ETV Bharat / state

প্ৰতিষ্ঠা দিৱসত বি বৰুৱা কলেজলৈ ভূমিসহ ১০ কোটিৰ উপহাৰ মুখ্যমন্ত্রীৰ - Foundation day of B Borooah College - FOUNDATION DAY OF B BOROOAH COLLEGE

CM Himanta Biswa Sarma: বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসত উপস্থিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বি বৰুৱা কলেজলৈ ভূমি আৰু ১০ কোটি টকাৰ উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে ।

CM attend foundation day celebration of B Borooah College
বি বৰুৱা কলেজলৈ ভূমি আৰু ১০ কোটি টকাৰ উপহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:14 PM IST

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় শুকুৰবাৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক অনুষ্ঠানৰ । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"প্ৰতিষ্ঠা দিৱসত শিক্ষানুষ্ঠানখনৰ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰী সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো । জ্ঞানৰ আলোকস্তম্ভ হৈ বিগত আঠটা দশক সগৌৰৱে উজলি থকা এই বি বৰুৱা মহাবিদ্যালয় ৰাজ্যৰ শৈক্ষিক, সাংস্কৃতিক তথা বৌদ্ধিক বিকাশৰ কেন্দ্ৰ । দ্বিতীয় বিশ্বযুদ্ধৰ জটিল সন্ধিক্ষণত আজিৰ দিনটোতে ঐতিহমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ আৰম্ভনি হৈছিল ।"

CM attend foundation day celebration of B Borooah College
বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ইতিহাস উল্লেখ কৰি মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰা স্বানমধন্য ব্যক্তিসকলৰ কথা স্মৰণ কৰে । লগতে মহাবিদ্যালয়খনত অধ্যয়ন কৰা বৰেণ্য ব্যক্তিসকলৰ কথাও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে কয়,"বি বৰুৱা মহাবিদ্যালয়ে শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত শাসিত শিক্ষানুষ্ঠানৰ মৰ্যাদা লাভ কৰাৰ উপৰি 'নাক'ৰ মূল্যাংকনত 'এ ডাৱল প্লাছ' গ্ৰেড লাভ কৰিছে । মহাবিদ্যালয়খনৰ সফলতাই ৰাজ্যখনত গৌৰৱান্বিত কৰিছে ।"

বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

তেওঁ লগতে কয়,"এখন মহাবিদ্যালয়ৰ সুনাম অৰ্জন কৰিবৰ বাবে মহাবিদ্যালয়খনৰ আভ্যন্তৰত এটা বৌদ্ধিক চেতনা থাকিব লাগিব । বি বৰুৱা মহাবিদ্যালয়ৰ বৌদ্ধিক চেতনাই ইয়াক সমৃদ্ধ কৰিছে । আমাৰ সমাজখন অসমতাৰ ভেটিত নিৰ্মাণ নহয় । সেই অসমতা আমি সমাজে নিৰ্মাণ কৰো । আমাৰ চৰিত্রই নিৰ্মাণ কৰে । প্ৰত্যকৰে নিজৰ ক্ষমতা আছে আৰু সেই ক্ষমতাক আমি উপলব্ধি কৰিব লাগিব ।"

CM attend foundation day celebration of B Borooah College
বি বৰুৱা কলেজলৈ ভূমি আৰু ১০ কোটি টকাৰ উপহাৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে লগতে কয়,"স্নাতক আৰু স্নাতকোত্তৰ হোৱাৰ পাছত সফল কৰ্মময় জীৱনৰ অধিকাৰী হ'ব নোৱাৰিলে শিক্ষাৰ্থীসকলৰ মানসিকতাত হতাশা আহিবলৈ আৰম্ভ কৰে । এইখিনিতে প্ৰশ্ন হয় যে সুবিধাৰ অভাৱ নে সুবিধা ল'ব পৰা নাই । আমি আমাৰ শিক্ষা ব্যৱস্থাক সময় উপযোগী কৰি তুলিব লাগিব । সমাজে আমাৰ শিক্ষাৰ্থীসকলক প্ৰডাক্টিভ ফ'ৰ্চত যোগদান কৰাটো বিচাৰে । কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই তেনেকুৱা শিক্ষা দিছে যে আমাৰ শিক্ষাৰ্থীয়ে সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব নোৱাৰে । কাৰণ সেই ক্ষমতা আমি আহৰণ কৰিব নোৱাৰিলো । আমাৰ মহাবিদ্যালয় সমূহত পাঠ্যক্ৰমৰ লগত প্ৰডাক্টিভিটিৰ সংজ্ঞাৰ ধাৰণা নাথাকে ।"

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে,"আমাৰ শিক্ষাৰ্থীৰ ছেমি কণ্ডাক্টৰৰ বিষয়ে কোনো ধাৰণা নাই । আমাৰ ভাৰতখন অহা ২৫ বছৰত ফিউচাৰ টেকনল'জীৰ এটা নতুন হাবত পৰিণত হ'ব । প্ৰযুক্তিয়ে আমাৰ ভাৰতবৰ্ষক প্ৰভাৱিত কৰিব । আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে এই প্ৰযুক্তি সন্দৰ্ভত শিক্ষাৰ্থীসকলক সম্যক জ্ঞান দিব লাগিব । মই ভাবো যে বি বৰুৱা কলেজক এডভান্স লাৰ্নিঙৰ এটা কেন্দ্ৰলৈ পৰিণত কৰিব লাগে । কাৰণ আমি প্ৰডাক্টিভ হিউমেন পাৱাৰ যদি সমাজক দিব লাগে তেতিয়া হ'লে প্ৰডাক্টিভ মেন পাৱাৰ তাৰ পৰা আহিব লাগিব । টেকন'লজীৰ ওপৰত আমি চৰ্চা আৰম্ভ কৰিব লাগে । যাতে শিক্ষাৰ্থীসকলৰ আগ্ৰহ বৃদ্ধি হয় ।"

ইয়াৰোপৰি তেওঁ কয়,"ভাৰতত বিত্তীয় বিশাল বজাৰ এখন আছে । কিন্তু আজি আমাৰ অসমত কোনো এখনে শিক্ষানুষ্ঠানে ষ্টক এক্সেঞ্জ, ডিমেট, জি এছ টি ল', আইকৰ আইন আদিৰ বিষয়ে শিক্ষা নিদিয়ে । যাৰ বাবে আমি এই বিত্তীয় বজাৰখনত সুমাব নোৱাৰো । আমি আমাৰ শিক্ষাৰ্থী সকলক বহল পৃথিৱীৰ প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তোলিব লাগিব ।"

মুখ্যমন্ত্রীয়ে বি বৰুৱা মহাবিদ্যালয়ক দেশৰ তথা বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰে সহযোগিতাত কাম কৰাৰ বাবে আহ্বান জনায় । লগতে মুখ্যমন্ত্রীয়ে আই আই টি গুৱাহাটীৰ লগত কাম কৰাৰ বাবে আহ্বান জনায় । বি বৰুৱা কলেজত পঢ়িব পৰাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়,"বি বৰুৱা কলেজে দেশপ্ৰেম শিকায় । মই কামৰূপ একাডেমী স্কুলত পঢ়িছিলো । বি বৰুৱা কলেজ কেনেকৈ আৰম্ভ হৈছিল । কটন কলেজ চৰকাৰী কলেজ আছিল আৰু তাত চৰকাৰৰ অনুশাসন চলিছিল । স্বাধীনতাৰ চিন্তাৰে বৃটিছৰ পৰাধীনতাক স্বীকাৰ নকৰা এচাম সাহসী আৰু নিৰ্ভিক ছাত্র-ছাত্রীৰ জন্ম হওক তেনেকে বি বৰুৱা কলেজৰ আৰম্ভনী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু হেম বৰুৱাই কৰিছিল । বি বৰুৱা কলেজৰ শিক্ষাৰ্থী সকলে নিজৰ অসীম ক্ষমতাক উপলব্ধি কৰিব লাগিব । আমি এজন ভাল অসমীয়া হৈয়ো ভালদৰে ইংৰাজী ক'ব পৰা হ'ব লাগিব । মোৰ সাহসৰ অভাৱ নাই যদিও ক'ৰবাত নহয় ক'ৰবাত ভাষাই অলপ টানি ধৰে । সংসদত সাংসদসকলে কথা নোকোৱাকলৈ তেওঁক দোষ দি লাভ নাই । কাৰণ সেই স্কুল নাইবা কলেজখনত সেই পৰিৱেশ আছিল নে নাই । আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰাটোৱে আমাক বহুদূৰ পিছুৱাই লৈ যায় । আজি জীৱনৰ ৫৫ বছৰ বয়সত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰো ।"

জাতীয়তাবাদৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়,"পংগু কৰা জাতীয়তাবাদে আমাক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে । আমাক এনে জাতীয়তাবাদ লাগে যিয়ে অসমীয়াত কবিতা, উপন্য‍াস লিখিব পাৰে, গান গাব পাৰে আৰু লগতে ইংৰাজী নভেলো লিখিব পাৰে, হিন্দীও পঢ়িব পাৰে । স্মাৰ্ট ফোনটো ইংৰাজী আৰু হিন্দী শিকিব পৰাকৈ ব্যৱহাৰ কৰক ।"

মুখ্যমন্ত্রীয়ে শিক্ষকসকল শিক্ষাৰ্থীৰ অনুসন্ধিৎসু মনটোক জগাই তোলাৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্রীয়ে লগতে কয়, "বি বৰুৱা কলেজৰ বহুতো সমস্যা আছে । মই জিলা আয়ুক্তক কৈছো যে আমাৰ যি আঠ বিঘা মাটি আছে যিমান পাৰে সোনকালে কৰি দিব লাগে । লগতে বি বৰুৱা কলেজক আমাৰ স্বাস্থ্য বিভাগৰ উলুবাৰীত থকা স্বাস্থ্যকেন্দ্ৰৰ মাটিখিনিও দি দিম । নতুন প্ৰকল্প লোৱাৰ বাবে বি বৰুৱা কলেজক ১০ কোটি টকা দিয়াৰ বাবে আজি মই ঘোষণা কৰিছো ।"

অনুষ্ঠানত বি বৰুৱা কলেজৰ অধ্যক্ষ সতেন্দ্ৰ নাথ বৰ্মন, বি বৰুৱা কলেজৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফেচাৰ পাৰ্থপ্ৰতিম বৰুৱা, মন্ত্রী জয়ন্ত মল্লবৰুৱা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: চুমী-তাৰ্কিকক প্ৰথমে জিমখানালৈ নিয়াৰ তদন্ত হ’ব : জনালে মুখ্যমন্ত্ৰীয়ে - Assam trading scam

কংগ্ৰেছে দেশখনক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে; আকৌ ৰাহুললৈ হিমন্ত বিশ্বৰ এপাত শৰ - CM Himanta countered Rahul

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.