ETV Bharat / state

চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 11:03 PM IST

Kamakhya Devalaya : এইবেলি কামাখ্যালৈ আগমন ঘটিছে চকলেট বাবা, স্পৰ্শ বাবা, ৰুদ্ৰাক্ষ বাবাৰ দৰে ভিন্নৰূপী সাধু-সন্নাসীৰ ৷ ইয়াৰে মাজৰ চকলেট বাবাই প্ৰতিবছৰে অম্বুবাচী মেলালৈ আহে মা কামাখ্যাৰ আশিস ল’বলৈ ৷ চাওক বিতং খবৰ ...

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী, 23 জুন: নীলাচল পাহাৰৰ বুকুত এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা ৷ দেওবাৰে মা কামাখ্যা দেৱালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন ৷ যাৰ বাবে ইতিমধ্যে ভক্তগণে ভিৰ কৰিছেহি কামাখ্যা দেৱালয়ৰ প্ৰাংগণত ৷ দেশ-বিদেশৰ সাধু সন্নাসীৰে ভৰি পৰিছেহি মা কামাখ্যাৰ মন্দিৰ প্ৰাংগণ ৷ প্ৰতিগৰাকী সাধুৱে নিজৰ নিজৰ বৈশিষ্ট্যৰে ভক্তক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই (Etv Bharat)

এইবেলি কামাখ্যালৈ আগমন ঘটিছে চকলেট বাবা, স্পৰ্শ বাবা, ৰুদ্ৰাক্ষ বাবাৰ দৰে ভিন্নৰূপী সাধু-সন্নাসীৰ ৷ ইয়াৰে মাজৰ চকলেট বাবাই প্ৰতিবছৰে অম্বুবাচী মেলালৈ আহে মা কামাখ্যাৰ আশিস ল’বলৈ ৷ বাবাই ইটিভি ভাৰতৰ সাংবাদিক দীপাঞ্জলী শৰ্মাৰ আগত সদৰী কৰা অনুসৰি, ভাৰতৰ 51 খন শক্তিপীঠৰ অন্যতম হৈছে মা কামাখ্যা দেৱালয় ৷ গতিকে অম্বুবাচী মেলালৈ আহি মাক একান্তমনে আৰাধনা কৰিলে 51 খন শক্তিপীঠৰ ফল বা আশীৰ্বাদ এবাৰতে লাভ কৰিব পাৰি ৷ সেয়ে চকলেট বাবা প্ৰতিবাৰেই অম্বুবাচীৰ সময়ত ঢাপলি মেলে মা কামাখ্যা দেৱালয়লৈ ৷ চকলেট বাবাই মেলালৈ অহা ভক্তসকলৰ মাজতো বিতৰণ কৰে চকলেট ৷

চকলেট বাবাৰ দৰেই এই মহা অম্বুবাচী মেলালৈ আহিছে ৰুদ্ৰাক্ষ বাবা, স্পৰ্শ বাবা, নগা বাবা, অঘৰী বাবা, কিন্নৰ বাবা আদি ৷ প্ৰখৰ ৰ’দকো নেওচি ভক্তগণ উপস্থিত হৈছে মাৰ মন্দিৰ প্ৰাংগণত ৷ চকলেট বাবাই মা কামাখ্যাৰ মহত্ব বৰ্ণনা কৰি কয় যে, ভাৰতবৰ্ষত অতিথি দেৱো ভৱঃ ক সাৰোগত কৰি অতিথিক সেৱা-শুশ্ৰুষা কৰা হয় ৷ সেয়ে মন্দিৰলৈ অহা ভক্তসকলক চকলেট দি আদৰিছে চকলেট বাবাই ৷

লগতে পঢ়ক: বহু প্ৰতিক্ষিত অম্বুবাচী মেলাৰ আনুষ্ঠানিক উদ্বোধন - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.