ETV Bharat / state

মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ পুনৰ যুক্তি প্ৰদৰ্শন মুখ্যমন্ত্রীৰ - Muslim population in Assam - MUSLIM POPULATION IN ASSAM

Muslim population politics: পুনৰ মুছলমানৰ জনসংখ্য়া প্ৰসংগত মন্তব্য় কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পিছে এইবাৰ কোনখন কিতাপৰ পাত লুটিয়াই যুক্তি দিলে মুখ্যমন্ত্রীগৰাকীয়ে ?

Muslim population in Assam
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMANTA BISWA SARMA 'X')
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:28 PM IST

Updated : Jul 20, 2024, 10:43 PM IST

গুৱাহাটী, ২০ জুলাই : ৰাজ্যৰ ৰাজনীতিত এতিয়া পুনৰ 'মুছলমান'ৰ প্ৰসংগ । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই প্ৰসংগ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে । ঝাৰখণ্ডৰ ৰাঁচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানৰ সংখ্যা বৃদ্ধিক লৈ কৰা মন্তব্যৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ বিৰোধীয়ে মুখ্যমন্ত্রীৰ মন্তব্যকলৈ সৰৱ হৈ পৰিছে ।

মুখ্যমন্ত্রীগৰাকীয়ে কৈছিল যে ১৯৫১ চনত অসমত মুছলমানসকল জনসংখ্যাৰ মাত্ৰ ১২ শতাংশ আছিল। বৰ্তমান তেওঁলোকৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ হৈছে । জনগাঁথনিগত পৰিৱৰ্তন অসমৰ বাবে ৰাজনৈতিক সমস্যা নহয় জীৱন-মৰণৰ কথা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছিল । ইয়াকলৈ বিৰোধীয়ে মুখ্যমন্ত্রীক বিভিন্ন ধৰণে সমালোচনা কৰাৰ পিছত শনিবাৰে পুনৰ মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমত দুটাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "বহুজনে সুধিছে যে আমি অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কি কৰিছো ? থাউকতে এক সৰল উদাহৰণ দিব বিচাৰিছো । যোৱা ৩ বছৰত চৰকাৰে বেদখলকাৰীসকলক উচ্ছেদ কৰিছে আৰু ১৬,৭৭৬ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে । যাৰ ভিতৰত আছে ৯,৬৪৬ হেক্টৰ বনাঞ্চল আৰু ৭,১৩০ হেক্টৰ ৰাজহ ভূমি । বেদখলকাৰীসকল কোন আছিল ? কোনো উত্তৰৰ প্ৰয়োজন হয়তো নাই ।" এইদৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক:মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

সামাজিক মাধ্যম যোগে আন এটা প্ৰতিক্ৰিয়াত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "ৰাজনৈতিক গণ্ডীৰ ঊর্ধ্বত কেৱল তথ্যই কথা কয় ! বিগত দুটা দিনৰ পৰা কংগ্রেছে ২০৫১ চনৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব বুলি আমি কোৱাৰ বাবে নেতিবাচক মন্তব্য আৰু গালি-গালাজ কৰি আহিছে । লোকপিয়লৰ আধাৰত অসমৰ বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ বিশ্লেষণে দেখুৱাইছে যে বর্তমানৰ ক্রমবর্ধমান গতি যদি অব্যাহত থাকে তেন্তে অসম কিদৰে ২০৫১ চনৰ ভিতৰত মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হৈ পৰিব । এই জনগাঁথনিগত পৰিৱৰ্তনবোৰ উপেক্ষা কৰিলেও বাস্তৱিকতা সলনি নহয় । প্রকৃততে সংখ্যালঘু তুষ্টিকৰণে কংগ্ৰেছক দৃষ্টিহীন কৰি তুলিছে।"

আনকি মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যম যোগে মৃণাল তালুকদাৰৰ 'The Game Called NRC' নামৰ গ্ৰন্থখনৰ বেতুপাটৰ লগতে গ্ৰন্থখনত দিয়া পৰিসংখ্যা উল্লেখ কৰিছে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীয়ে নিজৰ মন্তব্যৰ সত্যতা প্ৰতিপন্ন কৰাৰ বাবে পুনৰ এনেদৰে দাঙি ধৰিলে যুক্তি।

লগতে পঢ়ক:ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ব লাগে : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

Last Updated : Jul 20, 2024, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.