ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সৈতে চুমীৰ আছে ধুনীয়া ফটো : ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য - APCC president Bhupen Bora

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 7:09 AM IST

Bhupen Bora Slams CM : ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ পৰা চুমী বৰালৈ... ভূপেন বৰাই দিলে আৰক্ষীৰ ব্যৰ্থতাৰ তালিকা । “এতিয়া চুমী বৰাক ধৰিব নোৱাৰে ৷ ধৰিব নোৱাৰে নে নধৰে ? নে ধৰিবলৈ গ’লে নিজৰ হাত জ্বলিব ! কেঁচু খান্দোতে সাপ ওলাব ৷” বিস্ফোৰক মন্তব্য ভূপেন বৰাৰ ।

Bhupen Bora Slams CM
মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : ৰাকেশ পালৰ ভাতৃৰ পৰা আৰম্ভ কৰি সুনীল গগৈলেকে ৷ কাক কাক অসম আৰক্ষীয়ে ধৰিব পৰা নাই ? তাৰ এখন চমু তালিকা দি বিস্ফোৰণ ঘটাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰীৰ সৈতে চুমী বৰাৰ ধুনীয়া ফটো থকাৰ অভিযোগ তুলি তেওঁৰ মন্তব্য যে চুমী বৰাক এতিয়া ধৰিব নোৱাৰে ।

সংবাদমেলত মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

ট্ৰেডিঙৰ নামত হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত পলাতক চুমী বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে ধৰিব নোৱৰা প্ৰসংগত শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভূপেন বৰা ৷

“যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তি আৰু দুৰ্নীতিৰ কথা এটা ওলাই যায়, তেতিয়া অন্য এটা বিষয় ওলায় । যেতিয়া কাজিৰঙাৰ ৰিজ'ৰ্টৰ কথা ওলায়, তেতিয়া অন্য এটা ইছ্যু ওলাই যায় । সেইটো কথাত মুখ্যমন্ত্ৰীয়ে আগভাগ লয় । এতিয়া নতুনকৈ মাজুলীত ১৮ বিঘা মাটিৰ কথাটো ওলালে ৷ আপোনালোকক মই এনে বিষয়ৰ কেলেণ্ডাৰ দি দিম । যেতিয়া মুখ্যমন্ত্ৰীয়ে বা তেঁওৰ পৰিয়ালে নতুন সম্পত্তি এটা আহৰণ কৰে, তেতিয়া হাতত পৰা ইছ্যু এটা আগুৱাই দিয়ে । তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে নহয়, ফেমিলীৰ সুৰক্ষাহে দি আছে ৷ ফেমিলীৰহে ছেফ গাৰ্ড দি আছে ৷” এই মন্তব্য ভূপেন বৰাৰ ।

  • চুমী বৰাক ধৰিব নোৱাৰে, ধৰিলে হাত জ্বলিব

"বিশাল ফুকন-কাণ্ডৰ অন্যতম অভিযুক্ত চুমী বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে ।" এই মন্তব্য ভূপেন বৰাৰ । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ মন্তব্য, “ফটো কাৰ কাৰ লগত ওলাইছে চুমী বৰাৰ ? আপোনালোকে চাব ৷ মুখ্যমন্ত্ৰীৰ লগত ধুনীয়া ফটো ওলাইছে । মুখ্যমন্ত্ৰীয়ে এক কোটি টকাৰ চেক লৈ থকা ফটো আছে ।”

অৱশ্যে মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰিলেও ভূপেন বৰাই উল্লেখ কৰা নাই কাৰো নাম । সেয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী নে কোনো প্ৰাক্তন মুখ্যমন্ত্ৰী সেয়াও স্পষ্ট কৰি দিয়া নাই ভূপেন বৰাই । এক কোটি টকাৰ চেক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নে আন কিবা কাৰণত দিছিল সেয়াও স্পষ্ট কৰা নাই কংগ্ৰেছ নেতাগৰাকীয়ে ।

“এতিয়া চুমী বৰাক ধৰিব নোৱাৰে ৷ ধৰিব নোৱাৰে নে নধৰে ? নে ধৰিবলৈ গ’লে নিজৰ হাত জ্বলিব ! কেঁচু খান্দোতে সাপ ওলাব ৷” এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ।

চুমী বৰা আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰিব নোৱৰা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক উদ্দেশ্যি ভূপেন বৰাই কয়, “কেৱল চুমী বৰা বা তাৰ্কিক বৰাই নহয় । বহুকেইজনক ধৰিব পৰা নাই ৷ ধৰিব পৰা নাই নে ধৰা নাই ! নে ধৰিবলৈ চেষ্টা কৰা নাই ? নে ধৰিবলৈ আন্তৰিকতা নাই, নে আন কিবা কাৰণ আছে ? ৰাজীৱ পাল ৷ এ পি এছ চি কেলেংকাৰীৰ আচল কিং পিন । নেপালত ৰাজীৱ পাল আছে বুলি সকলোৱে জানে ৷ তেওঁক এৰেষ্ট কৰিলেই এ পি এছ চি কেলেংকাৰীৰ বহু কথা ফাদিল হৈ পৰিব । কিন্তু এৰেষ্ট হোৱা নাই ।”

উল্লেখ্য যে, এ পি এছ চি কেলেংকাৰীৰ মূল দুৰ্নীতিগ্ৰস্ত ৰাকেশ পালৰ ভাতৃ ক’ত হেৰাল কোনেও নাজানে । ৰাকেশ পালৰ ভাতৃ বিগত প্ৰায় সাত বছৰ অসমৰ পৰা বতাহত মিলি যোৱাৰ দৰে নাইকিয়া হৈ গ’ল ৷ আজিকোপতি অসম আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াব পৰা নাই ৷ ইযাৰ উপৰি ভূপেন বৰাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰা কেইবাজনৰো প্ৰসংগ উত্থাপন কৰে ৷

তাৰ ভিতৰত নাম ল’লে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈ পলাতক ঘোষিত হোৱা মৃদুপৱন নেওগ । ৭০০০ কোটি টকা কেলেংকাৰীৰ দীপাংকৰ বৰ্মন, ঢকুৱাখনা-কাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী সুনীল গগৈক গ্ৰেপ্তাৰ কৰিব নোৱৰাৰ প্ৰসংগও উত্থাপন কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক :অনলাইন ট্ৰেডিং কেলেংকাৰী: লুৰীণজ্য়োতি গগৈয়ে সন্দেহ কৰা মুখ্য়মন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীগৰাকী কোন ? - Online Trading scam
লগতে পঢ়ক :বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.