ETV Bharat / state

ব'হাগ বিহুৰ পূৰ্বে সম্পন্ন হ’ব 35 হাজাৰ চাকৰি প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা - Recruitment in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:16 AM IST

CM Himanta Biswa Sarma: ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ বৃহৎ ঘোষণা । 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ 6434 টা পদৰ শাৰীৰিক যোগ্যতাৰ পৰীক্ষা । এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ’ব । পৰীক্ষা হ'ব লোকসেৱা আয়োগৰ আৰ্হিত । হাইস্কুলত গণিতৰ গ্ৰেজুৱেট শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব ।

cm himanta biswa sarma announces 35 THOUSAND RECRUITMENT before Bohag bihu
সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 9 জুলাই: "অসম আৰক্ষীৰ 6434 টা পদৰ শাৰীৰিক যোগ্যতাৰ পৰীক্ষা 3 অক্টোবৰৰ পৰা আৰম্ভ হ’ব "- সোমবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে বান সাহায্য অভিযানৰ লগতে চৰকাৰৰ আন কামবোৰ যাতে সমান্তৰালভাৱে আগুৱাই যায় তাৰ বাবে নিযুক্তি সম্পৰ্কীয় কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ কথা সদৰী কৰে । বাঢ়নী পানী শুকুৱাৰ পিচত খেলপথাৰবোৰ মুকলি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে সকলোকে শাৰীৰিক যোগ্যতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায় ।

অসম আৰক্ষীত নিযুক্তি

শাৰীৰিক, লিখিত আৰু মৌখিক পৰীক্ষা সম্পন্ন কৰি এই বিত্তীয় বৰ্ষতে আৰক্ষীৰ এই 6434 টা পদ পূৰণ কৰা হ'ব । মুখ্যমন্ত্রীয়ে লগতে কয়, "এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা আৰ্হিত হ'ব । আনহাতে এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা একে আৰ্হিত 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব । তৃতীয় বৰ্গত প্ৰায় 5700 পদ আছে আৰু চতুৰ্থ বৰ্গত 4500 পদ খালী হৈ আছে । এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে এই পদসমূহ পূৰণ কৰা হ'ব ।

শিক্ষা বিভাগত নিযুক্তি

শিক্ষক নিযুক্তিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় "প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াও অতি শীঘ্ৰে আৰম্ভ হ'ব । মাধ্যমিক শিক্ষাৰ নিযুক্তিৰ ক্ষেত্রত কিছু পলম হ'ব । এইবাৰ প্ৰথমবাৰৰ বাবে গণিত বিষয়ৰ ক্ষেত্রত গ্ৰেজুৱেট শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব । হাইস্কুলত গ্ৰেজুৱেট গণিত শিক্ষকৰ পদ হ'ব । প্ৰথম অৱস্থাত প্ৰায় দুই হাজাৰ গণিত শিক্ষকৰ গ্ৰেজুৱেট পদ সৃষ্টি কৰিব লাগিব আৰু যাৰ বাবে মাধ্যমিক শিক্ষাৰ নিযুক্তি প্ৰক্ৰিয়া কিছু পলমকৈ আৰম্ভ হ'ব ।"

কেতিয়া অনুষ্ঠিত হ’ব পৰীক্ষা ?

বিভিন্ন বিভাগত হ’বলগীয়া এই প্ৰায় 35 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া মাৰ্চ নাইবা এপ্ৰিল অৰ্থাৎ ব'হাগ বিহুৰ পূৰ্বে সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে কয় । নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াই মুখ্যমন্ত্রীগৰাকীৰ দায়ৱদ্ধতা আছিল বুলি সদৰী কৰি তেওঁ কয়, "মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ এই ব্যৱস্থাটোৱে ৰাজনৈতিকভাৱে ক’ৰবাত ক’ৰবাত আমাৰ ক্ষতিও কৰে । আনকি দলৰ কাৰ্যকৰ্তায়ো দলত থাকি চাকৰি এটা নাপাওঁ বুলি মনত দুখ পায় । মেধাৰ ভিত্তিত নিযুক্তি দিয়াটো মোৰ দায়ৱদ্ধতা । অসমত পূৰ্বতে মেধাৰ ভিত্তিত এনেদৰে কেতিয়াও নিযুক্তি হোৱা নাছিল । এক লাখ নিযুক্তি সমাপ্ত কৰি আৰু 50 হাজাৰ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আমি ধাৱমান হৈছো ।"

মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "এইবাৰ ৰাজ্যৰ মহাবিদ্যালয়সমূহত এক লাখৰো অধিক শিক্ষাৰ্থীক বিনামূলীয়াকৈ নামভৰ্তি কৰোৱা হৈছে । অৱশ্যে দুই-এখন কলেজে 650 টকাকৈ শিক্ষাৰ্থীৰ পৰা লোৱা বুলি অভিযোগ উত্থাপন হৈছে । 10 জুলাইত মহাবিদ্যালয়সমূহে বিনামূলীয়া নামভৰ্তিৰ বাবে হোৱা ক্ষতিৰ সমুদায় ধন চৰকাৰৰ পৰা ওভতাই পাব । ইয়াৰ পৰিমাণ প্ৰায় 60 কোটি টকা ।"

বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "ৰাজ্যৰ বান পৰিস্থিতি লাহে লাহে উন্নত হৈছে । নদীসমূহৰ জলস্তৰ লাহে লাহে কমিছে । দুই-তিনিদিনৰ ভিতৰত পৰিস্থিতি আৰু উন্নত হ'ব । মন্ত্রীসকল বিভিন্ন জিলালৈ গৈছিল বান সাহায্যত সহায় কৰাৰ বাবে । অহা বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব । আকৌ এবাৰ বান ক্ষতিগ্ৰস্ত এলেকালৈ মন্ত্রীসকলক পঠিওৱা হ'ব । যাতে বানৰ পিচত পুনৰ সংস্থাপনৰ ক্ষেত্রত কাম কৰিব পৰা যায় ।"

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "বানত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱাসকলক 15 আগষ্টৰ পূৰ্বে যাতে সহায় আগবঢ়াব পাৰো তাৰ বাবে আকৌ এটা প্ৰচেষ্টা চলোৱা হ'ব । যাৰ বাবে মন্ত্রীসকল পুনৰ বান ক্ষতিগ্ৰস্ত জিলালৈ যাব ।"

সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা সোমবাৰৰ নিশাৰ এই ভিডিঅ’টোত মুখ্যমন্ত্রীয়ে কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱা গুৱাহাটীৰ অবিনাশ সৰকাৰৰ প্ৰসংগ উল্লেখ কৰি দুখ প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে ।

লগতে পঢ়ক: নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী - Lack of teachers IN GOVT SCHOOL

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ : আছু - GU Cash for marks Scam

এছ আই টিয়ে তদন্ত সম্পূর্ণ নকৰা ৩৯ বিষয়াৰ অধিকাংশই আছিল অনুত্তীর্ণ - APSC Scam

ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.