ETV Bharat / state

ৰাজধানী দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ - CM HIMANTA VISITS DELHI

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:11 AM IST

Assam CM Himanta Biswa Sarma: অসমৰ ফ’ৰলেনযুক্ত পথৰ দুৰৱস্থা প্ৰত্যক্ষ কৰিব খোদ নীতিন গাডকাৰীয়ে ৷ বাংলাদেশ হৈ অসমৰ বৰাক উপত্যকা আৰু পশ্চিমবংগৰ মাজত ৰে’ল সেৱা আৰম্ভ কৰাৰ বাবে ৰে’লমন্ত্ৰীক প্ৰস্তাৱ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

CM HIMANTA VISITS DELHI
নতুন দিল্লীত মুখ্যমন্ত্ৰী (X account of CM Himanta Biswa Sarma)

গুৱাহাটী, ২৫ জুলাই: দেশৰ ৰাজধানীত তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাক্ষাৎ কৰিছে ইজনৰ পিছত সিজন বেলেগ বেলেগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীক ৷ অসমৰ বিভিন্ন প্ৰসংগ লৈ আলোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীক সমাধান আৰু বিকাশৰ বাবে জনাইছে আহ্বান ৷

বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই নতুন দিল্লীত ৬ গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৷ তাৰভিতৰত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ অন্যতম ৷ দুয়োগৰাকী মন্ত্ৰীকে নিশাৰ ভাগত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নীতিন গাডকাৰীৰে কি কি আলোচনা মুখ্যমন্ত্ৰীৰ: বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সাক্ষাৎকালত অসমত চলি থকা কেইবাটাও আন্তঃগাঁথনিৰ কামৰ স্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে ৷ তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান বিষয় হ’ল-

  • যোৰহাট-ডিব্ৰুগড়ৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিজে পৰিদৰ্শন কৰিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-ডিব্ৰুগড় অংশৰ অৱস্থা ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ সন্মত হৈছে ৷ যাৰ এটা অংশ চলিত বৰ্ষতে সম্পূৰ্ণ হ'ব ৷
  • ৰাজ্যৰ বৰ্তমানৰ সকলো NHAI, NHIDCL আৰু অন্যান্য কেন্দ্ৰীয় পথ প্ৰকল্প ত্বৰান্বিত কৰাৰ বিষয়েও আলোচনা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছে ৷
  • অসমত হ’বলগীয়া কাজিৰঙা এলিভেটেড ক’ৰিডৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুদীৰ্ঘ সুৰংগ আৰু গুৱাহাটীৰ ৰিং ৰোডকে ধৰি অসমৰ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবেও নীতিন গাডকাৰীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰে’লমন্ত্ৰীৰ পৰা কি আশ্বাস পালে মুখ্যমন্ত্ৰীয়ে: বুধবাৰে নিশা নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় ৰে’লমন্ত্ৰী মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সাক্ষাৎকালত অসমৰ ৰে’ল সংযোগ উন্নত কৰাৰ লগতে ৰাজ্যত ৰে’ল উৎপাদনকাৰী সত্তা স্থাপনৰ সম্ভাৱনীয়তা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে আলোচনা কৰে ৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী গৰাকীৰে কৰা আলোচনা কালত স্থান পোৱা কেইটামান গুৰুত্বপূৰ্ণ বিষয় হ’ল—

  • ভক্তসকলৰ সুবিধাৰ্থে কামাখ্যা আৰু অযোধ্যাৰ মাজত পোনপটীয়া ৰে'ল সংযোগ আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই বিবেচনা কৰিবলৈ ৰে’লমন্ত্ৰী বৈষ্ণৱক ব্যক্ত কৰে ৷
  • বাংলাদেশ হৈ অসমৰ বৰাক উপত্যকা আৰু পশ্চিমবংগৰ মাজত ৰে’ল আৰম্ভ কৰাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰে’ল মন্ত্ৰণালয়ৰ দৃষ্টিগোচৰ কৰিলে ৷ মুখ্যমন্ত্ৰী শৰ্মাই জনাই যে, তেওঁক ৰে’লমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়া অনুসৰি এই বিষয়ে অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিব ৰে’ল মন্ত্ৰণালয়ে ৷

আনহাতে, Union Budget 2024 ত অসমত ৰে'ল সংযোগৰ বাবে আৱণ্টন বৃদ্ধি কৰাৰ বাবে ৰে’লমন্ত্ৰী গৰাকীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: ৰাজ্য এৰি দিল্লীত কিহত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ? - CM HIMANTA VISITS DELHI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.