ETV Bharat / state

জলবায়ু সমস্যা : বৰষুণৰ তাৰতম্য আৰু অত্যধিক গৰমত প্ৰভাৱিত অসমৰ চাহ - Assam Tea

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 1:00 PM IST

Tea Production in Assam : অসম আৰু পশ্চিমবংগৰ চাহৰ খেতি কৰা অঞ্চলসমূহত বতৰৰ অভূতপূৰ্ব অৱস্থাৰ বাবে চাহৰ জোপোহা গঠন দুৰ্বল হোৱা দেখা গৈছে । ইয়াৰ উপৰি গুৰুতৰ বতৰৰ স্থিতিৰ ফলত কীট আৰু ৰোগৰ সংক্ৰমণো অধিক বৃদ্ধি পাইছে । ই অনাগত মাহবোৰত চাহৰ অধিক ক্ষতিৰ দিশে আঙুলিয়াই দিয়ে ।

Tea Production in Assam
প্ৰতিনিধিত্বমূলক ফটো (Getty Image)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : এফালে অনাবৃষ্টি আৰু অত্যধিক গৰম, আনফালে আকৌ অতিবৃষ্টি । এই দুই বিপৰীতমুখী জলবায়ু চৰিত্ৰৰ ফলত ভাৰতৰ পূৰ্বোত্তৰৰ সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য অসমত চলিত চাহ খেতিৰ বতৰত চাহৰ উৎপাদন যথেষ্ট পৰিমাণে বাধাগ্ৰস্ত হৈছে ।

ভাৰতীয় চাহ পৰিষদে প্ৰকাশ কৰা শেহতীয়া উৎপাদনৰ পৰিসংখ্যা যদি লক্ষ্য কৰা যায়, তেন্তে এইটো প্ৰত্যক্ষ কৰা যায় যে চলিত বছৰৰ জুলাই মাহলৈকে অসমত প্ৰায় 11 শতাংশ চাহ উৎপাদন হ্ৰাস পাইছে । আনহাতে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বিগত বছৰৰ একে সময়ছোৱাৰ উৎপাদনৰ পৰিমাণৰ তুলনাত এইবাৰ উৎপাদন 21 শতাংশ হ্ৰাস পাইছে ।

Tea Production in Assam
বৰষুণৰ তাৰতম্য আৰু অত্যধিক গৰমত প্ৰভাৱিত অসমৰ চাহ (Getty Image)

"উত্তৰ ভাৰতীয় চাহ উদ্যোগৰ উৎপাদনৰ পৰিমাণে উদ্যোগটোৰ এক বিপজ্জনক অৱস্থা প্ৰতিফলিত কৰে, যাৰ ফলস্বৰূপে মে' মাহলৈকে পৰ্যাপ্ত পৰিমাণে বৰষুণ নোহোৱা আৰু অত্যধিক গৰমৰ প্ৰভাৱ আৰু জুন আৰু জুলাইত অতিপাত বৰষুণৰ ফলত 2024 চনৰ জুলাই মাহলৈকে চলিত শস্য ঋতুত উৎপাদন যথেষ্ট পৰিমাণে বাধাগ্ৰস্ত হৈছে ।" ভাৰতীয় চাহ সংস্থাৰ সভাপতি সন্দীপ সিংহানিয়াই কয় ।

"জলবায়ু পৰিৱৰ্তনৰ ফলত চাহ উৎপাদন গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । ইতিমধ্যে ছেপ্টেম্বৰ মাহ পৰিছে । কিন্তু চাহৰ জোপোহাৰ মাজত তুলিব পৰা পাতৰ ঘনত্ব কম । চাহৰ এই জোপোহাৰ যিটো স্থিতি, সেয়া বিগত বছৰবোৰৰ তুলনাত সমানুপাতিক নহয় ।" উত্তৰ-পূব ভাৰতৰ চাহ খেতিয়ক সংস্থা 'নৰ্থ ইষ্ট টী এছ'চিয়েচন'ৰ (North East Tea Association, NETA) উপদেষ্টা বিদ্যানন্দ বৰকাকতীয়ে কয় ।

"দিনৰ তাপমাত্ৰা অতি বেছি আৰু নিশাৰ তাপমাত্ৰাও বৃদ্ধিৰ বাবে অনুকূল নহয় ।" চলিত বছৰৰ জানুৱাৰীৰ পৰা জুলাইলৈকে অসমে বিগত বছৰবোৰতকৈ ৩২.৯৩ নিযুত কিলোগ্ৰাম কম চাহ উৎপাদন কৰা বুলি উল্লেখ কৰি তেওঁ কয় ।

উল্লেখ্য যে অসম আৰু পশ্চিমবংগৰ চাহৰ খেতি কৰা অঞ্চলসমূহত বতৰৰ অভূতপূৰ্ব অৱস্থাৰ বাবে চাহৰ জোপোহা গঠন দুৰ্বল হোৱা দেখা গৈছে । ইয়াৰ উপৰি গুৰুতৰ বতৰৰ স্থিতিৰ ফলত কীট আৰু ৰোগৰ সংক্ৰমণো অধিক বৃদ্ধি পাইছে । ই অনাগত মাহবোৰত চাহৰ অধিক ক্ষতিৰ দিশে আঙুলিয়াই দিয়ে । সংস্থাটোৰ সদস্য চাহ বাগিচাৰ প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষৰ তুলনাত ২০২৪ চনৰ আগষ্ট মাহত পশ্চিমবংগৰ চাহ বাগিচাবোৰ প্ৰায় 10 শতাংশ পিচপৰি আছে বুলি অনুমান কৰা হৈছে । আনহাতে, এইক্ষেত্ৰত অসমৰ চাহ বাগিচাবোৰ প্ৰায় 3 শতাংশ পিচপৰি আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১ মাৰ্চৰ পৰা ৩১ মে'লৈকে প্ৰকাশ কৰা তথ্য অনুসৰি, এই সময়ছোৱাত অসমৰ মুখ্য চাহ খেতি কৰা জিলাসমূহত হোৱা স্বাভাৱিক বৰষুণৰ বিপৰীতে ১০ শতাংশৰ পৰা ৩০ শতাংশলৈকে যথেষ্ট কম বৰষুণ হোৱা দেখা গৈছে ।

অৱশ্যে, উপ-হিমালয়ান পশ্চিমবংগ আৰু পূৰ্বোত্তৰ ভাৰতত ৩০ আৰু ৩১ মে', ২০২৪ তাৰিখে দক্ষিণ-পশ্চিম মৌচুমী বায়ু আৰম্ভ হোৱাৰ লগে লগে দুয়োখন ৰাজ্যতে প্ৰচুৰ বৰষুণ হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৩ চনৰ তুলনাত এইবাৰ জুন আৰু জুলাই মাহত অসমৰ চাহ খেতি কৰা জিলাসমূহত ক্ৰমান্বয়ে ১৪৫.১ মিঃমিঃ আৰু ৪০.৮ মিঃমিঃ অধিক বৰষুণ ৰেকৰ্ড কৰা হৈছে ।

যদিও গড় নিম্নতম তাপমাত্ৰা 1.8 ডিগ্ৰী ছেলচিয়াছ হ্ৰাস হৈছে, কিন্তু এই মাহটোত অঞ্চলটোত গড় সৰ্বাধিক তাপমাত্ৰা 0.4 ডিগ্ৰী ছেলচিয়াছ বৃদ্ধি পাইছে আৰু বহু সময়ত তাপমাত্ৰাই 40 ডিগ্ৰী ছেলচিয়াছতকৈও অধিক স্পৰ্শ কৰিছে । যাৰ ফলত চাহ খেতি গুৰুতৰভাৱে প্ৰভাৱিত হৈছে ।

আনহাতে, বিশেষজ্ঞসকলে কয় যে বেছিভাগ বাগিচাৰ পৰা হেলোপেল্টিছ (Helopeltis), লুপাৰ কেটাৰপিলাৰ (Looper Caterpillar), গ্ৰীণ ফ্লাই (Green fly) আৰু ৰেড স্পাইডাৰ মাইটছৰ (Red spider mites) গুৰুতৰ সংক্ৰমণৰ খবৰ পোৱা গৈছে । ফুচাৰিয়াম ডাইবেক (Fusarium dieback), বেক্টেৰিয়েল ব্লাইট (Bacterial blight) আৰু ৰেড ৰাষ্ট (Red rust) আদি ৰোগো যথেষ্ট পৰিমাণে বিয়পি পৰা দেখা গৈছে ।

লগতে পঢ়ক :পুনৰ বিক্ৰী হ'ব ৰাজ্যৰ ১০ খন প্ৰখ্যাত চাহ বাগিচা - Assam tea
লগতে পঢ়ক :অসমৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭০০ কোটি টকা - Assam tea gardens

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.