ETV Bharat / state

ৰহস্যঘন হত্যাকাণ্ডৰ তদন্তৰ বাবে চি আই ডি-ফৰেনচিক দলৰ অভিযান - Dhakuakhana Sunil Gogoi Case

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:18 PM IST

আজিও ওৰ পৰা নাই লখিমপুৰৰ ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ । পোহৰলৈ অহা নাই প্ৰকৃত ছবিখন । চি আই ডিয়ে সোমবাৰে নিশা পুনৰ সুনীল গগৈৰ ঘৰত চলালে তদন্ত ।

CID raids Sunil Gogoi's house again to probe the mysterious murder of Dhakuakhana
নিশা পুনৰ সুনীল গগৈৰ ঘৰত CID ৰ তদন্ত (ETV Bharat Assam)

লখিমপুৰ,৬ আগষ্ট: পুনৰ চি আই ডিৰ অভিযান সুনীল গগৈৰ ঘৰত । ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ডৰ সময় মাহ বাগৰি গ'ল । তথাপি এই পৰ্যন্ত আঁৰ কাপোৰ আঁতৰা নাই ৰহস্যজনক হত্যা কাণ্ডটোৰ । আৰক্ষী, চি আই ডিৰ তীব্ৰ গতিত তদন্ত চলি আছে যদিও ঘটনাটোৰ ওৰ পৰা নাই ।

প্ৰথমাৱস্থাত আৰক্ষী, চি আই ডিৰ যৌথ অভিযান চলিছিল যদিও পৰৱৰ্তী সময়ত চি আই ডিক তদন্তৰ ভাৰ অৰ্পণ কৰা হয় । চি আই ডিয়ে দায়িত্ব লৈয়েই সুনীল গগৈৰ পৰিয়ালৰ বহুতক জেৰা চলাইছিল । একেৰাহে কেইবাদিনো জেৰা চলোৱাৰ পাচত আপাতদৃষ্টিতে তদন্ত প্ৰক্ৰিয়াত নীৰৱতা দেখা গৈছিল । প্ৰায় এপষেক নীৰৱতাৰ পাচত পুনৰ চি আই ডিয়ে তদন্ত আগুৱাই নিছে ।

সোমবাৰে দুপৰ নিশা চি আই ডি আৰু ফৰেনচিকৰ এটা দল সুনীল গগৈৰ ঘৰত উপস্থিত হয় । প্ৰায় এঘন্টা সময় দলটোৱে সুনীল গগৈৰ ঘৰত তদন্ত চলায় । তেওঁলোকে সুনীল গগৈয়ে ব্যবহাৰ কৰা কাপোৰ কানি, যান-বাহনকে ধৰি বিভিন্ন সা-সামগ্রী পৰীক্ষা কৰে । এনে বহু সামগ্রীত স্প্ৰে' কৰাৰ লগতে ফটোও সংগ্রহ কৰে । দলটোৱে কেৱল সুনীল গগৈৰ ঘৰতেই নহয় । জাহাংগীৰ থকা ঘৰটোতো তদন্ত কৰে ।

পাচত দলটোৱে সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ, ভতিজা জয়ন্ত গগৈ, পুত্র সৌৰভ গগৈসহ চাৰিজনক মঙলবাৰে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দি যায় । সেইমৰ্মে তেওঁলোকক মঙলবাৰে চি আই ডিৰ দলে সোধপোচ কৰে । তেওঁলোক চি আই ডিৰ কেনে ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ল সেইয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

উল্লেখ্য সুনীল গগৈৰ পৰিয়ালে শীঘ্ৰে এই ঘটনাৰ ওৰ পেলাবলৈ তদন্তকাৰী দলক আহ্বান জনায় । কেতিয়াকৈ এই ৰহস্যঘন হত্যাকাণ্ডৰ নেপথ্যৰ ৰহস্য পোহৰলৈ আহিব সেয়া এই মুহূৰ্তত হৈ পৰিছে এক উত্তৰবিহীন প্ৰশ্ন ।

লগতে পঢ়ক: শীঘ্ৰেই পৰ্দা আঁতৰিব: ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড সন্দৰ্ভত ডিজিপিৰ আশ্বাস - Dhakuakhana murder case

সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

সুনীল গগৈ জীয়াই আছে ! পত্নীক বৈধব্যৰ সাজ এৰিবলৈ আহ্বান সংযুক্তা পৰাশৰৰ - DHAKUAKHANA MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.