ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধকে ধৰি কেইবাটাও দাবীত CITU ৰ প্ৰতিবাদ - CITU protest

Protest in Guwahati : মেঘদূত ভৱনৰ সন্মুখত কেবাটাও দাবীত CITU ৰ প্ৰতিবাদ ৷ মূল্য বৃদ্ধি ৰোধ কৰক, জীৱনদায়িনী ঔষধৰ পৰা জি এছ টি উঠাই লওক, শ্ৰম কোড বাতিল কৰক আদি শ্ল’গানেৰে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 9:09 PM IST

CITU PROTEST IN GUWAHATI
মেঘদূত ভৱনৰ সন্মুখত কেবাটাও দাবীত CITU ৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটী, 10 জুলাই : গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত CITU ৰ প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, অতি শীঘ্ৰে শ্ৰমিকৰ নূন্যতম মজুৰিৰ চৰকাৰী ঘোষণা কৰা, বানত ক্ষতিগ্ৰস্ত সকলক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাকে ধৰি 11 দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ মূল্যবৃদ্ধি ৰোধ কৰক, জীৱনদায়িনী ঔষধৰ পৰা জি এছ টি উঠাই লওক, শ্ৰম কোড বাতিল কৰক আদি শ্ল’গানেৰে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

দাম বৃদ্ধি ৰোধকে ধৰি কেইবাটাও দাবীৰে মহানগৰীত CITU ৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি CITU ৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে, দুখীয়াৰ পেট মাৰি পুঁজিপতিক লুন্ঠনৰ বাবে মোদী চৰকাৰে সুবিধা কৰি দিছে ৷ এইখন গুৱাহাটী ব্যক্তিগত খণ্ডত 7000 টকাৰ দৰমহাত শ্ৰমিকে কাম কৰি আছে ৷ বানৰ সময়ত চৰকাৰৰ এয়া ঘৰিয়ালৰ চকুপানী বুলি কয় তেওঁ ৷ ইফালে নিৰ্মাণৰ ক্ষেত্ৰত বিকাশ ঘটিলেও বান নিয়ন্ত্ৰনত চৰকাৰ কিয় ব্যৰ্থ তাক লৈ প্ৰশ্ন কৰে তপন শৰ্মাই ৷ তেওঁ কয় যে, যদি চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধান নকৰে তেন্তে 2026 ত ইয়াৰ উত্তৰ পাব ৷ লগতে এই সকলোবোৰ সমস্যা সামৰি প্ৰশাসনৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ CITU এ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest In Guwahati

উল্লেখ্য যে আই টি ইউৰ আহ্বানত সমগ্ৰ দেশতে শ্ৰমিক সংগঠন সমূহে বিক্ষোভ প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনসমূহে ৷ ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ, তামুলপুৰ, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, শোণিতপুৰ, কাছাৰ, কৰিমগঞ্জ জিলাত চি আই টি ইউৰ জিলা কমিটিসমূহৰ উদ্যোগত শ্ৰমিকৰ আইনগত প্ৰাপ্য অধিকাৰ শীঘ্ৰে আদায় দিয়াৰ দাবীত ধৰ্ণা-সমদলেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

লগতে পঢ়ক : সমস্য়া সমাধানৰ দাবীত শ্ৰমিক বিক্ষোভত উত্তাল কাজলগাঁও - CITU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.