ETV Bharat / state

সাম্প্ৰতিক পৰিস্থিতিক লৈ কি আহ্বান জনালে জ্যেষ্ঠ সংখ্যালঘূ নেতাই - Civic Meeting In Nagaon

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 2:03 PM IST

Civic Society appeal for peace : নগাঁৱত অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নাগৰিক সভাই গ্ৰহণ কৰিলে কেইবাটাও প্ৰস্তাৱ । সামাজিত শান্তি সম্প্ৰিতি বিনষ্ট নকৰিবলৈ আহ্বান দুই প্ৰাক্তন বিধায়কৰ ।

Civic Society appeal for peace
শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ নাগৰিক সমাজৰ আহ্বান (ETV Bharat Assam)

নগাঁও, ২ ছেপ্টেম্বৰ : ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ড আৰু শ্ৰমজীৱী ধৰ্মীয় সংখ্যালঘূ লোকক উজনি অসম ত্যাগ কৰাৰ বাবে ৩০ টাকৈ সংগঠনে দিয়া সকীয়নিৰ পিচতেই সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে সচেতন নাগৰিক সমাজ । সমাজত কোনো গোষ্ঠী-জনগোষ্ঠীৰ মাজত যাতে ভুল বুজাবুজি নহয় আৰু সকলোৰে মাজত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে নগাঁৱৰ একাংশ জ্যেষ্ঠ সংখ্যালঘূ নেতা ।

  • প্ৰাক্তন বিধায়কৰ উদ্য়োগত নাগৰিক সভা :

ধিঙৰ কিশোৰী ধৰ্ষণ আৰু তাৰ পাছতেই উজনি অসমৰ পৰা শ্ৰমজীৱী ধৰ্মীয় সংখ্যালঘূ লোকক উজনি অসম ত্যাগ কৰাৰ বাবে ৩০ টাকৈ সংগঠনৰ সকীয়নি, উজনি অসলৈ মাছৰ ৰপ্তানি বন্ধ, ভাবুকি ভৰা শব্দৰে মিঞা গীত ৰচনা আদি প্ৰসংগই সামাজিক বাতাবৰণ তথা শান্তি সম্প্ৰিতি বিনষ্ট কৰাৰ আশংকাত উদ্ধিগ্নতা প্ৰকাশ কৰি নগাঁৱৰ একাংশ জ্যেষ্ঠ সংখ্যালঘূ নেতাই দেওবাৰে নগাঁৱত অনুষ্ঠিত কৰে এখন নাগৰিক সভাৰ ।

সংখ্যালঘূ সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতা তথা দুই প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু মজিবুৰ ৰহমানৰ আহ্বানত দেওবাৰে বিয়লি সচেতন নাগৰিক মঞ্চ নগাঁৱৰ উদ্যোগত এলফিনিষ্টন সভাগৃহত অনুষ্ঠিত হয় এই নাগৰিক সভাখন ৷

  • সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন নাগৰিক সমাজ :

নাগৰিক সভাত ৰাজ্যত বিগত কিছু দিনৰ পৰা উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । বিশেষকৈ সমাজত সংঘটিত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ লগতে সমাজত চলি থকা অৰাজক পৰিস্থিতিৰ মাজত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিতংকৈ আলোচনা কৰা হয় ।

নাগৰিক সমাজে সমাজৰ পৰা ড্ৰাগছ, মদকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য নিৰ্মূল কৰিবলৈ চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱযোগে দাবী জনায় । লগতে গাঁৱে গাঁৱে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে নাগৰিক সভাই ।

  • ধিঙৰ ধৰ্ষণ কাণ্ডক তীব্ৰ গৰিহণা :

এই নাগৰিক সভাতেই ৰাজ্য কঁপাই যোৱা ধিঙৰ ধৰ্ষণকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰকৃত দোষীক কঠোৰ শাস্তিৰো দাবী জনায় । তদুপৰি এই নাগৰিক সভাত ধিঙৰ প্ৰাক্তন বিধায়ক তথা অৱসৰপ্ৰাপ্ত প্ৰৱক্তা মুজিবুৰ ৰহমানে ভাষণ প্ৰসংগত উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিবলৈ পাঁবত গজা সংগঠনৰ বক্তব্য কঠোৰ ভাষাত নিন্দা কৰে ।

তেওঁ এনে স্থিতিয়ে ৰাজ্যখনত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য় কৰে । লগতে দৰিদ্ৰ আৰু শ্ৰমজীৱী লোক সকলক টাৰ্গেট নকৰিবলৈ আহ্বান জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে । আনহাতে, অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট হ'ব পৰা যিকোনো মন্তব্য প্ৰদানৰ পৰা সংখ্যালঘূ লোকক বিৰত থাকিবলৈ আহ্বান জনাই প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ সংখ্যালঘূ নেতা আব্দুল আজিজে ।

নাগৰিক সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকল উপস্থিত থাকে । এই সভাখনত প্ৰাক্তন বিধায়ক ক্ৰমে মজিবুৰ ৰহমান, আব্দুল আজিজ, সমাজ সেৱক নুৰুল আমিন চৌধুৰী, শিক্ষাবিদ ফজলুল হক মৰল, অবসৰপ্ৰাপ্ত ন্যায়াধীশ জালাল উদ্দিনৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:মিঞা অধ্যুষিত অঞ্চলৰ মাছ অনা ব্যৱসায়ীক বাধা : দুই নেতাক আটক - Veer Lachit Sena leaders arrested

নগাঁৱৰ মৎস্য ব্যৱসায়ীক চেলেঞ্জ উজনি অসমৰ ব্যৱসায়ীৰ - Fish Supply to Upper Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.