ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক কেন্দ্ৰ কৰি চলা অপপ্ৰচাৰৰ বিৰুদ্ধে স্থিতি স্পষ্ট অধীক্ষকৰ - Jorhat Medical College Hospital

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 2:07 PM IST

JMCH superintendent Press Meet: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক লৈ কোনে চলালে অপপ্ৰচাৰ ? এই সন্দৰ্ভত কি ক'লে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকে ? চাওক বিতং খবৰ ...

JMCH superintendent
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV BHARAT ASSAM)

যোৰহাট, ২৫ জুন : যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি ১০ বছৰীয়া শিশুক কোনো দুষ্টচক্ৰই অপহৰণ কৰি মৰ্গত লুকুৱাই ৰখা বুলি চলা অপপ্ৰচাৰ সন্দৰ্ভত মুখ খুলিলে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে । মঙলবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকগৰাকীয়ে এক সংবাদমেলত এই বিষয়ে স্থিতি স্পষ্ট কৰি কয়, "এয়া সম্পূৰ্ণ অসত্য আৰু অপপ্ৰচাৰ । শিশুটি মৰ্গত নাছিল, আছিল বহিঃৰোগ বিভাগৰ কক্ষতহে" ৷

এটি শিশুক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত লুকুৱাই থৈছিল বুলি যি অপপ্ৰচাৰ চলিছিল, সেয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালক দুৰ্নাম কৰিবলৈহে কৰিছে । অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে অৱশ্য়ে আওপকীয়াকৈ কয় যে, কোনো চিনাকী মানুহে শিশুটিক মহাবিদ্যালয়খনৰ উক্ত কক্ষত ৰাখি মহাবিদ্যালয়খনৰ অপপ্ৰচাৰত লিপ্ত হৈছে । এনেধৰণৰ অপপ্ৰচাৰে যোৰহাট মহাবিদ্যালয়ৰ চিকিৎসা সম্পৰ্কীয় কাম-কাজ আৰু মহাবিদ্যালয়খনৰ উন্নয়নত বাধাহে সৃষ্টি কৰিব বুলি কয় অধীক্ষকগৰাকীয়ে ।

তেওঁ কয় যে, এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছে । লগতে যোৰহাট জিলা আয়ুক্তকো এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি কয় অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে । ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ক লৈ চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে এক উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে ।

লগতে পঢ়ক: যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটি শিশুৰ মৃত্যুৰ কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ - CHILDS DEATH AT JMCH

ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰিছে অধীক্ষকগৰাকীয়ে । এইক্ষেত্ৰত কিছু কঠোৰ নিয়ম প্ৰয়োগ কৰাৰ কথা উল্লেখ কৰে অধীক্ষক মানৱ গোঁহাইয়ে । উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটি শিশু অপহৰণ কৰি ৰখা বুলি যি অপ্ৰপচাৰ চলিছিল সেই সমস্ত ঘটনাৰ আঁৰৰ মূল কাহিনী হাস্পতালৰ চিচিটিভি কেমেৰাত আৱদ্ধ হৈ থকা বুলিও তেওঁ কয় ।

লগতে পঢ়ক: MBBS চূড়ান্ত পৰীক্ষাত উজলিল জে এম চি এইচ - Assam Mbbs Final Exam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.