰীয়ে আপলোড কৰিলে ভিডিঅ’ ৷

International day against drug abuse
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (X/@himantabiswa)

গুৱাহাটী, ২৬ জুন : বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল ৰোলাৰ চালকৰ ৰূপত ৷ চালকৰ আসনত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে এফালৰ পৰা নষ্ট কৰি গ’ল প্ৰায় 2100 কোটি টকাৰ ড্ৰাগছ ৷

উল্লেখ্য যে আজি আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস ৷ এই আন্তৰ্জাতিক দিৱসৰ লগত সংগতি ৰাখি ইতিপূৰ্বে জব্দকৃত ড্ৰাগছৰ ওপৰত ৰোলাৰ চলালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইয়াৰ জৰিয়তে এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বুধবাৰে নতুন দিল্লীত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰা বিশেষ ভিডিঅ’টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

ভিডিঅ’টো আপলোড কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে- “অসমে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ চলাই আহিছে, ড্ৰাগছে কঢ়িয়াই অনা ভাবুকিৰ ওপৰত আক্ৰমণ চলাই অহা হৈছে ৷ ইতিমধ্যে 2,100 কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ আমি ড্ৰাগছমুক্ত অসম সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো ৷ যাতে আমাৰ সন্তানসকলে নিচাযুক্ত দ্ৰব্যৰ ভাবুকিৰ পৰা সুৰক্ষিত হৈ সুস্থ জীৱন যাপন কৰিব পাৰে ৷ আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহবিৰোধী দিৱসত আমি নিজকে ড্ৰাগছমুক্ত ভাৰতৰ বৃহত্তৰ লক্ষ্যৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হওঁ ৷’’

লগতে পঢ়ক: আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস : জ্বলাই নষ্ট কৰিলে কোটি টকাৰ ড্ৰাগছ

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা তিনিটা বছৰৰ কাৰ্যকালত নিজৰ চৰকাৰৰ অন্যতম সফলতা হিচাবে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ কথা উল্লেখ কৰি আহিছে । আই জি পি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ড্ৰাগছবিৰোধী অভিযানৰ বাবে এছ টি এফো গঠন কৰি দিছিল অসম চৰকাৰে ৷ এই বিশেষ তদন্তকাৰী গোটে নিজৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে আৰু বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰি আহিছে ৷

লগতে পঢ়ক: বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.