ETV Bharat / state

কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কি হৈছিল ? দিল্লীৰ পৰা কোনে বাধা দিছিল টেট শিক্ষক নিযুক্তিত ? - Appointment letter distribution

Distribution of permanent appointment letter: সমগ্ৰ শিক্ষাৰ অধীনত ২৩,৯৫০ গৰাকী শিক্ষকক সোমবাৰে স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানতেই পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Distribution of permanent appointment letter
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 3:32 PM IST

গুৱাহাটী, ২ছেপ্টেম্বৰ: কংগ্ৰেছৰ শাসনত আৰম্ভ হোৱা টেট শিক্ষক নিযুক্তিৰ বহুত গোপন‌ কথা ফাদিল‌ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত সোমবাৰে সমগ্ৰ শিক্ষাৰ অধীনত ২৩,৯৫০ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী হিচাপে সন্মুখীন হোৱা কেতবোৰ অধ্যায় ফাদিল কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

কোনো ৰাজনৈতিক সমৰ্থন নাছিল:

টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"২০১৩ চনত অসমত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল । আগৰ যি শিক্ষক নিযুক্তিৰ যি ব্যৱস্থা আছিল সেয়া কুলষিত আৰু পংকিলতাৰে পৰিপূৰ্ণ আছিল । কংগ্ৰেছৰ শাসনত শিক্ষামন্ত্ৰী থাকোতে টেট শিক্ষক নিযুক্তি দিয়াৰ বাবে বলিষ্ঠভাৱে আগবাঢ়িছিলো । কিন্তু মোৰ লগত কোনো ৰাজনৈতিক সমৰ্থন নাছিল । নিজৰ চৰকাৰখনৰ ভিতৰতে সমালোচনাৰ সম্মুখীন হৈছিলো ।"

জমিয়তৰ অধ্যক্ষ আছাদ মাদানীয়ে কি কৈছিল :

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ২০১২ চনত যেতিয়া টেট শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লৈছিলো তেতিয়া দিল্লীৰ‌ পৰা জমিয়তৰ অধ্যক্ষ আছাদ মাদানী অসমলৈ দৌৰি আহি অসমত টেট শিক্ষক নিযুক্তি বন্ধ কৰাৰ বাবে তদানীন্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক কৈছিল । মোৰ এতিয়াও মনত আছে সৰ্বশিক্ষা মিছন সঞ্চালকৰ কোঠাত ৰাজনৈতিক হেঁচাত এগৰাকী উচ্চপদস্থ আমোলাই কান্দিছিল । তেওঁ মোক অনুৰোধ কৰিছিল যে ছাৰ টেট শিক্ষক নিযুক্তি বন্ধ কৰি মোৰ চাকৰিটো‌ বচাওক ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল‌ গগৈৰ নাম নোলোৱাকৈয়ে তেওঁক সমালোচনা কৰি কয়," বৰ্তমান বিধানসভাত হুলস্থূল কৰি থকা এগৰাকী নিৰ্দলীয় বিধায়কে তেতিয়া কৈছিল যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থকালৈহে টেট শিক্ষকৰ চাকৰি থাকিব । তাৰ পিছত নাথাকে ।‌ মই কোনো ৰাজনৈতিক মুনাফা আদায়ৰ বাবে টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাছিলো ।"

২৩৯৫০ শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে খানাপাৰা খেলপথাৰত সমগ্ৰ শিক্ষাৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ ২৩,৯৫০ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰে । এই অনুষ্ঠানটোত তেওঁ কয়," তিনিবছৰ চাকৰি কৰা‌ সৰ্বশিক্ষা শিক্ষকৰ চাকৰি অহা বছৰৰ পৰা নিয়মীয়া‌ কৰা‌ হ'ব । লগতে ১০-১২ বছৰ চৰত চাকৰি‌ কৰা শিক্ষকক ভাল ঠাইলৈ অহা বছৰৰ পৰা এক তৃতীয়াংশ‌ হিচাপত বদলি কৰা‌ হ'ব ।"

৫০ হাজাৰ নতুন চৰকাৰী চাকৰি:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয়," অহা বছৰ বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ ৫০ হাজাৰ নিযুক্তি দিয়া হ'ব । " তেওঁ কয় যে ২০২১ চনৰ পিছত অসম চৰকাৰে ১ লাখ স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কআমাৰ চৰকাৰ অসমৰ যুৱ সমাজৰ প্রতি দায়বদ্ধ : হিমন্ত বিশ্ব শৰ্মা - Appointment letter distribution:

শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.