ETV Bharat / state

ককায়েক-বৌয়েকৰ সৈতে ডিব্ৰুগড় সদৰ থানাৰ অতিথি অম্লান ! - online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 7:58 AM IST

Sumi Bora Case : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে চুমী বৰা আৰু তাৰ্কিক বৰাৰ ঘটনাৰ বুজ ল'বলৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় চি আই ডিৰ এছ পি সুধাকৰ সিং । সুধাকৰ সিঙে চলাব চুমী-তাৰ্কিকৰ জেৰা । চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়াক লৈ তদন্ত কৰাৰো সম্ভাৱনা ।

Sumi Bora Case
ডিব্ৰুগড় সদৰ থানাত চি আই ডিৰ এছ পি সুধাকৰ সিং (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত ২২ বছৰীয়া বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ কোটি কোটি টকা প্ৰৱঞ্চনাৰ ঘটনাই ৰাজ্য জোকাৰি যোৱাৰ লগতে ৰাজ্যৰ ৰাজনীতিতো চৰ্চাৰ বিষয় হৈ পৰিছে । কম বয়সতে কোটি কোটি টকাৰ অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা বিশাল ফুকনক আটক কৰি ডিব্ৰুগড় আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰিছে যদিও বিশালৰ মূল সহযোগী অভিনেত্ৰী চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক বৃহস্পতিবাৰে এছ টি এফে আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষীক গতাই দিছে ।

আনহাতে, চুমী-বিশালৰ ঘটনাক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলাৰ পাচতে সমগ্ৰ ঘটনাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যত চলা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে এছ টি এফ গঠন কৰাৰ লগতে কেইবাটাও গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক দিছে ।

উল্লেখ্য যে, বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত কোটি টকা প্ৰৱঞ্চনা কৰি আটক হোৱাৰ পাচতে আত্মগোপন কৰিছিল অভিনেত্ৰী চুমী বৰা আৰু তাৰ্কিক বৰাই । ১০ দিন পলাই থাকি নাটকীয়ভাৱে আত্মসমৰ্পণ কৰা চুমী-তাৰ্কিকক ডিব্ৰুগড়ৰ বিলাসী হোটেলত ৰাজআতিথ্য দিছিল এছ টি এফৰ দলে ।

ইয়াকে লৈ ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে কয় যে অনলাইন ট্ৰেডিঙক লৈ চৰকাৰ কঠোৰ হ'ব ।

ইফালে মুখ্যমন্ত্রীৰ কঠোৰ নিৰ্দেশৰ পাচতে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় চি আই ডিৰ এছ পি সুধাকৰ সিং । চুমী বৰা আৰু তাৰ্কিক বৰাৰ প্ৰসংগত সকলো বিষয় বুজ ল'বলৈ বিষয়াগৰাকী থানাত উপস্থিত হয় বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নকৰাকৈ সদৰ থানাত প্ৰৱেশ কৰে ।

কিন্তু বিশেষ সূত্ৰে জানিব পৰা অনুসৰি, চুমী-তাৰ্কিকক জেৰা চলাব সুধাকৰ সিঙে । চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়াক লৈ তদন্ত কৰাৰো সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে । আনহাতে, শুকুৰবাৰে নিশাই তাৰ্কিক বৰাৰ ভাতৃ অম্লানক বৰাকো ডিব্ৰুগড়ৰ সদৰ থানা লৈ অনা হয় ।

লগতে পঢ়ক :লক্-আপৰ ফটো ভাইৰেল, বিপদত পৰাৰ দিশে ডিব্ৰুগড় আৰক্ষী - Dibrugarh Police Station
লগতে পঢ়ক :মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ ব্যক্তিত্ব চাই এতিয়া সকলোৱে 'ইজি মানী' বিচাৰে : গৌৰৱ গগৈ - online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.